প্ৰদেশ কংগ্ৰেছত বিদ্ৰোহৰ উক্মুকনি : যুদ্ধংদেহী নেতা-কৰ্মী

Ripun-Bora-680x365-570x320

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা। ফাইল ফটো

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বৰ ওপৰত অসন্তুষ্ট হৈ পৰা একাংশ নেতা-কৰ্মীয়ে লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতেই বিদ্ৰোহ ঘোষণা কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ৰাজ্যিক সভাপতি ৰিপুন বৰাৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি দলৰ একাংশ জ্যেষ্ঠ নেতা মুকলিকৈ ওলাই অহাৰ সম্ভাৱনাও স্পষ্ট হৈ পৰিছে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক অপসাৰণৰ বাবে দলটোৰ একাংশ জ্যেষ্ঠ নেতাকে ধৰি বহু নেতাই কঁকালত টঙালি বন্ধাৰ কথা সদৰী কৰিছে ৰাজীৱ ভৱনৰ এক সূত্ৰই। লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ যোৱাৰ পাছত এতিয়া ফলাফললৈ অধীৰ অপেক্ষাৰে সকলোৱে বাট চাই আছে যদিও ভিতৰি বিদ্ৰোহৰ এক জুই উমি উমি জ্বলি আছে।

দলটোৰ এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে দলটোৰ কেইজনমান আগশাৰীৰৰ নেতাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদত ভুৱনেশ্বৰ কলিতাক বহুওৱাৰ বাবে কুচকাৱাজ আৰম্ভ কৰিছে। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে জ্যেষ্ঠ নেতাৰ দলটোৱে দিল্লীলৈ গৈ শীৰ্ষ নেতৃত্বক তেওঁলোকৰ দাবী অৱগত কৰিব।

লোকসভা নিৰ্বাচনত অসমত কংগ্ৰেছে ৫খনতকৈ কম আসন পালেই এই বিদ্ৰোহীসকলে নতুন উদ্যম লাভ কৰিব আৰু ৰাজ্যিক নেতৃত্ব সলনিৰ বাবে উঠিপৰি লাগিব। দলটোৰ জ্যেষ্ঠ নেতা দ্বিজেন শৰ্মা, বলীন কুলী, ৰমেন বৰঠাকুৰ, আব্দুল হামিদকে ধৰি কেইবাজনো নেতাই এই সম্ভাৱ্য বিদ্ৰোহৰ গুৰি ধৰিছে।

বিদ্ৰোহী নেতাসকলে অভিযোগ কৰে যে ৰিপুন বৰাই তেওঁৰ একাংশ অনুগামীক লৈ দলটো পৰিচালনা কৰাৰ বিপৰীতে দলৰ একাংশ জ্যেষ্ঠ তথা সক্ৰিয় নেতাক অঁতৰাই ৰাখিছে। তদুপৰি, তেওঁলোকে প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱটৰ বিৰুদ্ধেও অভিযোগ দাখিল কৰিবলৈ সাজু হৈছে।

আনহতে, লোকসভাৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত ধনৰ বিনিময়ত চূড়ান্ত  কৰাৰ অভিযোগ দিবলৈকো তেওঁলোকে সাজু হৈছে। বিশেষকৈ গুৱাহাটী, কোকৰাঝাৰ, ধুবুৰী, লখিমপুৰ, কৰিমগঞ্জত প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত বৰা আৰু ৰাৱটে খেলিমেলি কৰাৰ অভিযোগ তেওঁলোকে উত্থাপন কৰিছে। প্ৰদেশ কংগ্ৰেছৰ ভিতৰচ’ৰাত চলা বিদ্ৰোহৰ উক্মুকনিত দলৰ কেইবাজনো বিধায়কে হাত উজান দিয়াৰ কথা জানিব পৰা গৈছে।