NORTHEAST NOW (Assamese)

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ ঘোষণা: বাহনত ভ্ৰমণ কৰা প্ৰতিজন যাত্ৰীৰ বাবে বাধ্যতামূলক হ’ব চিটবেল্ট

September 7, 2022 8:43 am · এন ই নাও নিউজ, গুৱাহাটী

যোৱা ৪ ছেপ্টেম্বৰত টাটা ছন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ এক পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছতে যাত্ৰীৰ পথ সুৰক্ষাক লৈ তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় পথ পৰিবহণ। যাত্ৰীৰ সুৰক্ষাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীগৰাকীয়ে মঙলবাৰে এক নতুন নিয়ম ঘোষণা কৰিছে।

এই নতুন নিয়ম অনুসৰি দেশত শীঘ্ৰেই এখন বাহনত থকা সকলো যাত্ৰীৰ বাবে চিটবেল্ট বাধ্যতামূলক কৰা হ’ব।

পূৰ্বে বাহনৰ চালকৰ লগতে সন্মুখত বহা যাত্ৰীগৰাকীৰ বাবে চিটবেল্ট বাধ্যতামূলক আছিল যদিও নতুন নিয়ম মতে এতিয়া পিছৰ আসনত থকা যাত্ৰীসকলেও বাধ্যতামূলকভাৱে চিটবেল্ট পিন্ধিব লাগিব।

এই নিয়ম উলংঘা কৰিলে যাত্ৰীসকলক জৰিমনা বিহা হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে ঘোষণা কৰে। লগতে এই নতুন নিয়ম আগন্তুক তিনি দিনৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

মঙ্গলবাৰে এক সংবাদ প্ৰতিষ্ঠানৰ অনুষ্ঠানত এই নিয়মৰ কথা ঘোষণা কৰি গাডকাৰীয়ে কয়, “চাইৰাছ মিস্ত্ৰীৰ মৃত্যুৰ পিছত আজি চৰকাৰে যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে এক ডাঙৰ সিদ্ধান্ত লৈছে। এতিয়াৰ পৰা পিছৰ চিটৰ যাত্ৰীৰ বাবেও চিট বেল্ট বাধ্যতামূলক কৰা হ’ব।”

এই সন্দৰ্ভত তিনি-চাৰিদিনৰ ভিতৰতে এক খচৰা অধিসূচনা জাৰি কৰা হ’ব বুলিও নীতিন গাডকাৰীয়ে লগতে উল্লেখ কৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে চাইৰাছ মিস্ত্ৰীৰ মৃত্যুৰ পিছতে সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গাড়ী নিৰ্মাতা কোম্পানী সমূহক ভাৰতত বিক্ৰী হোৱা সকলো গাড়ীৰ বাবে ছয়টা এয়াৰবেগ বাধ্যতামূলক কৰিবলৈ নিৰ্দেশ দিছিল।

Related News