বাউলী মেঘৰ সাধু চালো। কৰ’না কালৰ প্ৰথমখন নাটক। অভিনেতা মৃদুল ভূঞাই নাটক আৰম্ভণিৰ পূৰ্বে মঞ্চত কোৱাৰ দৰে -“আমি শিল্পৰ ভোকাতুৰ কিছু মানুহ আজি গোট খাইছো। উদৰ পূৰাই খাওঁ আহক” ! শিল্পৰ দুৰ্বোধ্যতা তাতেই যিমানেই উদৰ পূৰাই নাখাওঁ কিয় ভোক থাকিবই। সেই ভোকৰ বাবেই জীৱনতো মঞ্চতে কটোৱা এজন শিল্পী কেইটামান মাহৰ বিৰতিতে তীব্ৰভাৱে ভোকাতুৰ হৈ পৰিছে। এই কথাবোৰৰ বাবেই শিল্পই কি দিয়ে সেই কথা প্ৰায়েই মনলৈ আহে!
নাটকৰ মূল মানুহ গৰাকী, তৰালী শৰ্মা। তেওঁৰ কথা নতুনকৈ কি ক’ম? কামৰ কথা মানুহে জানে গতিকে মনৰ কথাই কওঁ। মানুহ গৰাকী ভাল লাগে হাঁহিটোৰ বাবে, মুখত ওলমি ৰোৱা স্নিগ্ধতাখিনিৰ বাবে, সজীৱতা আৰু প্ৰাণময়তাৰ বাবে। শিল্পই সেই স্নিগ্ধতা দাবী কৰে।
তৰালী শৰ্মাৰ যাত্ৰা শিল্পৰ পথেৰে ভূমামুখী। বৰষা ৰাণী বিষয়াৰ কথাও আজি নতুনকৈ ক’বলগা নাই। দীৰ্ঘ সময় জুৰি অভিনয় জগতখনত নিজকে নতুন কৰি ৰখা বৰ্ষাৰাণী বিষয়াই শিল্পই সজোৰে দাবী কৰা চিৰ নতুনৰ সংজ্ঞাক জীপাল কৰি ৰাখিছে।একেদৰে জলী লস্কৰৰ অভিজ্ঞ কামৰ সৈতে দৰ্শক পৰিচিত। বিভিন্ন চৰিত্ৰৰে সৈতে মঞ্চ আৰু টেলিভিছন দুয়োটা মাধ্যমতেই তেখেতৰ সবল উপস্থিতি।
বেছ কম বয়স আৰু তাতোতকৈও কম সময়তেই দৰ্শকক এক প্ৰকাৰ মন্ত্ৰমুগ্ধ কৰি পেলোৱা অভিনেতাজন কমল লোচন। মঞ্চৰ পৰা গৈ হঠাতে টেলিভিছন, আকৌ মঞ্চ, মুঠতে দুয়োটা মাধ্যমতেই তেওঁক দৰ্শকে অলপো হতাশ নোহোৱাকৈ বিচাৰি পাইছে। কৌশিক নাথৰ অভিনয়ৰ এক সুকীয়া ষ্টাইল আছে।
সাংঘাটিক জীৱন্ত । তেওঁৰ কামবোৰত দৰ্শকে এজন স্বতঃস্ফূৰ্ত অভিনেতাক বিচাৰি পায়। নাটকখন চাবলৈ গৈ (নাটকৰ লগত জড়িত মানুহখিনি বাদ দি) ব্যক্তিগত ভাৱে মোৰ লগত হোৱা কথা বাৰ্তাত বহুতৰ মনত প্ৰশ্নবোধক হৈ থিয় দিয়া ল’ৰাজন আছিল অতনু মহন্ত! কোন এওঁ? ইমান ধুনীয়া অভিনয়! ক’ত ক’ত কৰিছে? ক’ত ক’ত কৰিছেতো কথা নহয়, আগলৈ ক’ত কৰিব? সেয়া প্ৰধান প্ৰশ্ন। প্ৰত্যেকৰে জীৱনৰ কিছু টাৰ্নিং পইণ্ট থাকে। অতনুৰ বাবে বাউলী মেঘৰ সাধু তেনে এটা পইণ্ট হ’ব পাৰে।
নাটকখনৰ তিনিওজন পুৰুষ অভিনেতাই নাটকৰ পাঠ আহৰণ কৰি অহা। পাঠ আহৰণ বাৰু কেতিয়াবা গৌণ হৈ পৰে কিন্তু তিনিওজনেই সু-অভিনেতা আৰু সাংঘাটিক ধৰণেৰে সম্ভাৱনাময়। কমল লোচনে নিজকে প্ৰকাশ কৰাৰ সুযোগ অথবা তেওঁ কেনে ধৰণেৰে কাম কৰিব পাৰে তাৰ আভাস যোৱা কিছু দিনত আমাক মোটামোটি ভাৱে দিছে।
কৌশিকৰ সংখ্যা সৰহ নহ’লেও বৰনদী ভটিয়ায় আৰু হেভী বাজেটৰ তেওঁৰ কামবোৰৰ পৰা দৰ্শকে সম্ভাৱনাক অনুধাৱন কৰিব পাৰিছে। অতনু মহন্ত সম্পূৰ্ণৰূপে কেৰেক্টাৰ আৰ্টিষ্ট। অতনুক পৰিচালকে প্ৰত্যাহ্বান হিচাপে ল’ব পাৰে। অতনুক লৈ কামৰ কথা যে ভাবিব পাৰি অথবা ৰিক্স ল’ব পাৰি সেয়া অতনুৱে কামেৰে কৈ দিলে।
