NORTHEAST NOW (Assamese)

নিম্ন আদালত সমূহ ন্যায় প্ৰক্ৰিয়াৰ মেৰুদণ্ড : বিপ্লব কুমাৰ শৰ্মা

October 15, 2018 7:35 pm · শশাংক তালুকদাৰ
ফটো : নৰ্থ-ইষ্ট নাও

বজালী অধিবক্তা সন্থাৰ সৌজন্যত আজি বজালী মহাবিদ্যালয়ৰ ডিজিটেল প্ৰেক্ষাগৃহত ‘ফৌজদাৰী বিচাৰত অভিযোগ উত্থাপনকাৰী আৰু প্ৰতিবাদী পক্ষ’ শীৰ্ষক এখন মনোগ্য আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়।

অধিবক্তা ধনজিৎ দাসে আঁত ধৰা এই আলোচনা চক্ৰৰ আৰম্ভণিতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা দুলাল তালুকদাৰে বন্তি প্ৰজ্বলন কৰাৰ পিছতে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকাই উক্ত আলোচনা চক্ৰখন উদ্বোধন কৰে।

অধিবক্তা হিমাংশু গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা আলোচনা চক্ৰখনত অসম চৰকাৰৰ মহাধিবক্তা ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁইয়ে আলোচক হিচাপে উপস্হিত থাকি নাগৰিকৰ মৌলিক অধিকাৰ সন্দৰ্ভত আৰু ফৌজদাৰী বিচাৰত উভয় পক্ষৰ ভূমিকা সন্দৰ্ভত বিশ্লেষনাত্মক আলোচনা আগবঢ়ায়।

ইপিনে এই আলোচনা চক্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লব কুমাৰ শৰ্মাই উপস্থিত থাকি নিম্ন আদালত সমূহ ন্যায় প্ৰক্ৰিয়াৰ মেৰুদণ্ড স্বৰূপ বুলি কয়।

অধিবক্তা ৰনজিৎ কলিতাই শলাগ জ্ঞাপন কৰা উক্ত আলোচনা চক্ৰত বৰপেটা জিলা অধিবক্তা সন্থাৰ জ্যেষ্ঠ অধিবক্তা ধৰণীধৰ তালুকদাৰ উপস্থিত থাকি ন্যায় ব্যৱস্থাত অধিবক্তা আৰু সাধাৰণ ৰাইজৰ প্ৰত্যাশা সম্পৰ্কত বিস্তৃত আলোচনা আগবঢ়ায়। উক্ত আলোচনা চক্ৰত অধিবক্তাকে ধৰি অঞ্চলটোৰ প্ৰায় শতাধিক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Related News