• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে লতাশিল থানাত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু

এন ই নাও নিউজ by এন ই নাও নিউজ
January 10, 2019 2:57 pm
maxresdefault

বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁই। ফটো সৌজন্য : ইউটিউব

2.3k
VIEWS
Share on FacebookShare on Twitter

বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহিতাৰ গোচৰ ৰুজু কৰা হৈছে। চৰকাৰ হৈ লতাশিল থানাত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে। বিশিষ্ট চিন্তাবিদ তথা বুদ্ধিজীৱীগৰাকীৰ বিৰুদ্ধে দেশদ্ৰোহীতাৰ বিভিন্ন ধাৰাৰ জৰিয়তে ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ তোলা হৈছে।

ড০ গোহাঁইৰ লগতে অখিল গগৈ, মনজিৎ মহন্তৰ লগতে ৭ জানুৱাৰিত লতাশিলত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰা সকলোৰে বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

উল্লেখযোগ্য যে লতাশিলৰ উক্ত প্ৰতিবাদী সভাত স্বাধীন অসমৰ প্ৰসংগক  ড০ গোহাঁয়ে সমৰ্থন কৰিছিল। অভিযোগ অনুসৰি অখিল গগৈয়ে প্ৰথমে স্বাধীন অসমৰ দাবী উত্থাপন কৰিছিল। ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/২১২/১২৩/১২৪(A) ধাৰাৰ অধীনত ১৫/২০১৯ নম্বৰত এই গোচৰ ৰুজু কৰা হৈছে।

প্ৰতিবাদী সভাখনত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰি ড০ গোহাঁইয়ে কৈছিল যে যদি ভাৰত চৰকাৰ তথা অসম চৰকাৰে অসমৰ জনসাধাৰণৰ কথা নুশুনে, তেতিয়াহ’লে অসমৰ জনসাধাৰণে ‘স্বাধীনতা’ বিচাৰিব।

ছ’চিয়েল মিডিয়াত এই মন্তৱ্যৰ সপক্ষে তথা বিপক্ষে ব্যাপক চৰ্চা হৈছিল। ড০ গোহাঁইৰ বিৰুদ্ধে চৰকাৰে ৰুজু কৰা এই গোচৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে কয় যে ‘’এইটো চৰকাৰৰ এটা আত্মঘাতীমূলক পদক্ষেপ। আমি এই বিষয়ে আলোচনা কৰি আছো আৰু শীঘ্ৰেই অসম চৰকাৰৰ এনে স্বৈৰাচাৰী মনোভাৱৰ বিৰুদ্ধে অধিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম।‘’

আনহাতে, কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে এই পদক্ষেপক অসম চৰকাৰৰ স্বেচ্ছাচাৰী কাৰ্য বুলি উল্লেখ কৰি ই জটিল পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি সকীয়াই দিয়ে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd