আমাক ৰঙা চকু নেদেখুৱাব; নহ’লে সেই চকু উলিয়াই ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া হ’ব : মনজিৎ মহন্ত

“আমাক ৰঙা চকু নেদেখুৱাব। নহ’লে সেই চকু উলিয়াই আনি ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া হব।” চৰকাৰক এই সকীয়নি দিছে বিশিষ্ট সাংবাদিক মণজিৎ মহন্তই।

আজি বৰপেটা জিলাৰ মাজদিয়াত অনুষ্ঠিত বিশাল জনজাগৰণ সভাত মনজিৎ মহন্তই চৰকাৰক এইদৰে সকীয়নি দিয়ে। তেওঁ সৰ্বানন্দ-হিমন্তক ভয় কৰিব লগা একো নাই বুলি উল্লেখ কৰি সৰ্বানন্দ-হিমন্তৰ কথাত অসমীয়া ৰাইজে উঠা-বহা নকৰে বুলিও চৰকাৰক তীব্ৰ কটাক্ষ কৰে।

পূব বৰপেটা সন্মিলিত নাগৰিকত্ব (সংশোধন) আইন বিৰোধী মঞ্চৰ উদ্যোগত অনুষ্ঠিত বিশাল জনজাগৰণ সভাত তেওঁ অসমীয়া ৰাইজে “কা” কেতিয়াও নামানে বুলি কয়। লগতে “কা” বাতিল নকৰা পৰ্যন্ত অসমীয়া ৰাইজে চৰকাৰৰ বিৰুদ্ধে সংগ্ৰাম কৰি যাব বুলিও তেওঁ মন্তব্য কৰে।

সভাত অংশ গ্ৰহণ কৰি বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ মেহদী আলম বৰাই কয় যে অসমৰ মুছলমানে অসমৰ লগত কেতিয়াও বেইমানী কৰা নাই। চৰকাৰক সমালোচনা কৰি তেওঁ কয় বুৰঞ্জীৰ পাত লুটিয়াই চেলা দেখা যায় অসমৰ মুছলমানে মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল।

সভাখনত নাট্যকাৰ অনুৰূপা দাস ডেকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক মুন তালুকদাৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মতিউৰ ৰহমান, প্ৰাক্তন ছাত্ৰ নেতা গুণজিৎ চৌধুৰীৰ লগতে কেইবাগৰাকী বক্তাই চৰকাৰক সমালোচনা কৰি ভাষণ প্ৰদান কৰে।