মাৰ্ঘেৰিটাত ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ যান-বাহন চলাচলত ১৪৪ ধাৰা আৰোপ

১৪৪ ধাৰা জাৰি

প্ৰতিনিধিত্বমূলক চিত্ৰ

সদ্য অনুষ্ঠিত হাইস্কুল শিক্ষান্ত, হাই মাদ্ৰাছা আৰু উচ্চতৰ মাধ্যমিক তথা চি বি এচ চিৰ বিভিন্ন পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষাৰ্থীসকল যাতে সুকলমে তথা সময়মতে পৰীক্ষাস্থলীত উপস্থিত হ’ব পাৰে তাৰ বাবে সমগ্ৰ মহকুমাটোত কাৰ্যকৰী হোৱাকৈ ফৌজদাৰী আইনৰ ১৪৪ ধাৰাৰ অধীনত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত গধুৰ যান-বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

মহকুমা প্ৰশাসনৰ পৰা জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা মতে এই নিষেধাজ্ঞাৰ জৰিয়তে পুৱা ৭ বজাৰ পৰা দিনৰ ২ বজাৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত মহকুমা দণ্ডাধীশৰ অনুমতি অবিহনে কোনো গধুৰ যান-বাহন চলাচল কৰিব নোৱাৰিব৷

অৱশ্যে যাত্ৰীবাহী বাছ, স্কুল বাছ, এম্বুলেঞ্চ, অগ্নি নিৰ্বাপক বাহীনিৰ বাহন, চৰকাৰী বাহন তথা সামৰিক আৰু আৰক্ষীৰ বাহনৰ ক্ষেত্ৰত উক্ত নিষেধাজ্ঞা কাৰ্যকৰী নহ’ব৷

এই নিষেধাজ্ঞা অমান্য কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰেছ বিজ্ঞপ্তিটোৰ জৰিয়তে ভাৰপ্ৰাপ্ত মাৰ্ঘেৰিটা মহকুমা তথ্য আৰু জনসংযোগ বিষয়াই জানিবলৈ দিয়ে। মাৰ্ঘেৰিটাৰ মহকুমাধিপতিয়ে জনোৱা মতে পৰীক্ষাসমূহ সমাপ্ত নোহাৱা পৰ্যন্ত এই নিষেধাজ্ঞা বাহাল থাকিব।