• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিত ত্যাগৰ মূল্য নাই! বাঢ়ি থোৱা ভাত খাই নোদোকা হৈছে কোন ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 20, 2023 5:55 pm
871
VIEWS
Share on FacebookShare on Twitter

ত্যাগৰ মূল্য নাই বিজেপিত! বাঢ়ি থোৱা ভাত খাই নোদোকা হ’ল কোন? মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ চৰম স্পৰ্ধা! ন-বিজেপি হৈয়ো জ্যেষ্ঠ বিজেপি নেতাক সকিয়নী দিয়াৰ চৰম স্পৰ্ধা কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই! জ্যেষ্ঠ বিজেপি নেতাক ত্যাগৰ মূল্য দিব নোৱাৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

কিন্তু বিৰোধী নেতা বা কংগ্ৰেছী নেতাক কটু সমালোচনা কৰাৰ দৰেই বিজেপিৰ জ্যেষ্ঠ নেতাক ইমান তুচ্ছ-তাচ্ছিল্য কিয়? ৰাজেন গোহাঁই কংগ্ৰেছী নে বিৰোধী নেতা? নে ৰাজেন গোহাঁই বিজেপিৰ জ্যেষ্ঠ পুৰণি নেতা? মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্য বিজেপিৰ নীতি-আদৰ্শৰ পৰিপন্থী নহয় নে? জ্যেষ্ঠ জনক সন্মান কৰিব লাগে বুলি RSSৰ প্ৰশিক্ষণত নিশিকালে নেকি মন্ত্ৰী জয়ন্ত মল্লক! ২০১৫ চনত কংগ্ৰেছৰ পৰা ডলাৰ বগৰীৰ দৰে হিমন্ত বিশ্ব শৰ্মাৰ নেগুৰত ধৰি আহি বিজেপিত যোগদান দিয়া নেতা জয়ন্ত মল্লৰ হুংকাৰ পুৰণি বিজেপি নেতাক। 

উল্লেখযোগ্যে যে, শুকুৰবাৰে পদত্যাগ পত্ৰ দাখিল কৰি আহিয়েই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিষোদগাৰ প্ৰদৰ্শন কৰিছিল বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইয়ে। কিয়নো সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীক সাক্ষাত কৰি জনাইছিল যদিও সেয়া পাছত হৈ নুঠাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছিল। উল্লেখ্য যে এজন মুখ্যমন্ত্ৰী ৰাজ্যখনৰ প্ৰতিজন নাগৰিকৰ মুখ্যমন্ত্ৰী মন্ত্ৰী জয়ন্ত মল্লই ভবাৰ দৰে কোনো দলৰ ব্যক্তিগত মুখ্যমন্ত্ৰী নহয়।  সেয়েহে কিবা কথাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ থাকিলে প্ৰকাশ কৰাৰ নৈতিক অধিকাৰ প্ৰতিগৰাকী নাগৰিকৰে আছে। কিন্তু সীমা চেৰাই গৈ চৰম উদ্ধতালিৰে জ্যেষ্ঠ বিজেপি নেতা তথা বিজেপিৰ ভেটি অসমত সূ-দৃঢ় কৰিবলৈ প্ৰয়াস কৰা বিজেপিৰ বৰ্তমানো নেতা হৈ থকা ৰাজেন গোহাঁইৰ কংগ্ৰেছৰে মিতিৰালি থকা বুলি কটাক্ষ কৰিবলৈও চৰম স্পৰ্ধা কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। 

ঘৰৰ ভিতৰৰ কাজিয়া বা কিবা কিবি খুট খাট এতিয়া কোনে বেছিকৈ পোহৰলৈ আনিলে? জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁই নে  মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই? জ্যেষ্ঠ বিজেপি নেতাক কটাক্ষ কৰিবলৈকে নীতিপাঠ দিয়া হয় নেকি বিজেপিত? নে জ্যেষ্ঠক অসন্মান কৰাটো বিজেপিৰ আদৰ্শ নেকি? সেই প্ৰশ্নই স্বাভাৱিকতে উত্থাপিত হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আচৰণত। কথাৰ কথা এটাহে কওঁ… ঘৰ এখনৰ জ্যেষ্ঠ লোক এজনে যদি কেতিয়াবা গুৰুত্বহীনতাত ভুগি আক্ষেপ কৰে বা অভিমান কৰে তেওঁক তুচ্ছ তাচ্ছিল্য বা কটু কথাৰে সমালোচনা কৰি ঘৰখ ত্যাগ কৰাৰ বাবে বাধ্য কৰাতো সমিচীন নে তেওঁক বুজাই বঢ়াই মৰমেৰে আঁকোৱালি লোৱাটো সমিচীন? কিন্তু কি কৰিলে ২০১৫ চনত গেৰুৱা সাজ পিন্ধা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। উত্তৰটো ৰাইজলৈ এৰিলো।

Recent News

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি! প্ৰায়বোৰ বিদ্যালয়-মহাবিদ্যালয় খোলা হৈছে জম্মু-কাশ্মীৰত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd