NORTHEAST NOW (Assamese)

ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক কুলধৰ দাসৰ দেহাৱসান

October 30, 2020 2:42 pm · মুকেশ কুমাৰ সিং
Updated: October 30, 2020 3:08 pm
কুলধৰ দাস

ধুবুৰী জিলাৰ গৌৰীপুৰৰ জ্যেষ্ঠ সাংবাদিক কুলধৰ দাসৰ শুকুৰবাৰে বৃক্ক ৰোগত আক্ৰান্ত হৈ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত দেহাৱসান ঘটে।

বৃহস্পতিবাৰে স্বাস্থ্যৰ অৱনতি ঘটাত কুলধৰ দাসক গৌৰীপুৰ নাৰ্চিং হোমত ভৰ্তি কৰা হৈছিল আৰু শুকুৰবাৰে শেষ নিশা তেওঁ অন্তিম নিশ্বাস ত্যাগ কৰে।

কুলধৰ দাসে গুৱাহাটীৰ পৰা প্ৰকাশিত আজিৰ দৈনিক বাতৰিত ১৯৯৬ চনত ৰিপোৰ্টাৰ হিচাপে সাংবাদিকতাৰ জীৱন আৰম্ভ কৰিছিল।

পৰৱৰ্তী সময়ত তেওঁ জনসাধাৰণ বাতৰি কাকতত ৰিপোৰ্টাৰ হিচাপে আৰু মৃত্যুৰ সময়ত নিয়মীয়া বাৰ্তা আৰু আমাৰ অসম কাকতত ৰিপোৰ্টাৰ হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।

কুলধৰ দাস গৌৰীপুৰ প্ৰেছ ক্লাৱৰ এগৰাকী সক্ৰিয় সদস্য থকাৰ উপৰি বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতেও জড়িত হৈ আছিল।

২০২০ বৰ্ষত ধুবুৰী জিলা প্ৰশাসনে সংবাদক্ষেত্ৰলৈ আগবঢ়োৱা অৰিহনাৰ বাবে কুলধৰ দাসক সম্বৰ্ধনা জনোৱা হৈছিল।

গৌৰীপুৰ শ্মসান ঘাটত শুকুৰবাৰে জ্যেষ্ঠ সাংবাদিক গৰাকীৰ অন্তিম সংস্কাৰ কৰা হয়।

ধুবুৰী জিলা বিজেপিৰ সভাপতি ড০ দেবময় সন্যাল, ধুবুৰী জিলা সাংবাদিক সন্থা, ধুবুৰী জিলা প্ৰেছ ক্লাৱে কুলধৰ দাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।

Related News