NORTHEAST NOW (Assamese)

হোজাইত ১৪৪ ধাৰা জাৰি

September 26, 2021 3:32 pm · এন ই নাও নিউজ

অসম চৰকাৰ আৰু হোজাই জিলা প্ৰশাসনে হোজাই জিলাত ১৪৪ ধাৰা কাৰ্যকৰী কৰাৰ নিৰ্ণয় লৈছে।

দেওবাৰে হোজাইৰ জিলা প্ৰশাসনে জিলাৰ জনসাধাৰণৰ সুৰক্ষাৰ বাবে ১৪৪ ধাৰা জাৰি কৰাৰ কথা ঘোষণা কৰিছে।

আগন্তুক দুৰ্গা পূজা আৰু দীপাৱলিৰ প্ৰতি লক্ষ্য ৰাখি হোজাইত ১৪৪ ধাৰা জাৰি কৰা হৈছে বুলি প্ৰশাসনে জানিব দিয়ে।

লগতে পঢ়ক: নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ গোচৰ কোন দিশে ? শাস্তি হ’বনে নন্দিতাৰ হত্যাকাৰীৰ?

জিলা প্ৰশাসনৰ মতে হোজাইত শান্তি আৰু অনুশাসন বৰ্তাই ৰখাৰ স্বাৰ্থত আৰু জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছে।

জিলা প্ৰশাসনে ১৪৪ ধাৰা সম্পৰ্কে অন্য সিদ্ধান্ত নোলোৱা পৰ্যন্ত এই ব্যৱস্থা বাহাল থাকিব বুলি জনাইছে প্ৰশাসনৰ ফালৰ পৰা।

Related News