মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৬ নং দফা সন্দৰ্ভত দাঙি ধৰা যুক্তি ভিত্তিহীন: উপমন্যু হাজৰিকা

Upamainyu Hazarika on CM Himanta

‘’মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই “৬ নং দফা সমিতিৰ প্ৰতিবেদন আদালতত নিটিকে” বুলি দিয়া মন্তব্য দূৰ্ভাগ্যজনক আৰু সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। তেওঁৰ এই‌ মন্তব্য কেৱল ৬ নং দফা কাৰ্যকৰি নকৰিবলৈ দিয়া এটা ভিত্তিহীন যুক্তি।‘’

এই মন্তব্য জ্যেষ্ঠ অধিবক্তা তথা অসমত খিলঞ্জীয়াৰ স্বাৰ্থত মাত মাতি ৰাজনৈতিক সচেতনতা বৃদ্ধিৰ প্ৰচেষ্টা চলাই অহা উপমন্যু হাজৰিকাৰ।

হাজৰিকাই শনিবাৰে এই সন্দৰ্ভত এক বিবৃতি জাৰি কৰি তেওঁৰ মতামত ব্যক্ত কৰিছে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰা এনে যুক্তি ভিত্তিহীন বুলি উল্লেখ কৰি তেওঁ ইয়াৰ দুটা কাৰণ দাঙি ধৰিছে।

প্ৰথমতে, সংৰক্ষণৰ ৫০% সীমা উচ্চতম ন্যায়ালয়ে ধাৰ্য্য কৰিছে কেবল চাকৰি আৰু শিক্ষাৰ ক্ষেত্ৰতহে। কিন্তু ব্যতিক্ৰমীভাবে, উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যত খিলঞ্জীয়াৰ বাবে থকা ৮০-৯০% সংৰক্ষণকো উচ্চতম ন্যায়ালয়ে বৈধ বুলি স্বীকৃতি দিছে।

উচ্চতম ন্যায়ালয়ে দিয়া তিনিটা ৰায়দান ক্ৰমে সৰ্বানন্দ ১, সৰ্বানন্দ ২, আৰু সন্মিলিত মহাসংঘত ,স্পষ্টভাবে স্বীকৃতি দিছে যে অসমত খিলঞ্জীয়া সংখ্যালঘু হোৱাৰ পথত আৰু সেয়েহে খিলঞ্জীয়াৰ অধিকাৰ আৰু নিৰাপত্তা সুৰক্ষিত কৰাটো অনিবাৰ্য। কেৱল অসমে চুক্তি কৰি ভাৰত বৰ্ষৰ আন ৰাজ্যৰ তুলনাত ২৩ বছৰৰ অতিৰিক্ত বিদেশীৰ বোজা ল’লে যাৰ ক্ষতিপূৰণৰ ৰূপত অসমৰ ১১৫ টা জাতি- জনগোষ্ঠীৰ বাবে ৰক্ষা কৱচৰ প্ৰতিশ্ৰুতি অসম চুক্তিত লিপিবদ্ধ আছে।

মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰাৰ দৰে, প্ৰতিবেদনৰ প্ৰস্তাৱ কেৱল চাকৰি সংৰক্ষণৰ ক্ষেত্ৰতে সীমাবদ্ধ নহয়, ভূমি,ব্যৱসায়, ইত্যাদি ক্ষেত্ৰতো প্ৰস্তাৱ আছে।

ইতিমধ্যে বিজেপি শাসনাধীষ্ঠ হিমাচল, উত্তৰাখণ্ডৰ উপৰিও উত্তৰ পূবৰ আন ৰাজ্যতো খিলঞ্জীয়া লোকৰ বাবে ভূমি সংৰক্ষিত আছে।

২১ ডিচেম্বৰ ২০১৯ ত তেওঁ স্বয়ং কেবিনেটৰ প্ৰতিশ্ৰুতি ৰাজহুৱা কৰিছিলে যে ভূমি সংৰক্ষণৰ আইন পৰৱৰ্তী বিধানসভা অধিবেশনত প্ৰণয়ন কৰা হব। যি এতিয়া এটা মিথ্যাচাৰ প্ৰমাণিত হ’ল।

