মহাৰাষ্ট্ৰৰ গাডচিৰোলী জিলাত ক্ৰমশঃ স্তিমিত হৈ আহিছে মাওবাদীৰ সংগ্ৰাম। কিন্তু ইয়াৰ মাজতে বনাঞ্চল, মাটি আৰু খনিজ সম্পদক কেন্দ্ৰ কৰি নতুন এক সংঘাতৰ সূচনা হৈছে। চলিত মাহত চামোৰ্শী অঞ্চলত হাজাৰ হাজাৰ জনজাতীয় কৃষকে তেওঁলোকৰ ভূমি চৰকাৰক এৰি নিদিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে।
যোৱা ১২ মে’ত ৰাজ্য চৰকাৰে এটা নতুন বিমানবন্দৰ নিৰ্মাণৰ বাবে চাৰিখন গাঁৱৰ ৩১১ হেক্টৰ ভূমি অধিগ্ৰহণৰ প্ৰস্তাৱত অনুমোদন জনায়। ইয়াৰ বিপৰীতে গাঁৱৰ লোকসকলক ক্ষতিপূৰণ হিচাপে ৭৭ কোটি টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰা হৈছে। একে সময়তে মহাৰাষ্ট্ৰ ঔদ্যোগিক উন্নয়ন নিগমে জেএছডব্লিউ গোটৰ এক লাখ কোটি টকাৰ তীখা প্ৰকল্পৰ বাবে চামোৰ্শীৰ ১৪খন গাঁৱৰ প্ৰায় ৩,০০০ হেক্টৰ ভূমি অধিগ্ৰহণৰ পৰিকল্পনা কৰিছে। স্থানীয় লোকৰ তীব্ৰ প্ৰতিবাদৰ ফলত চৰকাৰে আপাতত এই প্ৰক্ৰিয়া স্থগিত ৰাখিছে যদিও আন্দোলনকাৰীসকলে ভালদৰে জানে যে এই স্থগিতাদেশ স্থায়ী নহ’বও পাৰে।
দৃষ্টিত সৰু সৰু ভূমি অধিগ্ৰহণ যেন লাগিলেও ইয়াৰ আঁৰত লুকাই আছে এক বৃহৎ ঔদ্যোগিক পৰিকল্পনা। চৰকাৰে গাডচিৰোলীৰ হাজাৰ হাজাৰ হেক্টৰ বনাঞ্চল আৰু খেতিমাটি খনি, তীখা উদ্যোগ আৰু আন শিল্পপ্ৰকল্পৰ বাবে ব্যৱহাৰ কৰিব বিচাৰিছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছে ইতিমধ্যে ঘোষণা কৰিছে যে গাডচিৰোলীক তীখা উৎপাদনৰ এক মুখ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব আৰু ইয়াৰ জৰিয়তে প্ৰায় ৭০ হাজাৰ লোকৰ সংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। কিন্তু এই উচ্চাভিলাষী পৰিকল্পনাৰ ফলত যে বিস্তীৰ্ণ বনাঞ্চল, নদী-নালা আৰু জনজাতীয় সমাজৰ জীৱন-জীৱিকা বিপন্ন হ’ব, সেই দিশটো লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় লোক আৰু পৰিৱেশকৰ্মীসকলে।
চৰকাৰে পথ, যোগাযোগ ব্যৱস্থা আৰু ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়নৰ কথা কৈ পূব আৰু পশ্চিম উপকূলৰ বন্দৰসমূহক সংযোগ কৰাৰ পৰিকল্পনা কৰিছে। চৰকাৰী ভাষ্যত এই সকলোকে উন্নয়নৰ পথ বুলি ব্যাখ্যা কৰা হৈছে। কিন্তু স্থানীয় বাসিন্দা আৰু পৰিৱেশকৰ্মীসকলৰ আশংকা, এনে উন্নয়নৰ মূল্য হ’ব প্ৰকৃতিৰ বিনাশ আৰু জনজাতীয় সংস্কৃতিৰ ক্ষয়। কেৱল গাডচিৰোলীয়েই নহয়, ছত্তীশগড়ৰ বস্তাৰ, ওড়িশা আৰু ঝাৰখণ্ডৰ দৰে অঞ্চলতো মাওবাদী প্ৰভাৱ কমি অহাৰ পাছতে খনি আৰু বৃহৎ উদ্যোগৰ বাবে ভূমি মুকলি কৰাৰ প্ৰক্ৰিয়া দ্ৰুত হৈছে।
