জ্যেষ্ঠ সাংবাদিক, আপকুৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক ভৱেশ বৰুৱাৰ পৰলোকপ্ৰাপ্তি

Journalist Bhabesh Baruah died

ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, অল আছাম প্ৰেছ কৰাছপণ্ডেন্ট ইউনিয়ন চমুকৈ ‘আপকু’ৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক ভৱেশ বৰুৱাৰ বুধবাৰে নিশা ১২-৪৫বজাত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪বছৰ।

১৯৫৮ চনত হৰেন্দ্ৰনাথ বৰুৱা সম্পাদিত ‘নতুন অসমীয়া’ কাকতত চিঠি লিখি সাংবাদিকতাৰ জীৱন আৰম্ভ কৰা ভৱেশ বৰুৱাই ‘দৈনিক অসম’ত ৩ বছৰ ধৰি ৰাণীৰ পৰা সংবাদদাতা হিচাপে কাম কৰিছিল।

ইয়াৰ পাছতে তেওঁ ‘নতুন দৈনিক’ত আজাৰাৰ সংবাদদাতা হিচাপে সংবাদ সেৱা অগবঢ়াইছিল। এই কাকতখন বন্ধ হোৱাৰ পাছত ‘দৈনিক অগ্ৰদূত’ত কেইবা বছৰ ধৰি সাংবাদিকতা কৰিছিল বৰুৱাই।  

১৯৩৭ চনৰ ৩ ছেপ্টেম্বৰত পলাশবাৰীৰ ফৰেষ্টাৰ বাংলোত জন্ম গ্ৰহণ কৰা বৰুৱাৰ পিতৃ আছিল এগৰাকী বন বিষয়া। প্ৰায় ৩৫ বছৰ ধৰি সংবাদ সেৱা আগবঢ়োৱা বৰুৱাৰ ইংৰাজী, অসমীয়া সকলোতে  দখল আছিল।

“আপকু”ৰ প্ৰতিষ্ঠাপক সাংবাদিকগৰাকীৰ মৃত্যুত “আপকু”ৰ পৰিয়াল মৰ্মাহত হৈ পৰিছে ৷ আপকুৰ পৰিয়ালৰ সকলোৱে বিশিষ্ট সাংবাদিকগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

ইপিনে, আপকুৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক ভবেশ বৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে জাফাই ।

এক বিবৃতিত জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে কয়, ‘’জ্যেষ্ঠ সাংবাদিক ভবেশ বৰুৱাৰ মৃত্যু অসমৰ সাংবাদিক সমাজৰ বাবে এক অপূৰণীয় ক্ষতি। তেখেতৰ মৃত্যুত সাংবাদিক সমাজে এক বলিষ্ঠ কণ্ঠৰ আৰু দূৰদৰ্শী, উদাৰ মনোভাৱৰ ব্যক্তি হেৰুৱালে। জাফাৰ নেতৃত্বই শোকাকুল পৰিয়ালবৰ্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰিছে।‘’ 

আনহাতে, এক বিবৃতিত যুৱ সাংবাদিক সন্থা, অসমৰ সভাপতি চন্দন দাস আৰু সাধাৰণ সম্পাদক কাঞ্চনজ্যোতি গোহাঁইয়ে কয়, ‘’ৰাজ্যৰ সংবাদক্ষেত্ৰখনৰ এগৰাকী প্ৰবীণ সাংবাদিক ভবেশ বৰুৱা দেৱৰ মৃত্যুৰ বাতৰিয়ে আমাক মৰ্মাহত কৰি তুলিছে৷ তেখেতৰ মৃত্যুত আমি যুৱ সাংবাদিক সন্থা, অসমে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে  আত্মাৰ সদগতি কামনা কৰিলো লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈও সমবেদনা জ্ঞাপন কৰিলোঁ৷’’

সাংবাদিক ভবেশ বৰুৱা দেৱৰ মৃত্যু অসমৰ সংবাদ জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি যুৱ সাংবাদিক সন্থা, অসমে কয় যে তেওঁৰ মৃত্যুত ৰাজ্যৰ সাংবাদিক সমাজে এক বলিষ্ঠ কণ্ঠ আৰু উদাৰ মনোভাৱৰ ব্যক্তিক হেৰুৱালে ৷