চামগুৰি বৰমাবিল হত্যাকাণ্ডৰ সাতজন হত্যাকাৰী গ্ৰেপ্তাৰ; জে’ল হাজোতলৈ প্ৰেৰণ

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ মোৱামাৰি আৰক্ষী চকীৰ অন্তৰ্গত বৰমাবিলত আৰক্ষীয়ে অভিযান চলাই সাতজন হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বাজিয়াগাৱঁৰ বৰমাবিলত সাতজন হত্যাকাৰীয়ে আত্মগোপণ কৰি থকাৰ তথ্য লাভ কৰাৰ পাছতে মোৱামাৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন শৰ্মাৰ নেতৃত্বত এটি আৰক্ষীৰ দলে আজি ৰাতিপুৱা প্ৰায় আঠমান বজাত বৰমাবিলত অভিযান চলাই দুধৰ্ষ হত্যাকাৰী কেইজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয় ।

আটকাধীন হত্যাকাৰী কেইটা হ’ল ক্ৰমে-চুলতান আলী (৪০), নজৰুল ইছ্লাম (২৭), আমানুল্লা (২৮), ফাইজুল ইছলাম (২৩), মুক্তাৰ উদ্দিন (২৭), মকবুল হুছেইন (২৬) আৰু চাদ্দাম হুছেইন (২৩)।

দুধৰ্ষ হত্যাকাৰী কেইটাৰ ঘৰ বৰমাবিল গাৱঁতেই বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, বিগত এঘাৰ আগষ্টৰ নিশা বৰমাবিল গাঁৱৰ আশ্ৰৱ আলী (৪৫) নামৰ লোকজনৰ ধান খেতি অপৰাধী চুলতান আলীৰ হাঁহে নষ্ট কৰাক কেন্দ্ৰ কৰি কাজিয়া লগাত উপৰোক্ত অপৰাধী সকলে মাৰপিট কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

পৰবৰ্তী সময়ত মোৱামাৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত আশ্ৰৱ আলীক নগাঁৱলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

বিগত চৈধ্য আগষ্টৰ দিনা গুৱাহাটীত চিকিৎসাধীন অৱস্থাতে আশ্ৰৱৰ মৃত্যু হৈছিল । ইতিমধ্যে আশ্ৰৱৰ পৰিয়ালে মোৱামাৰি আৰক্ষী চকীত দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে  ৩০৪ /২০  নং গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত সাতজন হত্যাকাৰীক আজি গ্ৰেপ্তাৰ কৰি কলিয়াবৰ আদালতত হাজিৰ কৰে।

আদালতে অপৰাধী কেইজনক জে’ল হাজোতলৈ পেৰণ কৰিছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ কৰে ।