বিশ্বৰ দ্বিতীয়খন হস্তী-বান্ধৱ চাহ বাগান হিচাপে পৰিগণিত দাৰ্জিলিঙৰ নক্সালবাৰী চাহ বাগান

elephant-pic-570x320

ওদালগুৰিত থকা টেনজিং বডোছাৰ চাহ বাগিচাখন বিশ্বৰ প্ৰথমখন হস্তী বান্ধৱ চাহ বাগান হিচাপে পৰিগণিত হোৱাৰ পাছত এইবাৰ দাৰ্জিলিঙৰ এখন চাহ বাগান এই প্ৰমাণপত্ৰ লাভ কৰা দ্বিতীয়খন চাহ বাগান হিচাপে পৰিগণিত হৈছে।

‘দ্য টেলিগ্ৰাফ’ কাকতত প্ৰকাশিত এটা প্ৰতিৱেদন অনুসৰি, প্ৰমাণপত্ৰিত হস্তী-বান্ধৱ চাহ বাগানসমূহত হাতীৰ আবাসিক এলেকা আৰু জল সম্পদৰ ৰক্ষণাৱেক্ষণ কৰা, হাতী-মানৱ সংঘাত হ্ৰাস কৰা,  হাতী আৱাসিক এলেকাৰ মাজত থকা বাধা হ্ৰাস কৰা, ফেঞ্চিং আৰু বিদ্যুৎ পৰিবাহী তাঁৰৰ পৰা হাতী বিদ্যুৎস্পৃষ্ট হোৱাতো ৰোধ কৰা আৰু জমা হোৱা জল নিস্কাষণ নৰ্দমাৰ সমস্যা হ্ৰাস কৰা।

প্ৰতিৱেদনটোত পুনৰ কোৱা হৈছে যে এই উদ্যোগটো হৈছে ৱাইল্ড লাইফ ফ্ৰেইণ্ডলি নেটৱৰ্ক আৰু আমেৰিকাৰ য়ুনিভাৰ্ছিটি অব মণ্টানাৰ সযোগিতামূলক প্ৰয়াসৰ ফল। মঙলবাৰে নুকসালবাৰী চাহ বাগানৰ সঞ্চালক ছোনিয়া জব্বৰে কৈছে, ‘’আমি টেনজিঙে আৰম্ভ কৰাৰ ৬ বছৰ পূৰ্বে আমাৰ কাম-কাজ আৰম্ভ কৰিছিলোঁ। মাত্ৰ আমাৰ স্বীকৃতিত বিলম্ব হৈছে। আমাক স্বীকৃতি দিয়ক বা নিদিয়ক আমি আমাৰ কাম কৰি গলোঁহেতেন।

উল্লেখ্য যে বেংগলৰ দাৰ্জিলিং জিলাৰ নক্সালবাৰী চাহ বাগান হৈছে ১,২০০ একৰ বিস্তৃত সম্পূৰ্ণভাৱে মহিলাৰ মালিকানাধীন আৰু পৰিচালিত এখন চাহ বাগান। ছোনিয়াই কৈছে, ‘’হাতী হৈছে জীৱন্ত বোধিসত্ব। আমি মানুহে সিহঁতৰ পৰা বহু কথা শিকিব পাৰোঁ। শক্তিশালী আৰু আকাৰত বৃহৎ হোৱা সত্তেও আৰু আমি সিহঁতৰ জংগল আমি কাঢ়ি অনা সত্তেও, সিহঁতক জোকোৱা, হাৰাশাস্তি কৰা আনকি হত্য কৰা সত্তেও সিহঁতে শান্ত হৈ থাকিবলৈ বিচাৰে। আমাৰ কৰ্তব্য হৈছে এইখন সুন্দৰ পৃথিৱীত এই দৈত্যকায় ভদ্ৰলোকৰ সৈতে শান্তিপূৰ্ণভাৱে সহাৱস্থান কৰিবলৈ শিকাটো।

হাতী –মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে ৰাজ্যখনৰ নিৰাপত্তাৰক্ষীসকলক হাতী নিৰ্বিঘ্নে পাৰ হৈ যোৱাৰ বাবে ৪০০ মিটাৰৰ কৰিড’ৰৰ ব্যৱস্থা কৰিবলৈ প্ৰশিক্ষণ দিয়া হৈছে। হাতীয়ে নষ্ট কৰা শস্যৰ বাবে বীমা কৰণৰ পদক্ষেপো ভৱিষ্যতে গ্ৰহণ কৰা হ’ব।

হৈছে ৱাইল্ড লাইফ ফ্ৰেইণ্ডলি নেটৱৰ্কৰ কাৰ্যবাহী সঞ্চালক তথা সহ নিৰ্মাতা জুলী ষ্টাইনে (Julie Stein) কৈছে, ‘’হস্তী-বান্ধৱ চাহ প্ৰমাণপত্ৰই ক্ৰেতাসকলে চাহ উৎপাদনকাৰীসকলক পুৰস্কৃত কৰাৰ এটা সুবিধা প্ৰদান কৰে।  লগতে হাতীৰ জনসংখ্যাৰ ওপৰত পৰা নেতিবাচক প্ৰভাৱ পৰা আচৰণ ত্যাগ কৰি কেনেদৰে হাতী-মানুহৰ সহাৱস্থান কৰা সম্ভৱ হৈছে তাৰ কাহিনী কোম্পানীসমূহে ক্ৰেতাক জনোৱাৰ সুযোগ লাভ কৰে।‘’

য়ুনিভাৰছিটি অব মণ্টানাৰ লিছা মিলছে কৈছে, আমি জানিব পাৰিছোঁ যে একে গুণমানগত চাহৰ ক্ষেত্ৰত  যদিহে ক্ৰেতাৰ মাজত হস্তী বান্ধৱ চাহ বাগান আৰু সাধাৰণ চাহ বাগানৰ চাহৰ এটা বাচনি ৰখা হয়, তেন্তে ক্ৰেতাই হস্তী বান্ধৱ চাহ বাগানৰ চাহে পচণ্ড কৰিব কাৰণ তেওঁলোকে জানে যে তেওঁলোকৰ ধন হাতীৰ বাবে এটা পৰিৱৰ্তনকাৰী কাম কৰা চাহ বাগানলৈ যাব।.

বডোছাই কৈছে, ‘’চাহ বাগানসমূহে হাতীৰ আৱাসভমি ৰক্ষণাৱেক্ষণ কৰিবলৈ আগবাঢ়ি অহাটো শুভ লক্ষণ। হস্তী-বান্ধৱ চাহপাত ক্ৰয় কৰি ক্ৰেতাসকলে হাতীৰ জনসংখ্যা বহৰ্তাই ৰখাত আৰু সিহঁতৰ ভৱিষ্যত সুৰক্ষিত কৰি ৰখাত সহায় কৰিছে।‘’