• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুক্তিযোদ্ধা, কংগ্ৰেছীক ‘জোতাৰ মালা’ পিন্ধাই গহপুৰত ঘূৰোৱা ৰিপুণ বৰাৰ অপসাৰণ দাবী

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 6, 2019 6:12 pm
Senior Assam Congress leader demands Ripun Bora's resignation as APCC president

শনিবাৰে ধীৰেন শইকীয়াৰ সংবাদমেলৰ ছবি।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাৰ বিৰুদ্ধে দলীয় নেতা-কৰ্মীৰ ক্ষোভ এতিয়াও অব্যাহত আছে। কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছীয়ে হাইকমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰা, দলৰ যুৱ নেতা পাৰ্থ প্ৰতীম বৰাই কৰা বিস্ফোৰক মন্তব্যৰ পাছত এইবাৰ ৰিপুণ বৰাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে এজন প্ৰবীণ কংগ্ৰেছীয়ে।

তেওঁ ৰিপুণ বৰাৰ নিজ সমষ্টি গহপুৰৰ বাসিন্দা তথা ১৯৭৮ চনৰ পৰাই কংগ্ৰেছ (আই)ৰ সদস্য হৈ থকা ধীৰেন চন্দ্ৰ শইকীয়া।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ পৰা ৰিপুণ বৰাক অপসাৰণৰ দাবী তুলি শনিবাৰে দিচপুৰ প্ৰেছ ক্লাবত শইকীয়াই এখন সংবাদ মেল সম্বোধন কৰে।

“ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে পদত্যাগ কৰিলে, প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক হৰিশ ৰাৱতে পদত্যাগ কৰিলে, কিন্তু ৰিপুণ বৰাই পদত্যাগ কৰা নাই কিয়? তেওঁ পদটোত খামুচি ধৰি আছে। গতিকে তেওঁ পদত্যাগ কৰিব লাগে আৰু সৎ আৰু নিকা মানুহক লৈ কংগ্ৰেছক শক্তিশালী কৰিব লাগে,” ধীৰেন চন্দ্ৰ শইকীয়াৰ দাবী।

লগতে ইয়াৰ অন্যথা ৰিপুণ বৰাক পদৰ পৰা অপসাৰণ কৰাৰো দাবী কৰে প্ৰবীণ কংগ্ৰেছ কৰ্মীগৰাকীয়ে।

তেওঁ লগতে সংবাদ মেলত দাঙি ধৰে ৰিপুণ বৰাৰ অতীত। অসম আন্দোলনৰ সময়ত গণ সংগ্ৰাম পৰিষদৰ বিষয়ববীয়া ৰিপুণ বৰাই গহপুৰত কংগ্ৰেছ কৰ্মী আৰু মুক্তিযোদ্ধাসকলৰ ওপৰত অত্যাচাৰৰ নেতৃত্ব দিছিল বুলিও তেওঁ মন্তব্য কৰে।

“অসম আন্দোলনৰ সময়ত ১৯৮৩ চনত গহপুৰত হোৱা গণহত্যাৰ ভুক্তভোগীসকলৰ খবৰ ল’বলৈ যেতিয়া ইন্দিৰা গান্ধী আহিছিল তেতিয়া ৰিপুণ বৰাই গহপুৰ টাউনত ক’লা পতাকা উৰুৱাইছিল। ৰিপুণ বৰাই বিভিন্ন কংগ্ৰেছী বিশেষকৈ মুক্তিযোদ্ধা ভদ্ৰেশ্বৰ বৰা, থানেশ্বৰ খাটনিয়াৰকে ধৰি আমাৰ কেইবাজনকো গহপুৰ টাউনত জোতাৰ মালা পিন্ধাই ঘূৰাইছিল,” ধীৰেন চন্দ্ৰ শইকীয়াই কয়।

ইন্দিৰা গান্ধী মৃত্যু হওঁতে ৰিপুণ বৰাই গহপুৰ চহৰৰ মাজমজিয়াত হাঁহ মাৰি ভাত খোৱা বুলিও তেওঁ উল্লেখ কৰে।

তেতিয়াৰ গহপুৰত আন্দোলনকাৰী নেতা ৰিপুণ বৰাৰ নেতৃত্বতে কংগ্ৰেছীসকলৰ ওপৰত নিৰ্য্যাতন চলিছিল। কিন্তু সেইজন ৰিপুণ বৰা কেনেকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ’বলৈ পালে সেই বিষয় লৈও তেওঁ প্ৰশ্ন উত্থাপন কৰে।

ৰিপুণ বৰা প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব লোৱাৰ পাছৰে এসময়ৰ গহপুৰৰ ব্লক কংগ্ৰেছৰ সভাপতি পদকে ধৰি বহু বিষয়বাবত থকা ধীৰেন চন্দ্ৰ শইকীয়াক সকলো দায়িত্বৰ পৰাই অব্যাহতি দিয়া বুলিও শইকীয়াই জানিবলৈ দিয়ে।

২০০৬ চনত বিধান সভা নিৰ্বাচনত গহপুৰ সমষ্টিৰ প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰাৰ পাছত ৰিপুণ বৰাৰ গুণ্ডা বাহিনীয়ে তেওঁৰ ঘৰলৈ গৈ ধমকি দি আহিছিল বুলিও জানিবলৈ দিয়ে।

এই বিষয়ে শইকীয়াই তেতিয়াৰ কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধীলৈ পত্ৰযোগে অৱগত কৰাইছিল বুলিও কয়।

ৰিপুণ বৰাক দুৰ্নীতিপৰায়ণ আখ্যাৰে তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থকাটো বিৰোধীৰ বাবে “প্লাছ পইণ্ট” বুলিও ধীৰেন শইকীয়াই মন্তব্য কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দিনে ৩ লিটাৰ পানী খোৱাৰ পাছতো দেহত পানীৰ অভাৱ! কিদৰে দূৰ কৰিব এই সমস্যা?

দিনে ৩ লিটাৰ পানী খোৱাৰ পাছতো দেহত পানীৰ অভাৱ! কিদৰে দূৰ কৰিব এই সমস্যা?

August 14, 2025 7:30 am
চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়! কি কয় বিশেষজ্ঞসকলে?

চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়! কি কয় বিশেষজ্ঞসকলে?

August 14, 2025 6:30 am
মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

মোদীৰ ভ্ৰমণৰ পূৰ্বে ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টাঃ দিল্লীত ড’ভালক সাক্ষাৎ কৰিব চীনৰ বৈদেশিক মন্ত্ৰীয়ে

August 13, 2025 9:10 pm
উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

উমিয়াম হ্ৰদৰ প্ৰস্তাৱিত পঞ্চ তাৰকাযুক্ত ৰিজৰ্টৰ নিবিদা বাতিল মেঘালয় চৰকাৰৰ

August 13, 2025 8:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিনে ৩ লিটাৰ পানী খোৱাৰ পাছতো দেহত পানীৰ অভাৱ! কিদৰে দূৰ কৰিব এই সমস্যা?

দিনে ৩ লিটাৰ পানী খোৱাৰ পাছতো দেহত পানীৰ অভাৱ! কিদৰে দূৰ কৰিব এই সমস্যা?

August 14, 2025 7:30 am
চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়! কি কয় বিশেষজ্ঞসকলে?

চুলিৰ বৃদ্ধিৰ বাবে ভিটামিন ডি অতি প্ৰয়োজনীয়! কি কয় বিশেষজ্ঞসকলে?

August 14, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd