NORTHEAST NOW (Assamese)

ৰাজ্যত অব্যাহত ড্ৰাগছৰ চোৰাং বেহা: কাছাৰত জব্দ ৭০ কোটি টকাৰ ড্ৰাগছ

October 13, 2023 8:35 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 13, 2023 8:01 pm

নিষিদ্ধ ঘোষিত ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যত অভিযান অব্যাহত আছে যদিও তাৰ এনে অভিযানক অংগুষ্ঠ প্ৰদৰ্শন কৰি চোৰাং চক্ৰই অব্যাহত ৰাখিছে ড্ৰাগছৰ অবাধ বেহা।

বৃহস্পতিবাৰে নিশা জব্দ হৈছে ৰাজ্যৰ মাজেৰে চোৰাং সৰবৰাহ চলি থকা নিচাজাতীয় সামগ্ৰীৰ এনে এক বৃহৎ ভাণ্ডাৰ। অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনী, চমুকৈ BSFৰ যৌথ অভিযানত জব্দ হয় ড্ৰাগছখিনি।

আৰক্ষী-বি এছ এফৰ যুটীয়া অভিযানকাৰী দলটোৱে কাছাৰ জিলাৰ কটাখালত জব্দ কৰে ২.৬ লাখ নিচাজাতীয় য়াবা টেবলেট। জব্দকৃত টেবলেটখিনিৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰায় ৭০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।

এখন এছ ইউ ভি বাহনত লুকুৱাই থোৱা ২৬টা পেকেটত ভৰ্তি হৈ আছিল এই নিচাজাতীয় পদাৰ্থখিনি। আৰক্ষীয়ে ড্ৰাগছ তথা বাহনখন জব্দ কৰে যদিও আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে সৰবৰাহকাৰীকেইজন।

এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি মিজোৰামৰ চম্পাই জিলাৰ পৰা অসম আৰু মেঘালয়ৰ মাজেৰে আন এক স্থানলৈ সৰবৰাহৰ বাবে চেষ্টা কৰা হৈছিল বুলি জানিব পৰা গৈছে।

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইট যোগে অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ এই সফলতাক প্ৰশংসা কৰে।

Related News