পেজাৰৰ পিছত লেবাননত এইবাৰ ৱাকিটকি, লেণ্ডলাইনত ধাৰাবাহিক বিস্ফোৰণ! কমেও ৩২ জনৰ মৃত্যু, আহত ৩হাজাৰ

লেবাননত ইজৰাইলে চলাইছে ধাৰাবাহিক আক্ৰমণ। ফটোঃ সংগ্ৰহীত।

পেজাৰৰ পিছত এইবাৰ ৱাকিটকি! দুদিন ধৰি লেবাননত ধাৰাবাহিকভাৱে বিস্ফোৰণ সংঘটিত হৈ আছে। ইয়াৰ উপৰিও লেণ্ডলাইন ফোন বিস্ফোৰণৰ খবৰো পোৱা গৈছে। এই পৰ্যন্ত ৩২ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। আহতৰ সংখ্যা তিনি হাজাৰৰো অধিক!

বুধবাৰৰ পৰা লেবাননৰ বিভিন্ন প্ৰান্তত হিজবুল্লাহক লক্ষ্য কৰি এই আক্ৰমণ সংঘটিত হৈছে। পেজাৰ বিপৰ্যয়ৰ পিছত একেলগে শ শ ৱাকি-টকি বিস্ফোৰণ হোৱা বুলি জানিব পৰা গৈছে। ইজৰাইলে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে।

বুধবাৰে একে সময়তে লেবাননৰ বিভিন্ন ঠাইত পেজাৰ বিস্ফোৰণ ঘটে। একে সময়তে ৩০০০ পেজাৰ বিস্ফোৰণ ঘটে। ইয়াৰ পিছত অলপ সময়ৰ ভিতৰতে ৱাকি-টকি আৰু লেণ্ডলাইন টেলিফোনত বিস্ফোৰণ আৰম্ভ হয়। এই বিস্ফোৰণৰ বাবে কেইবাটাও ওখ ঘৰত জুই জ্বলি থকা দেখা গৈছে।

লগতে পঢ়কঃ গা ধোৱাৰ সময়ত হয় বেছিভাগ হাৰ্ট এটেক! এইবোৰ কথা জানিলে ৰক্ষা কৰিব পাৰিব বহুতৰে জীৱন

জানিব পৰা মতে এই ৱাকিটকি পাঁচ মাহৰ আগতে চৰকাৰে কিনিছিল। একে সময়তে ১৫০০ পেজাৰো ক্ৰয় কৰা হৈছিল। সেইবোৰেই ইটোৰ পিছত সিটোকৈ ফাটিবলৈ ধৰিছে। মূলতঃ দক্ষিণ লেবাননত, বেইৰুটৰ উপকণ্ঠ অঞ্চলত সংঘটিত হৈছে এই বিস্ফোৰণ। বুধবাৰে পেজাৰ বিস্ফোৰণত নিহত হিজবুল্লাহৰ শেষ অনুষ্ঠান চলি আছিল, য’ত আজিও সংঘটিত হয় বিস্ফোৰণ। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’।

লেবাননৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি জাপানী কোম্পানী আইকমে নিৰ্মাণ কৰা আইচি-ভি৮২ মডেলৰ ৱাকি-টকিত এই বিস্ফোৰণ সংঘটিত হয়। অৱশ্যে আইকমে কয় যে তেওঁলোকে সেই মডেলৰ ৱাকি-টকি বনোৱা বহু আগতেই বন্ধ কৰি দিছে। কোম্পানীটোৰ ৱেবছাইটতো এই কথা লিখা আছে। চৰকাৰৰ জৰিয়তে লেবাননত বিক্ৰীও কৰা নাছিল। ফলত এই বিস্ফোৰণৰ পৰিকল্পনাৰ বাবে সেইবোৰ চোৰাংভাৱে দেশলৈ অনা হৈছিল। আনকি দেশৰ নিৰাপত্তা সংস্থাইও সেইবোৰ পৰীক্ষা কৰা নাই।

ইজৰাইল আৰু হামাছৰ মাজত হোৱা যুদ্ধত হামাছৰ হৈ থিয় দিছিল লেবানন-ছিৰিয়ান হিজবুল্লাহ উগ্ৰপন্থী সংগঠনটোৱে। আমেৰিকাৰ সংবাদ মাধ্যমে নিশ্চিত কৰিছে যে ইজৰাইলে পেলেষ্টাইন আৰু গাজাক সমৰ্থন কৰাৰ বাবেই লেবাননত এই অপৰাধ সংঘটিত কৰিছে। হালটা, ফাৰ্কেলা, অডেইছ, চামা, আৰু মিছাইল নিক্ষেপ স্থানত থকা হিজবুল্লাহ শিবিৰত আক্ৰমণ চলোৱাৰ বাতৰি পোৱা গৈছে। কিন্তু কালি ডিপাৰ্টমেণ্ট ষ্ট’ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন জনবসতিপূৰ্ণ অঞ্চলত বিস্ফোৰণ সংঘটিত হয়। আজিও একেই ঘটনা। ফলত বহু নিৰীহ লোক এই আক্ৰমণৰ বলি হ’ল।

কিন্তু হিজবুল্লাইও প্ৰতিহত ব্যৱস্থা গ্ৰহণ কৰিছে। তেওঁলোকে ইজৰাইলৰ সেনাৰ কেইবাটাও শিবিৰতো আক্ৰমণ চলায়। কেইবাবাৰো ৰকেটো নিক্ষেপ কৰা হয়। ইজৰাইলৰ দক্ষিণ সীমান্ততো ইজৰাইলী বাহিনীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে। ইজৰাইলৰ সেনাই লেবাননৰ সীমান্ত অঞ্চলৰ পৰা সাধাৰণ নাগৰিকক আঁতৰাই নিছে।