গাডচিৰোলীৰ প্ৰায় ৭৬ শতাংশ এলেকা বনাঞ্চলে আৱৰি ৰাখিছে। জিলাখনৰ সুৰজাগড় পাহাৰৰ তলত প্ৰচুৰ পৰিমাণে লোৰ আকৰিক সঞ্চিত হৈ আছে। অতীতত মাওবাদী উপস্থিতি আৰু স্থানীয় লোকৰ প্ৰতিবাদৰ বাবে এই অঞ্চলত খনিৰ কাম আগুৱাই নিব পৰা হোৱা নাছিল। কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে। জনজাতীয় জীৱন-সংস্কৃতিৰে পৰিচিত এই শান্ত অঞ্চলত এতিয়া ডাঙৰ ডাঙৰ ট্ৰাক, নিৰাপত্তা বাহিনী আৰু বাহিৰৰ লোকৰ উপস্থিতি বৃদ্ধি পাইছে। চৰকাৰৰ পৰিকল্পনা অনুসৰি বনাঞ্চলৰ অন্তৰৰ পৰা লো আহৰণ কৰা হ’ব আৰু বনাঞ্চলৰ বাহিৰত তীখা কাৰখানা স্থাপন কৰা হ’ব।
চৰকাৰী বিষয়াসকলৰ মতে, এই প্ৰকল্পসমূহে স্থানীয় লোকক চাকৰি দিব আৰু অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়ন ঘটাব। কিন্তু ভূমি হেৰুৱালে কৃষক আৰু জনজাতীয় পৰিয়ালসমূহৰ ভৱিষ্যৎ কি হ’ব, সেই প্ৰশ্নৰ স্পষ্ট উত্তৰ এতিয়াও পোৱা হোৱা নাই। পৰিৱেশকৰ্মীসকলে সকীয়াই দিছে যে খনি আৰু ঔদ্যোগিক প্ৰকল্পৰ বিস্তাৰে মহাৰাষ্ট্ৰ আৰু ছত্তীশগড়ৰ মাজত থকা বাঘৰ চলাচলৰ গুৰুত্বপূর্ণ প্ৰাকৃতিক পথসমূহ ধ্বংস কৰিব পাৰে। ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষইও এই বিষয়ত প্ৰশ্ন উত্থাপন কৰিছে, যদিও সেই উদ্বেগক লৈ প্ৰয়োজনীয় গুৰুত্ব দিয়া হোৱা নাই বুলি অভিযোগ উঠিছে।
গাডচিৰোলী বহু দশক ধৰি হিংসা, অনিশ্চয়তা আৰু সংঘাতৰ সাক্ষী হৈ আহিছে। চল্লিছ বছৰজোৰা অস্থিৰতাৰ পাছত অঞ্চলটোৰ লোকসকলৰ প্ৰয়োজন আছিল শান্তি, সুৰক্ষা আৰু সন্মানজনক জীৱনৰ সুযোগ। জনজাতীয় সমাজে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি এই বনাঞ্চলক নিজৰ জীৱনৰ অংশ হিচাপে ৰক্ষা কৰি আহিছে। কিন্তু এতিয়া সেই বনাঞ্চল আৰু ভূমিকে কেৱল খনিজ সম্পদ আহৰণৰ ক্ষেত্ৰ হিচাপে দেখা হৈছে বুলি স্থানীয় লোকৰ ক্ষোভ।
গাডচিৰোলীৰ পৰা গোৱালৈ নিৰ্মাণৰ পৰিকল্পনা কৰা শক্তিপীঠ এক্সপ্ৰেছৱেকো বহুতে এই বৃহৎ খনিজ পৰিবহণ পৰিকল্পনাৰ অংশ হিচাপে দেখিছে। চৰকাৰে ইয়াক উন্নয়নৰ পথ বুলি ক’লেও স্থানীয় লোকৰ দৃষ্টিত এই পথ তেওঁলোকৰ মাটি, বন আৰু সংস্কৃতিৰ ওপৰত নতুন চাপৰ আৰম্ভণি। মাওবাদীৰ বন্দুক হয়তো আজি স্তব্ধ হৈছে, কিন্তু গাডচিৰোলীৰ জংঘল, মাটি আৰু জনজাতীয় জীৱন ৰক্ষাৰ প্ৰকৃত সংগ্ৰাম যেন এতিয়াহে আৰম্ভ হৈছে।