অধিবক্তা হাজৰিকাৰ প্ৰশ্ন, ‘’যদি প্ৰতিবেদনত কিবা খুঁ‌ত আছে বুলি তেওঁ জানিছিলেই, তেন্তে কমিটিত থকা বিশিষ্ট আইনজ্ঞ সকলৰ পৰা পুনৰ স্পষ্টীকৰণ বিচাৰি এটা সমাধানৰ পথ নিবিচাৰিলে কিয়??’’

দ্বিতীয়তে, হাজৰিকাই অভিযোগ কৰি কয় যে মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ ৰাজনৈতিক জীৱনৰ অধিকাংশ সময় কংগ্ৰেছত থাকি খিলঞ্জীয়াক বিৰোধ কৰি বাংলাদেশীক তুষ্টি কৰিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিছিলে, সেয়া উচ্চতম ন্যায়ালয়ে নাকচ কৰিছিল।

ইয়াৰ কেইটামান উদাহৰণ দাঙি ধৰি উপমন্যু হাজৰিকাই লিখিছে:

২০০১ চনৰ  মে’ মাহত গঠন হোৱা কংগ্ৰেছ চৰকাৰে এমাহৰ ভিতৰতে উচ্চতম ন্যায়ালয়ত IMDT আইন সমৰ্থন কৰি শপত নামা দিছিল। কিন্তু এই শপত নামা উচ্চতম ন্যায়ালয়ে নাকচ কৰি IMDT আইন বাতিল কৰে।

তাৰ পিছত ২০০৬ চনত উচ্চতম ন্যায়ালয়ত IMDT পুনৰ স্থাপন কৰিবলৈ অধিনিয়ম ঘোষণা কৰিলে, উচ্চতম ন্যায়ালয়ে ইয়াক পুনৰ বাতিল কৰিলে।

তৰুণ গগৈ চৰকাৰৰ অসম চুক্তি ৰূপায়ন মন্ত্ৰী হিচাপে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, বৰপেটা  উপায়ুক্তৰ কাৰ্যলয় জ্বলাই দি NRC স্থগিত কৰা সকলক ক্ষতিপূৰণ দি পুৰস্কৃত কৰিলে,যাৰ মাজত ৯০ জন মান ব্যক্তি বিদেশী প্ৰমাণিত হ’ল।

NRC পুনৰ আৰম্ভ কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন কৰা আসাম পাব্লিক ৱৰ্কচৰ গোচৰক বিৰোধ কৰি অসম চৰকাৰৰ দিয়া শপতনামা ন্যায়ালয়ে নাকচ কৰিলেই লগতে NRC সম্পূৰ্ণ হোৱাৰ সময় তালিকা ধাৰ্য্য কৰিলে।

হাজৰিকাই দাবী কৰি কয়, ‘’মুঠৰ ওপৰত কংগ্ৰেছত থাকোতে বাংলাদেশীৰ পক্ষত হিমন্ত বিশ্ব শৰ্মাই যি তৎপৰতা  দেখুৱাইছিলে, সেই একে তৎপৰতা কিন্তু যোৱা ৫ বছৰে খিলঞ্জীয়াৰ পক্ষত থাকি দেখুওৱা নাই।‘’

অধিবক্তা উপমন্যু হাজৰিকাৰ স্পষ্ট অভিযোগ, ‘’আৰু এতিয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছত ডঃ শৰ্মাৰ এনেধৰণৰ মন্তব্যই খিলঞ্জীয়াক সংকেত দিলে যে ৰক্ষা কবচৰ কোনো আইনী ভিত্তি নাই আৰু ইয়াৰ ফলত অসম আন্দোলন আৰু যোৱা ৪০ বছৰ ধৰি  খিলঞ্জীয়াক সুৰক্ষিত কৰিবলৈ চলা সংগ্ৰামখনো নস্যাৎ কৰাৰ প্ৰয়াস কৰিছে।‘’