NORTHEAST NOW (Assamese)

লাখ লাখ লোক কৰোণাত মৃত্যু! সংসদে চলাব ৰাষ্টপ্ৰধানৰ বিৰুদ্ধে অনুসন্ধান, কোন দেশত?

April 28, 2021 7:05 pm · এন ই নাও নিউজ
(ৰাষ্ট্ৰপতি জাইৰ বলছনাৰো, ফাইল ফটো)

ব্ৰাজিলৰ ছিনেটে বুধবাৰৰ পৰা দেশখনৰ চৰকাৰে ক’ভিড-১৯ মহামাৰি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত লোৱা ব্যৱস্থাৱলী সম্পৰ্কত অনুসন্ধান চলাব।

ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে, এই অনুসন্ধানৰ ফলত দেশখনৰ ৰাষ্ট্ৰপতি জাইৰ বলছনাৰোৱে তীব্ৰ প্ৰত্যাহ্বানৰ সম্মুখিন হ’ব।

২০২২ চনত অনুষ্ঠিত হ’ব দেশখনৰ নিৰ্বাচনত সোঁপন্থী ৰাষ্ট্ৰপতিজনে পুনৰ অৱতীৰ্ণ হ’ব।

কিন্তু দেশখনত ৪ লাখ লোকে মহামাৰিত প্ৰাণ হেৰোৱাৰ বিষয়টোত বিৰোধী পক্ষই ৰাষ্ট্ৰপতিজনক জগৰীয়া কৰি আহিছে।

উল্লেখযোগ্য যে মহামাৰিৰ সময়ছোৱাত বলছনাৰোৱে ক’ভিড নীতি-নিৰ্দেশাৱলীৰ বিৰুদ্ধাচাৰণ কৰি আহিছিল।

তাৰ বিপৰীতে তেওঁ এনে কিছুমান ঔষধ ব্যৱহাৰৰ সমৰ্থন কৰিছিল, যিসমূহ বিজ্ঞানীসকলে প্ৰত্যাখ্যান কৰিছিল।

সমালোচকসকলে কয় যে তেওঁৰ এই কাৰ্যাৱলীৰ বাবেই ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যাৰ ক্ষেত্ৰত ব্ৰাজিল বিশ্বৰ ভিতৰতে দ্বিতীয় হৈ পৰিছে।

ছিনেটে লোৱা এই সংসদীয় অনুসন্ধানটো অপৰাধ অনুসন্ধান নহয় যদিও ইয়াৰ দ্বাৰা গোচৰ আৰোপ হ’ব পাৰে।

যাৰ পৰিপ্ৰেক্ষিতত বলছনাৰোৰ ৰাজনৈতিক ভৱিষ্যত প্ৰশ্নবোধক হৈ উঠিব পাৰে।

Related News