NORTHEAST NOW (Assamese)

ছয় মাহৰ অন্তত খুলিল শিক্ষানুষ্ঠান; সীমিত সংখ্যক ছাত্ৰ-ছাত্ৰীৰে শিৱসাগৰৰ বিদ্যালয়ত পাঠদান আৰম্ভ

September 21, 2020 1:29 pm · পার্শ্বজোতি গগৈ
শিৱসাগৰত বিদ্যালয়ত পাঠদান আৰম্ভ। ফটো: নৰ্থইষ্ট নাও

অৱশেষত বহু প্ৰত্যাশাৰ অন্ত পৰিল! ৰাজ্যত ৬ মাহে বন্ধ হৈ থকা বিদ্যালয়-মহাবিদ্যালয়সমুহ আজিৰে পৰা খুলিল।

চৰকাৰী নিৰ্দেশ মতে শিক্ষানুষ্ঠানসমুহে চৰকাৰী নীতি-নিৰ্দেশনা মানি আজিৰে পৰা আৰম্ভ কৰিছে পাঠদান।

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰৰ বিদ্যালয়সমুহতো আজিৰে পৰা আৰম্ভ হ’ল পাঠদান। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে দুটা ভাগত আৰম্ভ হৈছে পাঠদান প্ৰক্ৰিয়া।

ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সীমিত যদিও ছয় মাহৰ অন্তত এক নতুন ৰূপত দেখা গৈছে পাঠদান প্ৰক্ৰিয়া।

বিদ্যালয়ত প্ৰৱেশ কৰাৰ সময়ত শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক থাৰ্মটেষ্ট, হাত চেনিটাইজাৰ কৰি আৰু মুখত মাস্ক পৰিধান কৰি বিদ্যালয়ত প্ৰৱেশ কৰিবলৈ দিয়াৰ লগতে শ্ৰেণী কোঠাত সামাজিক দূৰত্ব মানি পাঠদান আৰম্ভ কৰা দেখা গৈছে।

আনহাতে, শিৱসাগৰৰ প্ৰায় ১৫৭ খন বিদ্যালয়ত আজিৰে পৰা আৰম্ভ হৈছে পাঠদান।

শিৱসাগৰত ছয়মাহ পাছত বিদ্যালয়লৈ আহিছে শিক্ষাৰ্থী। ফটো: নৰ্থইষ্ট নাও

চৰকাৰী নিৰ্দেশনা মতে নৱম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান সোমবাৰ বুধবাৰ আৰু শুকুৰবাৰে তথা দশম আৰু একাদশ শ্ৰেণীৰ পাঠদান মংগল, বৃহস্পতি আৰু শনিবাৰে কৰা হব।

এই পাঠদান প্ৰক্ৰিয়াত ৫০ শতাংশ শিক্ষক-শিক্ষয়ত্ৰী উপস্থিত থকাৰ লগতে ২০ গৰাকী ছাত্ৰ-ছাত্ৰীহে উপস্থিত থাকিব পাৰিব বুলি ৰাজ্য চৰকাৰে নিৰ্দেশ দিছে।

অভিভাৱকৰ অনুমতি পত্ৰ অনা ছাত্ৰ-ছাত্ৰীকহে বিদ্যালয়ত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে।

ছয় মাহৰ মূৰত বিদ্যালয়লৈ আহি পাঠদান কৰিবলৈ পাই উৎফুল্লিত হৈ পৰা দেখা গৈছে শিক্ষক-শিক্ষয়ত্ৰী তথা ছাত্ৰ-ছাত্ৰী সকলক।

Related News