NORTHEAST NOW (Assamese)

কংগ্ৰেছ দলত তেওঁৰ ভূমিকা নিৰ্ধাৰণ কৰা হওক; ৰাহুল গান্ধীক ক’লে শশী থাৰুৰে

February 22, 2025 2:37 pm · এন ই নাও নিউজ, নতুন দিল্লী

কংগ্ৰেছ সাংসদ শশী থাৰুৰক লৈ যথেষ্ট অস্বস্তিত পৰিছে কংগ্ৰেছ শিবিৰ। অৱশ্যে এতিয়া শশীৰ বিৰুদ্ধে কোনো কূটনৈতিক পদক্ষেপ লোৱা নাই দলটোৱে। শশী থাৰুৰ কামত যেনেকৈ কংগ্ৰেছ হাইকমাণ্ড সন্তুষ্ট নহয়, তেনেদৰে শেহতীয়াকৈ ৰাহুল গান্ধীৰ সৈতে হোৱা সাক্ষাতক লৈ শশী থাৰুৰো অসন্তুষ্ট।

উক্ত বৈঠকত শশী থাৰুৰে বিভিন্ন অভিযোগ আৰু পৰামৰ্শ আগবঢ়াইছিল। কিন্তু সূত্ৰৰ পৰা জানিব পৰা মতে, কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে সেইবোৰক বিশেষ গুৰুত্ব নিদিলে। আনকি থাৰুৰৰ সৈতে হোৱা বৈঠকত কংগ্ৰেছে কোনো নম্ৰতা প্ৰদৰ্শন কৰা নাছিল। ফলত শশী থাৰুৰ আৰু ৰাহুল গান্ধীৰ সম্পৰ্কত এতিয়া অৱনতি ঘটিছে বুলি ধাৰণা কৰা হৈছে।

ইপিনে, পৰিস্থিতি এনে এটা পৰ্যায় পাইছেগৈ যে শশী থাৰুৰে ৰাহুল গান্ধীক পোনপটীয়াকৈ প্ৰশ্ন কৰিছে যে কংগ্ৰেছ দলত তেওঁৰ ভূমিকা কি হ’ব? শশীয়ে দলত কি ভূমিকা ল’ব লাগিব সেই কথা নিৰ্দিষ্ট কৰি স্পষ্ট কৰিবলৈ কয়।

সূত্ৰৰ পৰা জানিব পৰা মতে, কিছুদিন পূৰ্বে নতুন দিল্লীত দুই পক্ষৰ মাজত হোৱা বৈঠকৰ সময়ত শশীয়ে ৰাহুলক এই প্ৰশ্ন কৰিছিল। লগতে ৰাহুলৰ আগতে তেওঁক দলত একাষৰীয়া কৰি ৰখাৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰে। কিন্তু সেইদৰে সঁহাৰিৰ নোপোৱাত ৰাহুলক লগ পোৱাৰ পাছতো শশী অসুখী বুলি জানিব পৰা গৈছে।

আনহাতে, থাৰুৰক লৈ ক্ষুব্ধ হৈ পৰিছে এআইচিচি। কিন্তু কিয় ক্ষুব্ধ দলটো? সূত্ৰ অনুসৰি শশী থাৰুৰৰ দলবিৰোধী স্থিতি এই ক্ষোভৰ মূল কাৰণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমেৰিকা ভ্ৰমণ আৰু ড’নাল্ড ট্ৰাম্পৰ সৈতে হোৱা সাক্ষাৎকাৰ সন্দৰ্ভত কংগ্ৰেছৰ স্থিতিৰ বিপৰীতে আছিল শশীৰ স্থিতি। সেয়া বাহিৰলৈও ওলাই আহিছে। ইয়াৰ ফলত দলটোৰ অস্বস্তি বৃদ্ধি পাইছে।

তদুপৰি শেহতীয়াকৈ কেৰালাত বাওঁ চৰকাৰৰ উদ্যোগিক বিকাশৰ প্ৰশংসাই তাৰ কংগ্ৰেছ শিবিৰত অস্বস্তিৰ সৃষ্টি কৰিছে। যদিও শশী থাৰুৰে অনুভৱ কৰে যে তেওঁক দলৰ ভিতৰত গুৰুত্ব দিয়া হোৱা নাই। ৰাহুল গান্ধীৰ সৈতে হোৱা বৈঠকত থাৰুৰে তেওঁক অল ইণ্ডিয়া প্ৰফেছনেল কংগ্ৰেছৰ দায়িত্বৰ পৰা অপসাৰণ কৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে।

ইয়াৰ উপৰিও সংসদীয় বিতৰ্কত তেওঁক সুযোগ দিয়া হোৱা নাই। বৰঞ্চ শশীয়ে সভাত অসন্তুষ্টি প্ৰকাশ কৰি কয় যে তেওঁক একাষৰীয়া কৰি ৰখা হৈছে। সূত্ৰই জনোৱা মতে, তেওঁ ৰাহুলক কয় যে তেওঁৰ সংসদত নেতৃত্ব দিয়াৰ ক্ষমতা আছে। তিৰুৱনন্তপুৰমৰ সাংসদ হিচাপে বাৰে বাৰে জয়লাভ কৰিছে শশী থাৰুৰে। তথাপিও ৰাহুল গান্ধী বিৰোধী দলপতি হোৱাত তেওঁ তাত প্ৰতিবাদ কৰা নাই।

তাত শশী থাৰুৰে ৰাহুল গান্ধীৰ পৰা জানিব বিচাৰিছিল যে তেওঁ ৰাজ্যৰ ৰাজনীতিত মনোনিৱেশ কৰিব লাগে নেকি? যদি সেইটো নহয় তেন্তে তেওঁৰ ভূমিকা কি হ’ব? অৱশ্যে শশীৰ কোনো এটা প্ৰশ্নৰ উত্তৰ নিদিলে ৰাহুল গান্ধীয়ে। সেয়ে সকলো মিলি শশী থাৰুৰ ক্ষুব্ধ বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে।

Related News