চীনত দ্বিতীয় পৰ্যায়ৰ ক’ৰ’না ভাইৰাছ : বেইজিঙত তীব্ৰতৰ হৈছে কোভিড১৯ৰ সংক্ৰমণ

image.jpg22

কোভিড১৯ৰ টেষ্ট কৰিবলৈ বেইজিঙত মানুহৰ ভিৰ, ফ'টো-এএফপি

চীনত পুনৰ কোভিড১৯ৰ সংক্ৰমণে দ্ৰূতৰূপ ধাৰণ কৰিছে।

পৰিস্থিতি অত্যন্ত গুৰুতৰ বুলি বেইজিং প্ৰশাসনে ঘোষণা কৰিছে।

মঙ্গলবাৰে খুদ বেইজিঙতে ২৭ গৰাকী কোভিড১৯ত আক্ৰান্ত লোকক চিনাক্ত কৰা হৈছে।

ইয়াৰ লগে লগে দেশখনত দ্বিতীয় পৰ্যায়ত কোভিড১৯ত আক্ৰান্তৰ সংখ্যা ১০৬ জনলৈ বৃদ্ধি পালে।

উল্লেখ্য যে, চীনত দ্বিতীয় পৰ্যায়ৰ কোভিড১৯ৰ সংক্ৰমণ বেইজিঙৰ এখন বজাৰৰ আৰম্ভ হোৱা বুলি নিশ্চিত কৰাৰ পিছত বেইজিং প্ৰশাসন চিন্তিত হৈ পৰিছে।

ইতিমধ্যে বজাৰখনৰ সমগ্ৰ অঞ্চলটো ল’ৰডাউন ঘোষণা কৰি বীজাণুমুক্ত কৰাৰ কাম আৰম্ভ কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা।

প্ৰণিধানযোগ্য যে, চীনৰ য়ুহান চহৰত উৎপত্তি হোৱা ক’ৰ’না ভাইৰাছে সমগ্ৰ বিশ্বতে সন্ত্ৰাস সৃষ্টি কৰিছে।

য়ুহানত ৭৮ দিনীয়া ল’কডাউন বলৱৎ কৰি এপ্ৰিলত চীন চৰকাৰে দেশখনক ক’ৰ’নামুক্ত ঘোষণা কৰিছিল।

কিন্তু কিছুদিনৰ পৰা দেশখনৰ ৰাজধানী চহৰত পুনৰ ক’ৰ’নাৰ সংক্ৰমণ আৰম্ভ হৈছে।

ইতিমধ্যে চহৰৰ জিনফাদি বজাৰৰ পৰা সংক্ৰমণ আৰম্ভ হোৱাৰ বুলি নিশ্চিত হোৱাৰ পিছতে বিশ্ব স্বাস্থ্য সংস্থা(WHO)এ সতৰ্কতা জাৰি কৰিছে দোশখনত।

ইফালে বেইজিং প্ৰশাসনৰ মুখপত্ৰত কোৱা হৈছে যে, “ৰাজধানী চহৰত মহামাৰীৰ পৰিস্থিতি অত্যন্ত গুৰুতৰ।”

এপ্ৰিলৰ পিছত তথা ৩০ মে’ পৰ্যন্ত বেইজিং চহৰত প্ৰায় ২ লক্ষাধিক মানুহে বজাৰলৈ গৈছিল বুলি বেইজিং প্ৰশাসনে প্ৰকাশ কৰিছে।

বেইজিং প্ৰশাসনে তালিকা প্ৰস্তুত কৰি বজাৰলৈ যোৱা মানুহসকলক চিনাক্তকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

ইয়াৰে ৮ হাজাৰ লোকক চিনাক্ত কৰি কোৱাৰেন্টাইন কৰা হৈছে।