উলংগ হৈ লোকজনে কৰি আছিল ছানবাথ, হঠাতে চৰাইৰ কণী বুলি ভুল কৰি অণ্ডকোষ ছিঙি লৈ গ’ল ছিগাল চৰায়ে!

এক কেতিয়াও ভাবিব নোৱাৰা ঘটনাৰ সন্মুখীন হ’ল ব্ৰিটেইনৰ এজন লোক। নিজৰ ঘৰৰ বাগিচাত আৰামেৰে উলংগ হৈ ছানবাথ কৰি আছিল তেওঁ। কিন্তু হঠাতে ঘটি গ’ল কেতিয়াও নভবা বিপদটো। হঠাতে এটা ছিগাল চৰায়ে আকাশৰ পৰা তললৈ নামি আহি লোক জনৰ সোঁফালৰ অণ্ডকোষটো ছিঙি লৈ যায়।

ঘটনাৰ আকস্মিকতাত হতভম্ব হৈ পৰা লোকজনে যন্ত্ৰণাত চিৎকাৰ কৰিবলৈ ধৰে। তেজেৰে ৰাঙলী হৈ পৰে লোক জনৰ দেহ। ঘটনাটো ঘটিছে ব্ৰিটেইনৰ ইপচউইচত।

লোক জনে তেওঁৰ ঘৰৰ পিছফালৰ বাগিচাত উলংগ হৈ ছানবাথ কৰিছিল। কিন্তু তেনেতে এটা ছিগাল চৰায়ে চৰাইৰ কণী বুলি ভুল কৰি লোকজনৰ অণ্ডকোষটো চিঙি লৈ যায়।

লোক জনৰ অৱশ্যে নাম প্ৰকাশৰ পৰা বিৰত আছে ইপচউইচৰ প্ৰশাসন।প্ৰশাসনৰ এগৰাকী বিষয়াই কয় যে তেওঁ যন্ত্ৰণাত চিঞৰি আছিল আৰু সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়লৈ নিয়া হৈছিল।

লোক জনৰ পত্নীয়ে লগে লগে এম্বুলেন্স মাতিছিল আৰু ইপচউইচৰ চিকিৎসালয়ৰ দুৰ্ঘটনা আৰু জৰুৰীকালীন বিভাগলৈ লৈ গৈছিল। চিকিৎসকে লোকজনৰ আগাত গুৰুতৰ নহয় বুলি মন্তব্য কৰাৰ লগতে সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ তেওঁক এণ্টিবায়টিকৰ এটা কোৰ্ছ দিয়ে।

চিকিৎসালয়ৰ এটা সূত্ৰই এইদৰে কয় : “যেতিয়া আহত লোকজনক অনা হৈছিল তেতিয়া কথাষাৰ কোনেও বিশ্বাস কৰিব পৰা নাছিল। তেওঁৰ যথেষ্ট তেজ গৈছিল , কিন্তু কেইসপ্তাহমানৰ ভিতৰতে তেওঁ সুস্থ অনুভৱ কৰিব।”

তেওঁৰ অৱশিষ্ট অণ্ডকোষৰ সহায়ত সন্তান জন্ম দিবলৈ সক্ষম হ’ব বুলিও চিকিৎসকে প্ৰকাশ কৰিছে। ঘটনাটোৰ পিছতে ৱাচ ইণ্টাৰনেচনেলৰ এজন মুখপাত্ৰই কয় যে ছিগালবোৰে প্ৰায়ে সৰু চৰাইৰ কণী খায়।সেয়ে চৰাইৰ কণী বুলিয়েই ছিগালটোৱে ভুল কৰিলে।