লালু প্ৰসাদ যাদৱৰ সৈতে ৩২বছৰ একেলগে থকাৰ পাছত আৰ জে ডি এৰিলে ৰঘুবংশ প্ৰসাদ সিঙে

Raghuvansh-Prasad-Singh_480x480-350x175

আৰ জে ডি নেতা ৰঘুবংশ প্ৰসাদ সিং।

বিহাৰ বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে  ৰাষ্ট্ৰীয় জনতা দল (আৰ জি ডি)ৰ বাবে ঘটিল এক মোক্ষম আঘাত।

আৰ জে ডিৰ প্ৰাক্তন উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা দলটোৰ জ্যেষ্ঠ নেতা ৰঘুবংশ প্ৰসাদ সিঙে বৃহস্পতিবাৰে দলৰ পৰা পদত্যাগ কৰিছে।

বৰ্তমান এইমছত চিকিৎসাধীন হৈ থকা অৱস্থাতে নেতাগৰাকীয়ে লালু প্ৰসাদ যাদৱলৈ তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।

ইয়াৰ পূৰ্বেই নেতাগৰাকীয়ে আৰ জে ডিৰ উপাধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল।

লালু প্ৰসাদ যাদৱলৈ লিখা পত্ৰখনত ৰঘুবংশ প্ৰসাদ সিঙে লিখিছে যে ‘জননেতা কৰ্পূৰী আকুৰৰ পাছত ৩২ বছৰ ধৰি মই আপোনাৰ কা,ত থিয় হৈ থাকিলো যদিও এতিয়া আৰু সম্ভৱ নহয়। পাৰ্ট, নেতা, কাৰ্যকৰ্তা তথা সাধাৰণ জনতাই বহুত মৰম দিলে, কিন্তু মোক ক্ষমা কৰিব।‘’

উল্লেখ্য যে লালু প্ৰসাদ যাদৱ অসুস্থ হোৱাৰ পাছত দলত তেজস্বী যাদৱ আৰু তেজ প্ৰসাদ যাদৱৰ কমাণ্ড আৰম্ভ হোৱাৰ পাছৰে পৰা ৰঘুবংশ প্ৰসাদ সিং এলাগী হৈ পৰিছিল।

আনকি কেইবাবাৰো তেওঁ তেওঁৰ অসন্তুষ্টি প্ৰকাশো কৰিছিল। কিন্তু লোক জনশক্তি পাৰ্টিৰ প্ৰাক্তন সাংসদ ৰামা সিঙক তেজস্বী আৰু তেজ প্ৰসাদে আৰ জে ডিত অনাৰ চেষ্টা চলোৱাৰ সময়তে ৰঘুবংশ প্ৰসাদে মুকলিকৈ ক্ষোভ প্ৰকাশ কৰিছিল।

ইয়াৰ পাছত তেজস্বী যাদৱে দলটোৰ জ্যেষ্ঠ নেতাগৰাকীৰ বিৰুদ্ধে কিছু আক্ৰমণাত্মক মন্তব্য কৰাও দেখা গৈছিল।

আৰ জে ডিৰ উত্থানৰ বাবে যিসকল নেতাৰ বিশেষ বৰঙণি আছে তেওঁলোকৰ ভিতৰত ৰঘুবংশ প্ৰসাদ সিঙো অন্যতম।

যি কি নহওক, দলত নিজৰ অস্তিত্বৰ প্ৰতি ভাবুকি অহাৰ পৰিস্থিতি লক্ষ্য কৰিয়েই অৱশেষত ৰঘুবংশ প্ৰসাদ সিঙৰ দৰে নেতাগৰাকীয়ে পদত্যাগৰ সিদ্ধান্ত লোৱা বুলি অনুমান কৰা হৈছে।