NORTHEAST NOW (Assamese)

আৰম্ভ হ’লেই ‘ছেবাৰ কাণ্ড’! মেট্ৰিক পৰীক্ষাৰ সূচী প্ৰকাশৰ এদিন পিছতে সালসলনি

December 21, 2018 7:14 pm · এন ই নাও নিউজ
Updated: December 21, 2018 8:21 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

অহা ১৪ ফেব্ৰুৱাৰি, ২০১৯ তাৰিখৰ পৰা অনুষ্ঠিত হ’ব লগীয়া আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সূচী প্ৰকাশ কৰাৰ এদিন পিছতে অসম মাধ্যমিক শিক্ষা পৰিষদ, চমুকৈ ছেবাই আজি  সেই তালিকাত সালসলনি ঘটাইছে। এই সালসলনি অনুসৰি পূৰ্বৰ সূচীমতে, ২৬ ফেব্ৰুৱাৰিত অনুষ্ঠিত হ’ব লগীয়া অসমীয়া বিষয়ৰ পৰীক্ষা নতুন সূচীমতে ৬ মাৰ্চত অনুষ্ঠিত হ’ব। বাকীবোৰ বিষয়ৰ পৰীক্ষাৰ দিন এতিয়ালৈকে সলনি কৰা নাই।

অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে নৰ্থ-ইষ্ট নাওক জনোৱামতে, বিষয়বোৰৰ পৰীক্ষাৰ মাজত বিৰতি দিবৰ বাবেই এই সালসলনি কৰা হৈছে। তাৰ বাদে আন কোনো কাৰণ নাই।

আনহাতে অসম মাধ্যমিক শিক্ষা পৰিষদৰ এই সিদ্ধান্তত ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা সচেতন লোকসকলে আশ্চৰ্য্য প্ৰকাশ কৰিছে। কাৰণ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সূচী প্ৰকাশ এটা বহু চিন্তা-বিশ্লেষণ আৰু আলোচনাৰ মাজেৰে সম্পন্ন এটা প্ৰক্ৰিয়া। তাৰ পিছতো সূচী প্ৰকাশৰ এদিন পিছতে মাত্ৰ বিৰতি দিবলৈ থাকি যোৱাৰ অজুহাতত পৰীক্ষাৰ দিন সলনিয়ে প্ৰক্ৰিয়াটোৰ দায়িত্বত থকা লোকসকলৰ দায়বদ্ধতাক লৈ প্ৰশ্নচিহ্নৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কিছু আগতীয়াকৈ ১৪ ফেব্ৰুৱাৰিৰ পৰা ২ মাৰ্চলৈকে অনুষ্ঠিত হ’ব বুলি সেইমতে সূচী প্ৰকাশ কৰিছিল ছেবাই। এতিয়া যদিহে পুনৰ সালসলনি নহয়, তেতিয়া হ’লে অহা ২ মাৰ্চৰ পৰিৱৰ্তে ৬ মাৰ্চলৈকে চলিব এই পৰীক্ষা।

এই সালসলনিৰ পিছৰ পৰীক্ষাৰ সম্পূৰ্ণ সূচীখন তলত দিয়াৰ দৰে হ’ব-

  1.   ১৪ ফেব্ৰুৱাৰি আগবেলা ইংৰাজী
  2.   ১৬ ফেব্ৰুৱাৰি আগবেলা অসমীয়া ঐচ্ছিক
  3.   ১৮ ফেব্ৰুৱাৰি সোমবাৰ সমাজ বিজ্ঞান
  4.   ২২ ফেব্ৰুৱাৰি আগবেলা সাধাৰণ গণিত
  5.   ২৩ ফেব্ৰুৱাৰি আগবেলা সুকুমাৰ কলা            পিছবেলা সংগীত, নৃত্য
  6.   ২৫ ফেব্ৰুৱাৰি আগবেলা সাধাৰণ বিজ্ঞান
  7.   ২৮ ফেব্ৰুৱাৰি আগবেলা হিন্দী (ঐচ্ছিক)/ আৰৱী সাহিত্য
  8.   ১ মাৰ্চ আগবেলা মণিপুৰী/বড়ো/সানন্থালী (ঐচ্ছিক)
  9.   ২ মাৰ্চ আগবেলা বুৰঞ্জী, ভূগোল, কম্পিউটাৰ বিজ্ঞান, উচ্চ গণিত, সংস্কৃত, আৰবী, গাৰ্হস্থ্য বিজ্ঞান, নেপালী, বেংগলী    (ঐচ্ছিক)
  10.   ৬ মাৰ্চ আগবেলা এম আই এল/ ইংৰাজী (আই এল)

Related News