চাকৰি এৰিলেই ১ কোটি টকাৰ জৰিমনা আদায় দিব লাগিব চৰকাৰী চিকিৎসকে, কোনে কৰিলে এই ঘোষণা?

a 638360-doctor

চৰকাৰী চিকিৎসকে এতিয়া মন গলেই চাকৰি এৰিব নোৱাৰিব।

কেৱল সেয়াই নহয়,স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত কোনো চিকিৎসকে পোনে পোনে বেচৰকাৰী চিকিৎসালয়ত যোগদান কৰিব নোৱাৰিব।

তেনে চিকিৎসকে প্ৰথমে চৰকাৰী চিকিৎসালয়ত যোগদান কৰিব লাগিব আৰু কমেও ১০ বছৰ চাকৰি কৰিব লাগিব।

১০ বছৰৰ আগতে কোনো চিকিৎসকে চৰকাৰী চাকৰি এৰিব বিচাৰিলে চৰকাৰক ১ কোটি টকাৰ জৰিমনা আদায় দিব লাগিব।

চিকিৎসকৰ ক্ষেত্ৰত এই কঠোৰ নিয়ম প্ৰযোজ্য কৰা ৰাজ্য খন হৈছে উত্তৰ প্ৰদেশ।
যোগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰ প্ৰদেশৰ স্বাস্থ্য বিভাগৰ সচিব আজি এই ঘোষণা কৰে।

ৰাজ্য খনত চৰকাৰী চিকিৎসকৰ সংখ্যা কমি যোৱাৰ বাবেই এনেধৰণৰ ব্যৱস্থো গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

ইপিনে যিসকল ছাত্ৰই চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰম শেষ নকৰাকৈ আধাতে শিক্ষা এৰে তেওঁলোকে তিনিবছৰৰ বাবে পুনৰ পাঠ্যক্ৰম গ্ৰহণৰ বাবে আবেদন কৰিব নোৱাৰিব।

যোগীৰ চৰকাৰৰ এনে সিদ্ধান্তত ক্ষুদ্ধ হৈ পৰিছে ৰাজ্য খনৰ চিকিৎসক সকল।

উল্লেখ্য চৰকাৰী চিকিৎসালয়ত যোগদান কৰিলে আৰ্থিক ভাবে বেছি লাভৱান নহয় বাবেই বহু চিকিৎসকে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছতে বেচৰকাৰী খণ্ডত সেৱা আগবঢ়াবলৈ আৰম্ভ কৰে।