NORTHEAST NOW (Assamese)

অৱসৰৰ দুদিন পিছতে দলগোমাৰ পৰা সন্ধানহীন জ্যেষ্ঠ ব্যক্তি

August 3, 2019 5:42 pm · নীলমণি শৰ্মা

গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত দলগোমাৰ এজন বয়োজ্যেষ্ঠ ব্যক্তি কালি অৰ্থাৎ শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে ধনিৰাম দাস নামৰ সন্ধানহীন লোকজনে মাত্ৰ দুদিন পূৰ্বে পশুপালন আৰু চিকিৎসা বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।

প্ৰাপ্ত তথ্য মতে শুকুৰবাৰে দিনৰ প্ৰায় ৯.৩০ বজাত ঘৰৰ পৰা দাড়ি কাটিম বুলি ওলাই গৈ এতিয়ালৈ তেওঁ ঘূৰি অহা নাই।

কোনো লোকে যদি ব্যক্তি গৰাকীক দেখা পায় নাইবা কিবা সম্ভেদ পায় তেন্তে আৰক্ষী বা ৯১০১১৪১২২৮, ৯৩৬৫৫০০১৪২ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

Related News