জন্মৰ দিনতে গুৱাহাটীস্থিত নিজ ঘৰত “আত্মহত্যা” কৰা কংগ্ৰেছ নেতা, ব্যৱসায়ী অনুপম বৰদলৈৰ “ছুইছাইদ ন’ট”ত জুবিন গাৰ্গৰ নাম থকা বুলি শেহতীয়াকৈ চলা চৰ্চাৰ মাজতে প্ৰশ্ন উঠিছে কিয় বাৰেপতি বিতৰ্কত পৰে অসমৰ গায়ক-গায়িকাসকল?
খুটাত বগোৱা, মঞ্চত বন্দুক প্ৰদৰ্শন, সেনাৰ টুপী পিন্ধা আদি অলেখ ঘটনাৰে জনপ্ৰিয় শিল্পী গাৰ্গ বিভিন্ন সময়ত বিতৰ্কৰ কেন্দ্ৰবিন্দু হোৱাৰ কথা সৰ্বজনবিদিত। তাৰ বিপৰীতে “আত্মহত্যাকাৰী” বৰদলৈৰ পত্নী চিন্ময়ী বৰদলৈয়ো আকৌ কাকতালীয়ভাৱে গায়িকা।
অসমৰ আনজন সৰ্বাধিক জনপ্ৰিয় গায়ক, বলিউদতো প্ৰসিদ্ধি লাভ কৰা অংগৰাগ মহন্তই আকৌ “চুম্বন বিতৰ্ক”ত সৰ্বভাৰতীয় জনপ্ৰিয় ৰিয়েলিতি শ্ব’ এটাৰ পৰা বিদায় ল’ব লগাত পৰিছিল। বৰ্তমান বিচাৰাধীন উক্ত বিতৰ্কৰ পিছতে মহন্তই সঘন ৰাজহুৱা দৃশ্যপটৰ পৰা প্ৰায় আঁতৰি যোৱাটো সকলোৱে লক্ষ্য কৰিছে।
একালৰ জনপ্ৰিয় গায়ক তথা ভূপেন হাজৰিকাৰ এচোৱা সময়ৰ সংগী সদানন্দ গগৈ কুখ্যাত সাৰধা কেলেংকাৰি গোচৰত ক’লকাতাৰ জে’লত দীৰ্ঘদিন বন্দী হৈ থকাৰ পিছত কিছুমাহ পূৰ্বেহে মুক্তি লাভ কৰিছে।
লগতে পঢ়ক– জুবিনৰ নাম কিয়? ‘চুইছাইদ’ ন’টৰ বাতৰিত ব্যাপক প্ৰতিক্ৰিয়া
জনপ্ৰিয় গায়ক, পৰিচালক মানস ৰবীন আৰু সীমান্ত শেখৰৰ মাজত আকৌ এবাৰ উখনা-উখনি হৈছিল গীতৰ সুৰ চুৰিক লৈ। ৰবীনে তোলা অভিযোগ অস্বীকাৰ কৰিছিল শিখৰে।
“নাযাবা নাযাবা সোণ মোকে এৰি থৈ…” গীতেৰে এসময়ত অসমৰ গাওঁ-ভূঁই, নগৰে-চহৰে খলকনি তোলা কুমাৰ ভৱেশো “ঘৰুৱা হিংসা”ত অভিযুক্ত হোৱাৰ লগতে মঞ্চত আশোভনীয় পৰিস্থিতি সৃষ্টিৰ বাবে সমালোচিত হৈছিল।
এগৰাকী যুৱতীৰ মৃত্যুক লৈ এবাৰ বিতৰ্কৰ চাকনৈয়াত আহি পৰিছিল “চল গ’ৰী”খ্যাত কৃষ্ণমণি চুতীয়া। গায়কজন অৱশ্যে দোষী সাব্যস্ত হোৱা নাছিল।
পৰস্পৰক সাঙুৰি সৃষ্টি কৰা বিতৰ্কৰে কিছুদিন অসমৰ টিভি চেনেলৰ পৰ্দা গৰম কৰি ৰাখিছিল আন দুগৰাকী গায়ক-গায়িকা ভৃগু কাশ্যপ আৰু প্ৰিয়ংকা ভৰালীয়ে।
“হেৰি হেৰি…তোৰে হেৰিখন দেখা নাই” শীৰ্ষক এটি গীতৰ সৃষ্টিক লৈ অধুনালুপ্ত এগৰাকী গায়কৰ বিৰুদ্ধে গোচৰ পৰ্য্যন্ত ৰুজু হৈছিল গুৱাহাটীত।
কিয় বাৰেপতি বিতৰ্কত পৰে অসমৰ গায়ক-গায়িকাসকল?