নাটকৰ মূল মানুহজন যাক ক’ব পাৰি যুদ্ধৰ সেনাপতি, বাউলী মেঘৰ সাধুৰ পৰিচালকজন। নাটকখনৰ লগত জড়িত প্ৰতিজনতকৈ বয়সত সৰু। প্ৰণৱ ভড়ালী যে সুদক্ষ পৰিচালক তাৰ আভাস তেওঁ দি আহিছিল, এইবাৰ তাক দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিলে।
প্ৰেম, ভালপোৱা, বিদ্ৰোহ, দমন,অৱদমন, সংগ্ৰাম এইবোৰেই আমাৰ জীৱনৰ প্ৰধান বিষয়। কৰ্তব্যৰ পৰা আমি দূৰৈত থাকিব নোৱাৰো, অথচ কেতিয়াবা কৰ্তব্য হৈ পৰে উশাহ বন্ধ কৰি ৰাখিব খোজা বান্ধোন। সকলো এৰি নিজকে নিজে ভালপোৱাবোৰৰ মাজত বিলীন কৰাৰ তাড়না আমাৰ মাজত এবাৰলৈও জাগ্ৰত হোৱা নাই বুলি আমি বুকুত হাত থৈ ক’ব পাৰিম নে? পলৰীয়া আমি! নিজৰ পৰা পলাই ফুৰো। নিজৰ মুখামুখী হ’বলৈ ভয় কৰো।
অথচ ভাবো আমি তেওঁলোকৰ পৰা পলাম যি আমাক ভালপায়, যাৰ নীৰৱ প্ৰাৰ্থনাবোৰত আমাৰ সৰৱ উপস্থিতি। জীৱনৰ সমস্যা তাতেই। সপোন খেদি ফুৰো আমি, কিবা অনামী মোহত বন্দী হওঁ! ভাবো নথকাবোৰহে ভাল, নকৰাবোৰহে সুখ, নেদেখাবোৰহে বাস্তৱ। এই যে চুই চাব পৰা আপোন হাতবোৰ, উচুপিব পৰা বহল বুকুবোৰ সেইবোৰ মৰিচীকা বুলি খেদি ফুৰো।
পৰিচালকৰ দক্ষতা বিষয়বস্তু যিয়েই নহওক তাক দক্ষভাৱে পৰিচালনা কৰাত। প্ৰণৱ বিষয়বস্তুক নাৰ্য প্ৰাপ্তি প্ৰদানত সফল। নাটকৰ বিষয়বস্তুক পুৰণি বুলি ক’ব নোৱাৰি অথচ নতুন বুলি ক’বলৈও সমস্যা। এই যে শিল্পৰ সন্ধানত অঘৰী হোৱা হৃদয়বোৰ, এইবোৰ আজিৰ কথা নে? শিল্পই কংক্ৰীটৰ ঘৰ কাক দিছে? শিল্প সদায় বহেমীয়ান হৃদয়ৰ পক্ষত। শিল্প দুৰ্বোধ্য অথচ শিল্প উশাহৰ দৰেই সহজ। শিল্পক আমি জীৱনৰ পৰা পৃথক কৰিব নোৱাৰো।
শিল্পই সকলোকে লৈ সমানে সমানে আমাৰ সৈতে যাত্ৰা কৰে। কিন্তু বুকুৰ ভিতৰত নিৰন্তৰ আনে নেদেখা পৃথিৱী এখন কঢ়িয়াই ফুৰে । শিল্প যদি কেতিয়াবা নিৰ্জন দুপৰীয়াৰ গীটাৰ বাদন, কেতিয়াবা ড্ৰামছেটৰ কাণ তাল মৰা শব্দও! শিল্প শিল্পই। শিল্প সকলো, জীৱন, ভালপোৱা, বিদ্ৰোহ। শিল্পতকৈ ধুনীয়া বিষয় পৃথিৱীত আৰু একো নাই। প্ৰণৱ ভড়ালীয়ে শিল্পৰ পৃথিৱীখনৰ লগত আমাক একাত্ম কৰি তুলিলে নাটকখনৰ জৰিয়তে। নিজক বিচাৰি পোৱাবোৰেই সাৰ্থক শিল্প, বিষয়বস্তুবোৰ নিজৰ লগত সংযোগ কৰাব পৰাতেই পৰিচালকৰ সাৰ্থকতা।
নাটকৰ ভুলবোৰ নাট্য বিশাৰদ সকলে আঙুলিয়াব। ব্যক্তিগত ভাৱে ক’ম, দৰ্শক হিচাপে কৰ’না মহামাৰীৰ জটিল ক্ষণবোৰে আনি দিয়া মানসিক অৱসাদৰ পাছত বাউলী মেঘৰ সাধু চাই কিছু হ’লেও প্ৰশান্তি পালো। অৱশ্যে শিল্পৰ ভোক মৰাকৈ এয়া পৰ্যাপ্ত নহয়। অনাগত দিনত তেওঁলোকৰ পৰা আৰু আশাৰে, সকলোকে শুভকামনা জনালো।