মাৰ্ঘেৰিটাত চোৰাং কাঠ সৰবৰাহৰ অভিনৱ পন্থা! চোৰাং কাঠ সহ জব্দ গাড়ী

Seized car with smuggled wood in Margherita

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত আজি পুৱাতে জব্দ হৈছে চোৰাং কাঠ ভৰ্তি এখন বলেৰ’ পিক্ আপ গাড়ী।চোৰাংভাৱে সৰবৰাহ কৰা কাঠখিনি ওপৰত কেচা চাহপাতেৰে ঢাকি দুলিয়াজানলৈ লৈ যোৱা হৈছিল।

As 23 AC 1937 নম্বৰৰ বলেৰ’ পিক্ আপ গাড়ীখনে মাৰ্ঘেৰিটাৰ ৩১৫ নং ৰাষ্ট্ৰীয় পথৰ কাষৰ বেৰিকেডত খুণ্ডিয়াই দুৰ্ঘটনা সংঘটিত কৰে। তাৰ পাছতে পোহৰলৈ আহে কাঠ সৰবৰাহৰ অভিনৱ পন্থা।

আৰক্ষী তাৎক্ষণিক ভাৱে উপস্থিত হৈ গাড়ীখন পৰীক্ষা কৰোঁতেই পোহৰলৈ আহে উৰহী গছৰ ওৰ। গাড়ীখন পৰীক্ষা কৰোঁতে চাহপাতৰ তলত প্ৰায় ৭৫ চিএফটি কাঠ ধৰা পেলায় আৰক্ষীয়ে।

পূৰ্বৰে পৰা এই পন্থাৰে চোৰাংভাৱে কাঠ সৰবৰাহ কৰি আহিছে বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। আৰক্ষীয়ে ইতিমধ্যে কাঠখিনি উদ্ধাৰ কৰাৰ লগতে জব্দ কৰিছে গাড়ীখন।