কাইলৈ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ; ভোটাৰ কাৰ্ড নাথাকিলেও দিব পাৰিব ভোট, কেনেকৈ?

vote without voter card

প্ৰতিনিধিত্বমূলক ফটো।

শনিবাৰে, ২৭ মাৰ্চৰ পৰা ৰাজ্যত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হ’ব। তিনিটা পৰ্যয়ত অনুষ্ঠিত হ’ব এই ভোট গ্ৰহণ। ৰাজ্যখনত মুঠ ১২৬টা বিধানসভা সমষ্টি আছে। অহা ২ মে’ত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল।

নিৰ্বাচন আয়োগে জানিবলৈ দিছে যে এইবাৰ ভোটাৰ কাৰ্ড নাথাকিলেও ভোট দিব পাৰিব। কিন্তু ইয়াৰ পৰিৱৰ্তে কোনো প্ৰামান্য নথি প্ৰদৰ্শন কৰিব লাগিব।

ভোটদান কৰিবলৈ হ’লে আন কি কি নথি দেখুৱাব পাৰিব সেয়া চাই লওকঃ-