চেলফিৰ চখ হ’ল কাল: নাও ডুবি মৃত্যু ঘটিল এজনৰ, সন্ধানহীন এজন

Selfie Attempt Kill

চলন্ত নাৱত উঠি চেলফি তোলাৰ চেষ্টা কৰি নিজৰ জীৱন হেৰুৱাবলগীয়া হৈছে এজন যুৱকে। শনিবাৰে এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ জয়পুৰত। জয়পুৰৰ নেভটা বান্ধত চেলফি তোলাৰ চেষ্টাৰ কৰোঁতে এখন নাও ডুবি যোৱাৰ ফলত এগৰাকী যুৱকৰ মৃত্যু হোৱাৰ লগতে আন এজন যুৱক সন্ধানহীন হৈছে।

ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে জানিবলৈ দিয়া মতে সুৰেশ গুৰ্জাৰ, সাক্ষম তাম্বি আৰু গৌৰৱ নামৰ তিনিগৰাকী যুৱকে আমোদৰ বাবে শনিবাৰে সন্ধিয়া নেভটা বান্ধত নৌকা বিহাৰ কৰিছিল।

পানীৰ মাজতে তেওঁলোকে চেলফি ল’বলৈ চেষ্টা কৰোঁতেই যুৱক কেইগৰাকীৰ অসাৱধানতাৰ বাবে নাওখন ডুবি যায় আৰু নাওখনত থকা অপাৰেটৰ গৰাকীৰ লগতে আটাইকেইগৰাকী যুৱক ডুব যায়।

অৱশ্যে, নাও অপাৰেটৰগৰাকী আৰু গৌৰৱ নামৰ যুৱক গৰাকী সাঁতুৰি পাৰলৈ উঠিবলৈ সক্ষম হয়। কিন্তু নাৱত থকা আন দুই যুৱক সুৰেশ আৰু সাক্ষম পাৰলৈ উঠাত বিফল হয় আৰু পানীত ডুব যায়।

চেজ আৰক্ষী থানাৰ দায়িত্ববাহী বিষয়া সতপাল সিঙে জানিবলৈ দিয়া মতে দেওবাৰে সন্ধানহীন দুই যুৱকৰ মাজৰে দেওবাৰে সুৰেশৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

আনহাতে আনগৰাকী যুৱক সাক্ষমৰ সন্ধান ওলোৱাত এতিয়ালৈকে সফল হোৱা নাই। যুৱক গৰাকীৰ সন্ধান চলি আছে যদিও ইতিমধ্যে তেওঁৰ মৃত্যু হোৱা বুলি আশংকা কৰিছে স্থানীয় আৰক্ষী বিষয়া গৰাকীয়ে।