কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়া নৱজোত সিং (৫২)ৰ ভয়াবহ পথ দুৰ্ঘটনাত মৃত্যু হয়। তেওঁৰ পত্নী গুৰুতৰভাৱে আহত হয়। দেওবাৰে দিল্লী কেণ্টনমেণ্টৰ ৰিং ৰোডত সংঘটিত হয় এই দুৰ্ঘটনা।
মৃতকৰ পুত্ৰই অভিযোগ কৰে যে সময়মতে চিকিৎসা লাভ কৰিলে পিতৃ-মাতৃক বচাব পৰা গ’লহেঁতেন। ইয়াৰ ফলত ৰহস্য আৰু অধিক বৃদ্ধি পাইছে। প্ৰশ্ন উত্থাপন হৈছে এয়া কেৱল দুৰ্ঘটনা আছিল নে আন কিবা? ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
মৃত নৱজোত বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ উপ-সচিব আছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁ পত্নী সন্দীপ কৌৰৰ সৈতে গুৰুদ্বাৰা বাংলা চাহাবলৈ গৈছিল। তাৰ পৰা উভতি আহোঁতে বিএমডব্লিউ গাড়ী এখনে তেওঁৰ বাইকত খুন্দা মাৰে। দুয়োকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তাতেই নৱজোতৰ মৃত্যু হয়।
অৱশ্যে দুৰ্ঘটনাস্থলীৰ সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰাৰ পৰিৱৰ্তে প্ৰায় ১৭ কিলোমিটাৰ দূৰৈৰ জিটি-বি নগৰৰ নিউ লাইফ হাস্পতাললৈ লৈ যোৱা বুলি অভিযোগ উত্থাপন কৰে মৃতকৰ পুত্ৰই। সেইবাবেই এই কৰুণ পৰিণতি ঘটিল।
তেওঁ লগতে দাবী কৰে যে বিএমডব্লিউৰ মহিলা চালকজনো আহত হৈছে। অৱশ্যে তেওঁলোকেই নৱজোত আৰু সন্দীপক চিকিৎসালয়লৈ লৈ গৈছিল। কিন্তু চিকিৎসালয় কৰ্তৃপক্ষই মহিলাগৰাকীৰ কোনো তথ্য দিবলৈ অস্বীকাৰ কৰা বুলি অভিযোগ উঠিছে।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত উলটি যোৱা BMW গাড়ীখন উদ্ধাৰ কৰে আৰক্ষীয়ে। কিন্তু নৱজোতৰ বাইকখন ৰখাই থোৱা আছিল। ইয়াৰ দ্বাৰাও ৰহস্য বাঢ়ি গৈছে। দুৰ্ঘটনা নে আন কিবা সেই তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। দুৰ্ঘটনাস্থলীত উপস্থিত হয় ফৰেনছিক দল।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বিএমডব্লিউ গাড়ীখনত এগৰাকী মহিলা আৰু এজন পুৰুষ আছিল। তেওঁলোকে নৱজোত আৰু তেওঁৰ পত্নী সন্দীপক এখন টেক্সিত তুলি চিকিৎসালয়লৈ লৈ যায়।