• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অসমত কংগ্ৰেছ নেতৃত্বই আত্মবিশ্লেষণ কৰক

  শঙ্কৰ শইকীয়া by শঙ্কৰ শইকীয়া
May 25, 2024 2:24 pm
অসমত কংগ্ৰেছ নেতৃত্বই আত্মবিশ্লেষণ কৰক

অসমৰ বিৰোধী ঐক্যমঞ্চ। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত ৭ মে’ তাৰিখে অষ্টাদশ লোকসভা নিৰ্বাচনৰ ১৪ খন আসনৰ বাবে ভোটদান পৰ্বৰ সামৰণি পৰিল । মন কৰিবলগীয়া কথা যে এই নিৰ্বাচনত মোটামুটিভাবে বলিষ্ঠ ৰূপত চাৰিটা ৰাজনৈতিক শিবিৰে অংশগ্ৰহণ কৰিছে। প্ৰথম – উগ্ৰ ধৰ্মীয়-আধিপত্যবাদী, তীব্ৰ বৰ্ণবাদী, কূট কৌশলত পাৰ্গত, মিথ্যাচাৰী, বজাৰ অৰ্থনীতিৰ স্তাৱক, সোঁ-পন্থী একনায়কত্ববাদী মানসিকতাৰে পৰিপুষ্ট স্বৈৰতান্ত্ৰিক ৰাষ্ট্ৰীয় দল – ভাৰতীয় জনতা পাৰ্টী (ভাজপা)। দ্বিতীয় – সোঁ-পন্থী, গণতান্ত্ৰিক, ধৰ্ম -নিৰপেক্ষ, মিশ্ৰ-অৰ্থনীতিত বিশ্বাসী, উদাৰপন্থী ৰাষ্ট্ৰীয় দল – ভাৰতৰ জাতীয় কংগ্ৰেছ। তৃতীয় -গণতান্ত্ৰিক, ধৰ্ম-নিৰপেক্ষ, বাওঁপন্থী, সাম্য্যবাদী, ৰাষ্ট্ৰীয় দল – ভাৰতৰ কমিউনিষ্ট পাৰ্টি (চি পি আই ), ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী ) আৰু ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী-লেনিনবাদী) দল। চতুৰ্থ – উদাৰ গণতান্ত্ৰিক, ধৰ্ম-নিৰপেক্ষ, সোঁ-পন্থী জাতীয়তাবাদী  দল – ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ।

ইয়াৰ উপৰিও আছে -অসম গণ পৰিষদ ( অগপ )-ৰ দৰে ভাজপা-ৰ নেগুৰ বৃত্তিত পাৰ্গত সুবিধাবাদী, জাতিৰ নামত জাতিদ্ৰোহীতাৰ “কা”-ৰ সমৰ্থক দল! সেইদৰে, বিপিএফ, ইউপিপিএল-ৰ দৰে ক্ষেত্ৰীয় দলৰ অংশগ্ৰহণো আছে। শেহতীয়াভাবে,  তৃণমূল কংগ্ৰেছ (টি এম চি), আম আদমি পাৰ্টি (আপ )-ৰ প্ৰৱেশেও অসমৰ ৰাজনীতিত এটা মাত্ৰা প্ৰদান কৰিছে ! অৱশ্যে, অসমৰ প্ৰতি এই দুটা দলৰ ভূমিকা পৰিস্কাৰ হ’বলৈ আৰু অলপ সময় লাগিব যদিওবা সন্দেহৰ বাহিৰত নহয়! কাৰণ  , ভাজপা বিৰোধী জোঁটবন্ধন ” ইণ্ডিয়া”ত অংশগ্ৰহণ জৰীত ধৰি বল নিদিয়া (বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ বাট মুকলি কৰি ৰখা ) – আনহাতে, বিপিএফ, ইউপিপিএল আদি ক্ষেত্ৰীয় দল হোৱাৰ লগতে সৰ্বভাৰতীয় হোৱা স্বত্বেও টি এম চি আৰু আপ-ৰ  ভূমিকা প্ৰভাৱশীল নহয় – সহযোগীৰহে।

 ভাৰত ৰাষ্ট্ৰৰ শেহতীয়া ৰাজনৈতিক প্ৰেক্ষাপট আৰু অসমৰ আৰ্থ-ৰাজনৈতিক-সামাজিক প্ৰেক্ষাপটত ইমানবোৰ দলক মূলতঃ তিনিটা শিবিৰত ভাগ কৰিব পাৰি-(এক) ভাজপা -অগপ-ইউ-পি পি এল গোট ;  (দুই )কংগ্ৰেছ , বাওঁপন্থীৰ দৰে  ৰাষ্ট্ৰীয় আৰু ৰাইজৰ দল , অজাপ-ৰ দৰে জাতীয়তাবাদী দল ; (তিনি ) আপ , টিএমচি,‌ বি পি এফ-ৰ দৰে দল !

অসমৰ সাধাৰণ ভোটাৰ ৰাইজে দেখিছে যে  ২০১৯ , ২০২১-ৰ নিৰ্বাচন আৰু ২০২৪-ৰ নিৰ্বাচনৰ মাজত এটা বিশেষ লক্ষ্যণীয় দিশ হ’ল- পূৰ্বৰ নিৰ্বাচন দুটাত দলীয় কৰ্মকৰ্তা আৰু সমৰ্থকসকলে নিৰ্বাচনৰ প্ৰচাৰ নিয়ন্ত্ৰণ কৰিছিল। কিন্তু , ২০২৪-ত দেখা গ’ল এটা ব্যতিক্ৰমী দিশ -জৰুৰীকালীন অৱস্থাৰ সামৰণি বিচাৰি যেনেদৰে জয়প্ৰকাশ নাৰায়ণ , জৰ্জ ফাৰ্ণাণ্ডেজ আদিৰ নেতৃত্বত দেশৰ সাধাৰণ জনতা ওলাই আহি ব্যাপক হাৰত নিৰ্বাচনত অংশগ্ৰহণ কৰি বিৰোধী চৰকাৰ গঠন কৰিছিল -এইবাৰো ব্যাপক হাৰত নাগৰিক সমাজ বৰ্তমান চলি থকা অ-ঘোষিত জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে সাহসেৰে ওলাই আহি জনসাধাৰণক সজাগ আৰু সচেতন  কৰাৰ লগতে ভাজপা-ৰ অপ-শাসন ভোট যুদ্ধৰ জৰিয়তে ওফৰোৱাৰ বাবে আহ্বান জনাইছে ! 

আনহাতে, জনবিৰোধী ভাজপা আৰু ইয়াৰ ঘাই সহযোগী দল ‘অগপ’, ইউপিপিএল আদি ৰাজনৈতিক দলসমূহ একত্ৰিত হোৱাৰ বিপৰীতে কংগ্ৰেছ , বাওঁপন্থী আৰু সোঁ-পন্থী গণতান্ত্ৰিক জাতীয়তাবাদী  শিবিৰে শাসকীয় দলৰ বিৰোধী এক উমৈহতীয়া শক্তিত পৰিণত হৈছে ! মন কৰিবলগীয়া যে , ‘তৃণমূল কংগ্ৰেছ ‘ আৰু ‘আম আদমি পাৰ্টি (আপ)’-য়ে ভাজপা আৰু কংগ্ৰেছৰ পৰা সমান দূৰত অৱস্থান কৰাৰ দ্বাৰা ভোটাৰক বিভ্ৰান্ত কৰা এটা শক্তি হিচাবে নিজকে তুলি ধৰিছে!

এইষাৰ কথাত সকলো শুভবুদ্ধিসম্পন্ন মানুহেই একমত হৈছে যে -যোৱা দহটা বছৰত ভাৰত ৰাষ্ট্ৰত গণতান্ত্ৰিক প্ৰমূল্য, সংবিধান আধাৰিত প্ৰতিষ্ঠানসমূহক নিজৰ স্বতন্ত্ৰ মৰ্যদা ৰক্ষা কৰিবলৈ দিয়া হোৱা নাই। শাসক গোষ্ঠীয়ে অবিৰাম এক নেতা, এক পতাকা, এক দেশ, এক ভাষা, এক ধৰ্মৰ ধৰে অগণতান্ত্ৰিক, সংবিধানবিৰোধী প্ৰচাৰে বহুভাষিক -বহুজাতিক ভাৰত ৰাষ্ট্ৰত যুক্তৰাষ্ট্ৰীয়তাৰ ওপৰত আক্ৰমণ কৰি বৈচিত্ৰ্যৰ মাজত ঐক্যৰ ধাৰণাক নাকচ কৰিছে ! অৱস্থা ইমানলৈকে নিছে যে কেৱল সংখ্যাৰ জোৰত যোৱা প্ৰায় সত্তৰ বছৰে তিল্ তিল্ কৈ গঢ়া দেশৰ সম্পদসমূহ এপদ এপদকৈ আদানী আৰু আম্বানীৰ দৰে দুজনমান উদ্যোগপতিৰ হাতত দেশ আৰু জনস্বাৰ্থৰ বিৰুদ্ধে গৈ গতাবলৈ আৰম্ভ কৰিছে !

২০১৪ চনত নিৰ্বাচনৰ আগেয়ে দিয়া সকলো প্ৰতিশ্ৰুতি ভৰিৰে মোহাৰি পেলাই ভাজপা চৰকাৰখন চূড়ান্ত মিছলীয়া (ঝুমলাবাজ) চৰকাৰ বুলি নিজকে নিজেই প্ৰতিপন্ন কৰিছে ! দেশৰ বেংকৰ ঋণ পৰিশোধ নকৰি বেংকক প্ৰায় দেউলীয়া কৰি দেশ এৰি পলোৱা পুঁজিপতিৰ ঋণ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰে ৰেহাই দিয়াৰ বিপৰীতে কৃষকৰ সামান্য ঋণ কিন্তু ৰেহাই দিয়া নাই ! অথচ নিৰ্বাচনৰ পূৰ্বে ভোটৰ বিনিময়ত কৃষকৰ আয় দুগুণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল! ইয়াতো মিছা কথাই কৈছে ! 

এইখিনিতে দেশৰ শেহতীয়া অৰ্থনৈতিক দুৰৱস্থাৰ কথা আমি সকলোৱে জনা উচিত!  দুটা উদাহৰণলৈ চালেই আমি প্ৰকৃত সত্য উপলব্ধি কৰিব পাৰিম- (এক) ভাৰতৰ কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ পাইছে যে – “চলিত বৰ্ষৰ মাৰ্চ মাহৰ সমাপ্তিলৈ ভাৰতৰ পঞ্জীয়নভুক্ত কোম্পানীৰ সংখ্যা হৈছেগৈ ২৬,৬৩,০১৬ টা। ইয়াৰে ৬৪ শতাংশ অৰ্থাৎ ১৬,৯১৪৯৫ টা প্ৰতিষ্ঠান সক্ৰিয় হৈ আছে। ইফালে এতিয়ালৈকে ভাৰতত পঞ্জীয়নভুক্ত ৯,৩১,৬৪৪ টা প্ৰতিষ্ঠান এতিয়া বন্ধ হোৱাৰ পথত। সেইদৰে ২৭,০২২ টা ব্যৱসায়িক প্ৰতিষ্ঠানে পঞ্জীয়ন বাতিল কৰাৰ বাবে আবেদন জনাইছে । … নতুনকৈ স্থাপন হোৱা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ ভিতৰত ৭১ শতাংশই সেৱাখণ্ডৰ সৈতে জড়িত হোৱাৰ বিপৰীতে ২৩ শতাংশ ঔদ্যোগিক খণ্ড আৰু ৬ শতাংশ কৃষি খণ্ডৰ সৈতে জড়িত।” ( উৎস : অসমীয়া প্ৰতিদিন / ৮ মে’ ২০২৪ )  যিখন দেশত ঔদ্যোগিক খণ্ড আৰু কৃষি খণ্ডত বিনিয়োগ ইমান কম  সেই দেশত দেশৰ অৰ্থনীতি উধোৱা সম্ভৱ নহয়। কেনেদৰে নিবনুৱা সমস্যাৰ সমাধান হ’ব আৰু দেশ কেনেদৰে আগ বাঢ়িব – ই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন !!

(দুই) ৮ মে’ ২০১৪ তাৰিখে ১ ইউ এছ ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য আছিল ৫৯.৯৩৯৮ টকা । ইয়াৰ ১০ বছৰৰ পিছত অৰ্থাৎ ৮ মে’ ২০২৪ তাৰিখে ১ মাৰ্কিন ডলাৰৰ মূল্য হ’লগৈ ৮৩.৫১১৭ টকা। ইয়াৰ অৰ্থ এটাই -ভাজপা চৰকাৰৰ ১০ বছৰীয়া শাসন কালত মাৰ্কিন ডলাৰ সাপেক্ষে ভাৰতীয় টকাৰ মূল্য ২৪.০০ টকা হ্ৰাস পাইছে!  এই কথা আৰু লুকাই থকা নাই যে  ভাৰতৰ অৰ্থনীতি বিশ্বৰ বজাৰত ক্ৰমশঃ নিম্নগামী হৈছে। চৰকাৰৰ প্ৰচাৰ যন্ত্ৰ (গোদী মিডিয়া)ই অগ্ৰগামী অৰ্থনীতিৰ অবিৰাম প্ৰচাৰ চলোৱাৰ বিপৰীতে বাস্তৱ ছবিখন কিন্তু সম্পূৰ্ণ ওলোটা !

এনে প্ৰেক্ষাপটত ২০১৯ , ২০২১ বৰ্ষত বহুতেই বাৰে বাৰে কৈ আহিছে – নিম্নতম উমৈহতীয়া কৰ্মসূচীৰ আধাৰত এক শক্তিশালী ভাজপা বিৰোধী ঐক্যমঞ্চ গঠন কৰা উচিত-য’ত প্ৰতিটো লোকসভা আৰু বিধানসভাৰ প্ৰতিটো সমষ্টিত ভাজপা-ৰ প্ৰাৰ্থীৰ বিৰুদ্ধে ভাজপা বিৰোধী মঞ্চৰ পৰা মাত্ৰ এজনকৈ (হয়,মাত্ৰ এজনকৈ) বিৰোধী প্ৰাৰ্থী প্ৰক্ষেপ কৰক -আৰু প্ৰতিটো ভাজপা বিৰোধী দলে দেহেকেহে উমৈহতীয়া প্ৰাৰ্থীজনৰ হকে লাগক! অথচ, জনমতক সামান্যতমো গুৰুত্ব নিদি ২০১৯ আৰু ২০২১-বৰ্ষত অসমৰ লোকসভা সমষ্টিৰ লগতে বিধানসভা সমষ্টিত ৰাজনৈতিক দলবোৰে নিজাববীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিলে -পৰিণাম স্বৰূপে দেখা গ’ল – প্ৰকৃততে ভাজপা বিৰোধী ভোট লগ লগালে ভাজপাতকৈ ভোট বহুত বেছি হৈছে আৰু ভাজপাই চৰকাৰ গঠন কৰিব পাৰিলে মাথোন ভাজপা বিৰোধী ভোট বিভাজন হোৱাৰ বাবেহে! 

২০২৪ বৰ্ষৰ লোকসভা নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্ত্তত দেখা গ’ল যে, ভাজপা মিত্ৰজোঁটৰ বিৰুদ্ধে ভাজপা বিৰোধী ৰাজনৈতিক দলসমূহে বিৰোধী ঐক্যমঞ্চ গঠন কৰিলে। সাধাৰণ ৰাইজে ভাবিলে যে পলমকৈ হ’লেও বিৰোধী ৰাজনৈতিক দলসমূহৰ শুভবুদ্ধিৰ উদয় হৈছে ! তেওঁলোকে জানিব পাৰিছে যে, ভাজপা-ৰ জনবল আৰু ‘চান্দা দো ঔৰ ধান্দা কৰো’-ৰ সুবাদত ইলেক্ট’ৰেল বণ্ড আৰু অভিযোগ অনুসৰি বিভিন্ন অনিয়মযুক্ত কৌশলেৰে সংগ্ৰহ কৰা ধনবলৰ বিৰুদ্ধে ঐক্যবদ্ধ নহ’লে ভাজপা-ক পৰাজিত কৰা অসম্ভৱ! এনে সময়ত অসমৰ গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ, সমতা, বৈচিত্ৰ্যতাত বিশ্বাস কৰা -সহজভাবে ক’বলৈ গ’লে সংবিধানৰ প্ৰস্তাৱনাৰ প্ৰমূল্য আৰু প্ৰতিষ্ঠানসমূহ স্বতন্ত্ৰতাৰ লগতে যুক্তৰাষ্ট্ৰীয়তা আৰু সম্পদৰ অধিকাৰৰ হকে থিয় দিয়া সকলে কিছু স্বস্তিৰ নিশ্বাস পেলালে!

ৰাইজৰ আস্থাক এঢাপ আগুৱাই নি উল্লেখনীয় আদৰ্শ দেখুৱাই ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ঘোষণা কৰিলে – ৰাইজৰ দলে লোকসভা নিৰ্বাচনত প্ৰাৰ্থী নিদিয়ে! বাকী থাকিল -কংগ্ৰেছ , বাওঁপন্থী দলসমূহ, অসম জাতীয় পৰিষদৰ লগতে তৃণমূল কংগ্ৰেছ আৰু আম আদমি পাৰ্টি আৰু কিছু ক্ষুদ্ৰ তথা ক্ষেত্ৰীয় দল! অৰ্থাৎ , কংগ্ৰেছক বাদ দি বাকী থাকে ছটা দল আৰু কেইটামান ক্ষুদ্ৰ আৰু ক্ষেত্ৰীয় ৰাজনৈতিক দল। ছটা দলৰ ভিতৰত বাওঁপন্থী দল তিনিটা -চি পি আই , চি পি আই (এম), চি পি আই (এম-এল) এটা গোট হিচাপে ধৰিলে হয়গৈ মুঠ চাৰিটা দল।

সদায়েই ঐক্যমঞ্চৰ প্ৰাথমিক চৰ্তই হ’ল -ডাঙৰ-সৰু নিৰ্বিশেষে প্ৰতিটো ৰাজনৈতিক দলেই পৰস্পৰৰ  প্ৰতি অকৃপণভাবে, কামে-কাজে সমভাব পোষণ কৰা।  আৰু এই নীতিৰ আধাৰত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ১৪ খন আসনৰ প্ৰতিটো দলকেই -বাওঁপন্থী, অসম জাতীয় পৰিষদ, তৃণমূল কংগ্ৰেছ, আম আদমি পাৰ্টিক এখনকৈ আসন ভগোৱাহেতেন কংগ্ৰেছৰ ভাগত থাকিলহেতেন দহখন আসন। এনেক্ষেত্ৰত প্ৰতিটো ৰাজনৈতিক দলেই মৰোঁ-জীও-সোঁ-অধিকৈ লাগিলে চৈধ্যখন আসনেই ভাজপা বিৰোধী শিবিৰলৈ অহাৰ ৯৯.৯৯% সম্ভাৱনা আছিল ! কাৰণ, শাসকীয় দলতকৈ বিৰোধী দলৰ ভোটৰ সংখ্যা বিগত সময়ছোৱাত সদায়েই বেছি হোৱা দেখা গৈছে! বাস্তৱ ছবিখনত দেখা গ’ল যে কংগ্ৰেছৰ বৰ্তমান নেতৃত্বই পূৰ্বৰ ভুলৰ পৰা শিক্ষা ল’বলৈ নিশিকিলে (এইখিনিতে আন এষাৰ কথাও মনলৈ আহে যে -কংগ্ৰেছ দলটোৰ কঁকাল ভাঙি ভাজপা দললৈ আহি সপোনৰ মুখ্যমন্ত্ৰীৰ আসনত বহি লৈ নিৰ্বাচনৰ আগেয়ে যে কৈছিল – কংগ্ৰেছ দলটোত তেওঁৰ মানুহেৰে ভৰি আছে -সঁচা কথা নেকি?) !  

এইখিনিতে “বিৰোধী মৰ্চা আচলতে ৰাইজৰহে মৰ্চা” শীৰ্ষক ‘আমাৰ অসম’ত প্ৰকাশিত (১০ মে’ ২০২৪ তাৰিখৰ সংখ্যা ) সম্পাদকলৈ লিখা চিঠিত বিবেক দাস ডাঙৰীয়াই উল্লেখ কৰিছে -” বিৰোধী ঐক্যমঞ্চ, অসম গঠন কৰিলেও কংগ্ৰেছ আৰম্ভণিৰে পৰাই বিৰোধী দলক আসন নিদিয়াৰ বাবে বদ্ধপৰিকৰ আছিল ! সেয়ে , শেষলৈকে বিভ্ৰান্তিত ৰাখিছিল দল আৰু ভোটাৰক, অথচ বিজেপি-ক পৰাস্ত কৰাৰ বাবে এই সিদ্ধান্ত আগতীয়াকৈ লোৱাটো এটা জৰুৰী চৰ্ত আছিল। আনকি লুৰিণজ্যোতি গগৈৰ প্ৰাৰ্থিত্ব বিৰোধী ঐক্যমঞ্চই নহয়, অসম জাতীয় পৰিষদেহে ঘোষণা কৰিব লগা হৈছিল। সেইদৰে বৰপেটা লোকসভা সমষ্টিটো চি পি আই (এম)ক দিব লাগে বুলি বিৰোধী ঐক্যমঞ্চ, অসমৰ প্ৰায়কেইটা দলেই মত দিছিল।

মৰ্চা ৰাজনীতিত সকলোৰে মতামতক সমৰ্থন জনোৱাটো মৰ্চাক নেতৃত্ব দিয়া দলটোৰ কৰ্তব্য। শাসক দল হৈও বিজেপিয়ে সকলোকে লৈ চলিব পাৰে, কিন্তু বিৰোধী অৱস্থানত থাকিও কংগ্ৰেছে নমনীয় হ’ব নোৱাৰাৰ কোনো কাৰণ নাছিল। বিজেপিয়ে শাসক দল হৈ প্ৰতিদ্বন্দিতা কৰিছিল ১১ খনত আৰু কংগ্ৰেছে কৰিলে ১৩ খনত। বৰপেটাত  মুখে মুখে এটাই কথা যে চিপিআই (এম)ক আসনখন এৰি দিয়া হ’লে বিজেপিৰ পৰাজয় নিশ্চিত আছিল। চিপিআই(এম) হাৰিলেও কংগ্ৰেছে বিৰোধী ঐক্যৰ স্বাৰ্থত এই আসনখন এৰি দিব লাগিছিল। বিৰোধী ঐক্য ভৱিষ্যতেও লাগিব।”

এই ক্ষেত্ৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া আৰু কংগ্ৰেছ হাইকমাণ্ডৰ প্ৰতিনিধি অসমৰ মূল প্ৰভাৰী জিতেন্দ্ৰ সিঙৰ প্ৰতি ৰাইজে সন্দেহৰ আঙুলি টোঁৱাইছে ! অসমৰ ভাজপা বিৰোধী ঐক্যমঞ্চৰ পৰা অসম জাতীয় পৰিষদ, বাওঁপন্থী শিবিৰ, তৃণমূল কংগ্ৰেছ , আম আদমি পাৰ্টিক এখনকৈ আসন এৰি দি বাকী থকা ১০খন  লোকসভা আসনত কংগ্ৰেছ দলে নিজৰ পিনৰপৰা যোগ্য প্ৰাৰ্থী দি জয়ৰ বাবে সকলোৱে সমানে লাগিলে ১৪ খন আসনতেই বিজয়ী হোৱাৰ সম্ভাৱনা উজ্জ্বল হৈ আছিল! কিন্তু নহ’ল – তৃণমূল কংগ্ৰেছ , আম আদমি পাৰ্টিয়ে নিজাকৈ প্ৰাৰ্থী দি বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰ কথা ঘোষণা কৰিলে! আমি ভাবোঁ বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাও প্ৰতিদ্বন্দ্বিতাই -য’ত স্পষ্টভাবে ভোট বিভাজন হয় আৰু প্ৰতিপক্ষৰ প্ৰাৰ্থীক এই ভোট বিভাজনে সহায় কৰে। ( কবিৰ ভাষাত -মৃদুভাবে লাঠি চালনা, মৃদুভাবে বুকুৱেদি বুলেট সৰকাই দিয়া!!) শত্ৰুতামূলক প্ৰতিদ্বন্দ্বিতা আৰু বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ ফলাফল একেই থাকে।

আকৌ কৈছোঁ -ই একধৰণৰ ভদ্ৰভাবে হত্যা কৰাৰ দৰে কথা! পৰিণামস্বৰূপে – মাত্ৰ দুটামান সমষ্টিৰ বাহিৰে বিৰোধী ঐক্যমঞ্চই ঐক্যবদ্ধভাবে প্ৰচাৰ চলাব নোৱাৰিলে। বিশেষকৈ, গুৱাহাটী লোকসভা সমষ্টিৰ স্বীকৃত উমৈহতীয়া প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হকেও সঁচা অৰ্থত বিৰোধী গোটে উমৈহতীয়া প্ৰচাৰ চলাব নোৱাৰিলে! বিষয়টো অত্যন্ত একেসময়তে দৃষ্টিকটু আৰু অত্যন্ত চিন্তনীয়। এনে হ’লে ভৱিষ্যতে কি হ’ব?  ভাজপা-ৰ বিৰুদ্ধে যদি বিৰোধী ঐক্যমঞ্চই ঐক্যবদ্ধভাবে নিৰ্বাচনী প্ৰচাৰ চলাবই নোৱাৰে আৰু প্ৰতিটো সমষ্টিত ঐক্যমঞ্চৰ পৰা এজনকৈ প্ৰাৰ্থী দিব নোৱাৰি নিজৰ মাজতেই (বন্ধুত্বপূৰ্ণ?) যুঁজবাগৰ কৰি থাকে -তেনেহ’লে বিৰোধী ঐক্যৰ অৰ্থ কি থাকিল? ইয়াৰ  অৰ্থ বিৰোধী ঐক্যৰ প্ৰতি থকা জনসাধাৰণৰ আগ্ৰহক কৰা প্ৰতাৰণা নহয়নে?

বিৰোধী ঐক্যমঞ্চই ঐক্যবদ্ধভাবে কাম কৰিব নোৱাৰাৰ উদাহৰণ হিচাপে সদায়েই সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিছৰ  ২০২৪-ৰ বৰপেটা সমষ্টিলৈ আঙুলিয়াব! মন কৰিবলগীয়া যে, অসমৰ ৰাইজে বৰপেটা লোকসভা সমষ্টিৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি আছিল-আৰু এইক্ষেত্ৰত কেইবাগৰাকীও লেখক-বুদ্ধিজীৱী-শিল্পী-সাহিত্যিক-সাংবাদিকে স্বাক্ষৰ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ডাঙৰীয়াৰ ওচৰত চিপিআই(এম)-ৰ প্ৰাৰ্থী শ্ৰী মনোৰঞ্জন তালুকদাৰক নিৰ্দিষ্টকৈ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে দিয়াৰ বাবে আহ্বান জনাইছিল! কিন্তু , অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ডাঙৰীয়াৰ আপাতঃ দৃষ্টিত নিষ্পৃহ ভূমিকা মুঠেও গ্ৰহণযোগ্য নহয় ! অৱশ্যে, বিষয়টো পুনৰ্বিবেচনাৰ বাবে নিৰ্দিষ্ট কেন্দ্ৰীয় পৰ্যবেক্ষক জিতেন্দ্ৰ সিঙকো জনোৱা হৈছিল। কিন্তু সঁহাৰি পোৱা নগ’ল! পিছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই জনালে-বিধানসভাত যিহেতু মনোৰঞ্জন তালুকদাৰ ইতিমধ্যে আছেই আৰু বিধানসভাত তেওঁৰ প্ৰয়োজন আছে -সেয়েহে চি পি আই (মাৰ্ক্সবাদী)য়ে বৰপেটা লোকসভা সমষ্টিত অইন এজন প্ৰাৰ্থী প্ৰক্ষেপ কৰা উচিত আছিল! 

আত্মপক্ষ সমৰ্থন কৰিবলৈ গৈ ভূপেন বৰা ডাঙৰীয়াই পাহৰিলে – যে কংগ্ৰেছে নিজেই বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইন ডাঙৰীয়াক ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ! অৰ্থাৎ, ভাজপা-ৰ দৰেই অইনে কৰিব নোৱাৰা কামটো ধুবুৰীত কংগ্ৰেছে পাৰে -আৰু চিপিআই (এম)-ক বৰপেটাত বাধা দিয়ে !  কংগ্ৰেছ দলৰ(নে দলীয় নেতৃত্বৰ?) এইটোৱেই ‘বিগ ব্ৰাডাৰ’সুলভ মনোভাৱ -যিটো ঐক্যমঞ্চৰ মূল নীতিৰ বিৰোধী ! আৰু এই মনোভাৱৰ বাবেই আকৌ কৈছোঁ – কংগ্ৰেছ নেতৃত্বই পূৰ্বৰ ভুলৰ শুধৰণি নকৰি অনাহক অহমিকাৰ টিংখোপত বহি থাকি ভাজপা-ৰ বিশ্বস্ত সহযোগী অসম গণ পৰিষদৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক ভোট বিভাজনেৰে বৰপেটা লোকসভা সমষ্টিত বিজয়ী হোৱাত সহায় কৰিলে? 

সেয়েহে , অসম আৰু ভাৰতৰ বৃহত্তৰ স্বাৰ্থত  ২০২৪-ৰ ভুলৰ পুনৰাবৃত্তি যাতে ২০২৬-ত নহয় তাৰ বাবে কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই অসম কংগ্ৰেছত এজন দূৰদৰ্শী সাংগঠনিক কৰ্মদক্ষতাৰে পুষ্ট নতুন নেতৃত্বক দায়িত্ব দিয়া উচিত। কোনো  পৰিস্থিতিতে আমোলাতান্ত্ৰিক মনোভাবাপন্ন নেতা নালাগে! নেতা হোৱা উচিত উদাৰ অথচ দৃঢ়, ভীষণভাবে দূৰদৰ্শী, অইনৰ মতামত শুনাৰ ধৈৰ্য থকাৰ লগতে সঠিক সিদ্ধান্ত লৈ আগবাঢ়িব পৰা বন্ধুভাবাপন্ন ব্যক্তিত্ব। ক্ষমতা  থাকিল বাবেই অপব্যৱহাৰ কৰা উচিত নহয় ! ৰাজহুৱা আবেদন লৈ যোৱা জ্যেষ্ঠ নাগৰিক প্ৰতিনিধিক চেঙেলীয়া চাকৰি প্ৰাৰ্থী বুলি ভবা অনুচিত। ২০২৬-ৰ বিধানসভা নিৰ্বাচনলৈ মাত্ৰ দুটা বছৰ আছে। দুটা বছৰ দুটা নিমিষ মাত্ৰ -পলকতে সময় উৰি গুছি যাব! এতিয়াই যদি কংগ্ৰেছ দলে অসমত ভাজপা বিৰোধী ঐক্যমঞ্চক নেতৃত্ব দিব পৰা (বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতাৰে ভদ্ৰভাবে হত্যা কৰাৰ নীতি কঠোৰভাবে পৰিহাৰ কৰিব পৰা) যোগ্য নেতৃত্ব বাচিব নোৱাৰে তেনেহ’লে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে পুনৰাই যে দিছপুৰৰ ক্ষমতা দখল কৰিবই -সেই কথা খাটাং! এই  জটিল সময়ত কংগ্ৰেছ নেতৃত্বই আত্মবিশ্লেষণ কৰা উচিত! 

     (লেখকৰ ভ্ৰাম্যভাষ : ৭৮৯৬৭ ৪৬৫৬৬)

  শঙ্কৰ শইকীয়া

শঙ্কৰ শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

August 25, 2025 8:17 pm
বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

August 25, 2025 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd