১৪৪ ধাৰা উলংঘা কৰি মাৰ্ঘেৰিটাত সভা সমিতি, বৰভোজ, খেল অনুষ্ঠিত কৰাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়া

মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ এখন জৰুৰী জাননীক কেন্দ্ৰক কৰি এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনে ৬ জানুৱাৰিত প্ৰকাশ কৰা এই জৰুৰী জাননী অনুসৰি ৰাজ্যৰ কোভিড সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি আৰু ল’বলগীয়া সাৱধানতা বৰ্তাই চৰকাৰী নীতি নিৰ্দেশনাৰ মাজেৰে সামাজিক দূৰত্ব মানি চলিব লাগিব।

এই নিৰ্দেশনা অনুসৰি সমগ্ৰ মাৰ্ঘেৰিটা মহকুমাত যাতে জনসাধাৰণে কোনো ধৰণৰ সমদল অথবা সাংস্কৃতিক শোভাযাত্ৰা উলিয়াব নোৱাৰে তথা, ৫ জনতকৈ অধিক লোক ৰাজহুৱা স্থানত সমৱেত হ’ব নোৱাৰিব, কোনো ধৰণৰ জন সমাগম ৰাজহুৱা স্থানত কৰিব নোৱাৰিব, ৰাজহুৱা অথবা ব্যক্তিগত বাসস্থানত উচ্চস্বৰত স্পিকাৰ বজাই শব্দ প্ৰদূষণ কৰিব নোৱাৰিব।

ইয়াৰোপৰি, বলপূৰ্বকভাৱে কোনো ধৰণৰ দান বৰঙনি সংগ্ৰহ কৰিব নোৱাৰিব, সমগ্ৰ মাৰ্ঘেৰিটাত দুচকীয়া বাহনৰ পিছৰ আসনত মহিলা, স্কুলীয়া ছাত্ৰ-ছাত্ৰী, নিৰাপত্তাৰক্ষী, চৰকাৰী কৰ্মচাৰী, অধিবক্তা, বয়োজ্যেষ্ঠ লোক, সংবাদিক আৰু বিশেষ ভাৱে সক্ষম লোকৰ বাহিৰে অন্য লোকৰ আৰোহণত বাধা নিক্ষেপ কৰা, বাহনসমূহৰ খিৰিকীৰ গ্লাছ সমূহত বাহিৰৰ পৰা নেদেখাকৈ কোনো ধৰণৰ গাঢ় বৰণৰ অথবা কলা তৰপ লগাব নোৱাৰিব, এই জাননীৰ দফা সমূহ অমান্য কৰা সকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ অধীনত দণ্ডনীয় হ’ব বুলি জাননী খনত মাৰ্ঘেৰিটা মহকুমা ভাৰপ্ৰাপ্ত মহকুমা তথ্য আৰু জনসংযোগ বিষয়াই স্বাক্ষৰ কৰি জাননী জাৰি কৰিছিল যদিও মাৰ্ঘেৰিটা মহকুমাত এই জাননীৰ প্ৰায় সংখ্যক দফাই প্ৰতিদিনেই প্ৰশাসনৰ সন্মুখতে অংগুষ্ঠ প্ৰৰ্দশন কৰাৰ অভিযোগ উত্থাপন হৈছে।

শেহতীয়াকৈ এই নিৰ্দেশনা থকাৰ মাজতেই মাৰ্ঘেৰিটা নগৰ মাজমজীয়াত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)ৰ ৬ আৰু ৭ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে মাৰ্ঘেৰিটা কেন্দ্ৰীয় খেল পথাৰত অনুষ্ঠিত হ’ল মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ তৃতীয় দ্বি-বাৰ্ষিক অধিৱেশন তথা গোৰ্খা জাতীয় সমাৰোহ ২০২১ ।

মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই অনুষ্ঠানৰ সাংস্কৃতিক অনুষ্ঠানৰ উদ্ধোধন কৰা অনুষ্ঠানত কেইবাহাজাৰ লোকৰ সমাগম হোৱৰ লগতে উচ্চস্বৰত মাইক আদি বজাই শব্দ প্ৰদূষণৰ সৃষ্টি কৰে উদোগতা সকলে।

“মাৰ্ঘেৰিটা এথ্‌নিক টেক্সটাইল” নামৰ নৱ গঠিত সংগঠনটোৱে মাৰ্ঘেৰিটা  মাৰ্ঘেৰিটা ৰাজহুৱা ৰঙ্গমঞ্চত অনুষ্ঠিত কৰে “বাণিজ্য মেলা ও প্ৰদৰ্শনী” আৰু এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে মাৰ্ঘেৰিটা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পবিত্ৰ দাসে আৰু এই অনুষ্ঠানত কভিড-১৯ প্ৰতিৰোধৰ নামত মহকুমা প্ৰশাসনে দিয়া জাননীৰ ফুফুলা স্বৰূপ।

ইয়াৰ ওপৰিও  মাৰ্ঘেৰিটা ৰাজখোৱা পথাৰত মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাৰ পিস্থপোষকতাত অহা ১৩ আৰু ১৪ জানুৱাৰীত প্ৰথম বাৰ্ষিক ভোগালী উৎসৱ ২০২১ উদযাপন স্থলীত প্ৰতিদিনে দেখা গৈছে কেইবাশতাধিক ৰাইজৰ সমাগম যি সমূহ দৃশ্য ইতিমধ্যেই সামাজিক মাধ্যমত প্ৰতিদিনে প্ৰকাশ পাই আহিছে।

ইয়াৰ ওপৰিও মাৰ্ঘেৰিটা মহকুমাত বিভিন্ন পাইজমাণি দিৱা নৈশ ক্ৰিকেট ,ফুটবল, জুনিয়ৰ ভলিৱল প্ৰতিযোগিতা তথা সাংস্কৃতিক অনুষ্ঠান সমূহত কেইবা হাজাৰ লোকৰ সমাগমে প্ৰশাসনৰ জাৰি কৰা ভাৰতীয় দণ্ডবিধি ১৮৮ আইন চূড়ান্ত ভাৱে ভেঙুচালি প্ৰৰ্দশন হোৱাত মাৰ্ঘেৰিটা মহকুমাৰ সচেতন ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে এনে অনুষ্ঠান তথা খেল প্ৰতিযোগিতা সমূহ অনুষ্ঠান কৰিবলৈ মহকুমা প্ৰশাসনে অনুমতি কি দৰে প্ৰদান কৰি আহিছে বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে।