অৱশেষত বিজ্ঞানীসকলে বিচাৰি পালে হেৰাই যোৱা সেই অষ্টম “মহাদেশ”ৰ সন্ধান!

প্ৰায় ৮.৩ কোটি বছৰ আগতে পৃথিৱীত এখন বিশাল মহাদেশ আছিল। যাৰ মাটিভাগ এটা সময়ত ভাঙি গৈছিল। টুকুৰা টুকুৰ হৈ গঠন হয় নতুন মহাদেশ। সেই সময়তে সৃষ্টি হৈছিল জিলেণ্ডিয়া।

সাত মহাদেশৰ বাহিৰেও পৃথিৱীত এক সুকীয়া ভূখণ্ড আছিল। নাম জিলেণ্ডিয়া। কিন্তু অষ্টম ‘মহাদেশ’ বহুদিন চকুৰ সন্মুখৰ পৰা অন্তৰ্ধান হৈ আছিল। অৱশেষত বিজ্ঞানীসকলে ইয়াক বিচাৰি পালে।

প্ৰথমবাৰৰ বাবে অঁকা হৈছে বিশ্বৰ অষ্টম মহাদেশৰ মানচিত্ৰ। এই অষ্টম ‘মহাদেশে’ পৃথিৱীখনৰ কিমানখিনি আৱৰি আছিল সেয়া জনা গৈছে।

লগতে পঢ়কঃ ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃস্বৰূপ, প্ৰখ্যাত কৃষি বিজ্ঞানী এম এছ স্বামীনাথনৰ দেহাৱসান

বিজ্ঞানীসকলে পৰীক্ষা কৰি পাইছে যে এই অষ্টম মহাদেশৰ বয়স কমেও ১০০ কোটি বছৰ হব। কিন্তু প্ৰাকৃতিক কাৰণত এই মহাদেশখন কোনো এটা সময়ত পানীৰ তললৈ গুচি গৈছিল। মাত্ৰ কেইটামান দ্বীপহে দেখা যায়। ইয়াৰে এটা হ’ল নিউজিলেণ্ড। চাৰিওফালে একে আকৃতিৰ আন কিছুমান দ্বীপো আছে। কিন্তু সেয়া সেই মহাদেশৰ মাত্ৰ ৬ শতাংশহে। বাকী ৯৪ শতাংশই পানীৰ তলত ডুব গৈছে।

৩৭৫ বছৰ আগতে এজন ডাচ নাৱিকে এই মহাদেশৰ বিষয়ে কৈছিল। সেয়া আছিল ১৬৪২ খ্ৰীষ্টাব্দৰ কথা। তাৰ পিছত ২০১৭ চনত ভূতত্ত্ববিদসকলে জিলেণ্ডিয়া আৱিষ্কাৰ কৰে। তাৰ পিছত আৰু ছয় বছৰ পাৰ হৈ গ’ল। অৱশেষত বিজ্ঞানীসকলে জিলেণ্ডিয়াৰ সীমা আঁকিবলৈ সক্ষম হ’ল।

বিবিচিৰ তথ্য অনুসৰি এই মহাদেশখন প্ৰায় ৫০ লাখ বৰ্গ কিলোমিটাৰত বিস্তৃত। যাৰ আন এটা নাম হৈছে টে ৰেউয়া মাউই।

লগতে পঢ়কঃকন্যাৰ বিয়াৰ বাবে বেংকৰ লকাৰত ৰাখিছিল মাতৃয়ে; উঁই পোকে খাই পেলালে গোটেই ১৮ লাখ টকা

Phys.org নামৰ সংবাদ সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি জিলেণ্ডিয়াৰ নতুন মানচিত্ৰখনৰ সবিশেষ টেকটনিকছ নামৰ এখন আলোচনীত প্ৰকাশ পাইছে। সম্প্ৰতি বিজ্ঞানীসকলে সাগৰৰ তলত থকা জিলেণ্ডিয়াৰ শিলবোৰ খনন কৰি  প্ৰাচীন ইতিহাস জানিবলৈ চেষ্টা কৰিছে।