শলঠেকত মোদী-শ্বাহ! কৃষি আইনক লৈ বিজেপিক তীব্ৰ সমালোচনা RSSৰ

Raghunandan Sharma

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আৰ এছ এছ নেতা ৰঘুনন্দন শৰ্মা। ফাইল ফটো।

কৃষি আইনৰ বাবে এতিয়া তীব্ৰ চাপৰ সন্মুখীন হ’বলগীয়া হৈছে মোদী চৰকাৰ। পিচে, এইবাৰ কৃষি আইনক লৈ স্বয়ং আৰ এছ এছৰেই প্ৰবল আক্ৰমণৰ সন্মুখীন হৈছে বিজেপি।

শনিবাৰে জ্যেষ্ঠ আৰ এছ এছ নেতা ৰঘুনন্দন শৰ্মাই কৃষি আইনক লৈ কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ তোমৰক তীব্ৰ সমালোচনা কৰে।

আৰ এছ এছ নেতাগৰাকীয়ে কয়, ‘’ক্ষমতা মূৰত ধৰিছে। কৃষকসকলেই যেতিয়া এই আইনক সমৰ্থন কৰা নাই, তেনেক্ষেত্ৰত এই আইন প্ৰণয়নৰ কোনো প্ৰয়োজনেই নাছিল।‘’

দিল্লীত মাহৰ পাছত মাহ ধৰি নতুন কৃষি আইনৰ বিৰুদ্ধে লাখ লাখ কৃষকে প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছে। দিল্লী সীমান্ত অৱৰোধ কৰি বিক্ষোভত নামি পৰিছে কৃষকসকল। কৃষকসকলৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ ১১ বাৰকৈ বৈঠক অনুষ্ঠিত হৈছে যদিও নতুন আইন বাতিলৰ দাবীত আকোৰগোজ হৈ আছে কৃষকসকল।

কোনো সমাধান সূত্ৰ উলিয়াবলৈ সক্ষম নোহোৱা অৱস্থাত তীব্ৰ আন্দোলনৰ ফলস্বৰূপে সদ্যহতে নতুন কৃষি আইনৰ কাৰ্যকৰীকৰণৰ বিষয়টো চৰকাৰে স্থগিত ৰাখিছে। ইয়াৰ মাজতে এই বিক্ষোভক লৈ আন্তৰ্জাতিক পৰ্যায়তো সৰৱ হৈছে বহু ব্যক্তি-সংগঠন।

কিন্তু এইবাৰ এই সম্পৰ্কত সৰৱ হৈ পৰিছে স্বয়ং আৰএছএছ। সংগঠনটোৰ বৰ্ষীয়ান নেতা ৰঘুনন্দন শৰ্মাই নতুন কৃষি আইনৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।

বিজেপিৰ শীৰ্ষ নেতৃত্বক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি আৰ এছ এছৰ নেতাগৰাকীয়ে কয়, ‘’ক্ষমতাৰ দম্ভই গিলিছে গোটেই দলটোক। জনসাধাৰণৰ সমৰ্থন এইদৰে কিয় হেৰাই যাবলৈ দিছে। পূৰ্বে কংগ্ৰেছৰ যি নীতিসমূহৰ প্ৰতি আমি সন্মত হোৱা নাছিলো, এতিয়া সেই নীতিসমূহকে বলপূৰ্বক বলবৎ কৰাৰ চেষ্টা কৰা হৈছে।‘’

নতুন কৃষি আইনক লৈ এনেয়ে অস্বস্তিত পৰিছে মোদী চৰকাৰ। তাতেই এই আইনৰ বিৰোধিতাৰে এনডিএ ত্যাগ কৰিছে শিৰোমণি আকালি দলে। আকালি দলৰ নেতাসকলে কৃষকৰ বিক্ষোভত সহযোগো কৰিছে।

তদুপৰি, এনডিএৰ একাধিক মিত্ৰ দলো কৃষি আইনক লৈ বিজেপিৰ স্থিতিত সন্তুষ্ট নহয়। এইবাৰ স্বয়ং আৰ এছ এছেই কৃষি আইনৰ বিৰুদ্ধে সৰৱ হৈ পৰাটোৱে মোদী-শ্বাহক শলঠেকত পেলোৱাটো প্ৰায় নিশ্চিত।