মূৰত ঋণৰ বোজা। এই হেঁচা সহ্য কৰিব নোৱাৰি একেটা পৰিয়ালৰ সাতজন সদস্যই আত্মহত্যা কৰে। হাৰিয়ানাৰ পঞ্চকুলা অঞ্চলত এখন বন্ধ গাড়ীৰ পৰা আৰক্ষীয়ে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰে।
পৰিয়ালটোৰ লোককেইজন ডেৰাডুনৰ বাসিন্দা। আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে নিশা পৰিয়ালটোৰ লোককেইজনে বিষ সেৱন কৰি আত্মহত্যা কৰে। গাড়ীখনত উদ্ধাৰ হৈছে এখন চুইচাইড নোট। তাত উল্লেখ আছে যে তেওঁলোকে ঋণৰ বোজা বহন কৰিব নোৱাৰাৰ বাবেই এই সিদ্ধান্ত লৈছে।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, পঞ্চকুলাৰ ২৭ নং ছেক্টৰৰ এটা ঘৰৰ সন্মুখত পথৰ কাষত গাড়ীখন ৰখাই থোৱা আছিল। সেই গাড়ীখন ভিতৰৰ পৰাই বন্ধ কৰা আছিল। দীৰ্ঘসময় ধৰি পথৰ কাষত এখন গাড়ী ৰখাই থোৱা বুলি খবৰ পোৱাৰ পিছতে আৰক্ষী তালৈ যায়। পিছত গাড়ীৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে মৃতদেহকেইটা। চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে।
আৰক্ষীয়ে জনোৱা মতে গাড়ীখনৰ পৰা উদ্ধাৰ হৈছে প্ৰবীণ মিট্টাল (৪২), তেওঁৰ পিতৃ-মাতৃ, পত্নী আৰু তিনিটা নাবালক সন্তানৰ মৃতদেহ।
ডেৰাডুনৰ বাসিন্দা প্ৰবীণ মিট্টালে নিজৰ পৰিয়ালৰ লোকৰ সৈতে পঞ্চকুলাৰ বাগেশ্বৰ ধামলৈ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিছিল। সোমবাৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ঘৰলৈ উভতি আহিছিল।
আৰক্ষীয়ে দাবী কৰিছে যে পৰিয়ালটোৰ ওপৰত বৃহৎ পৰিমাণৰ ঋণৰ বোজা আছিল। আৰ্থিক অনাটন আৰু হেঁচা সহ্য কৰিব নোৱাৰি মিট্টাল পৰিয়ালৰ সদস্যসকলে এই চৰম পদক্ষেপ ল’বলৈ বাধ্য হ’ল।
অঞ্চলটোৰ এজন আৰক্ষী বিষয়া হিমাদ্ৰী কৌশিকে কয় যে প্ৰাৰম্ভিক তদন্তত পৰিয়ালৰ লোকে বিষ সেৱন কৰি আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে। তেওঁ কয় যে গাড়ীখনৰ পৰা এখন চুইচাইড নোটও উদ্ধাৰ কৰা হৈছে। আৰক্ষী বিষয়াসকলে এই ঘটনাৰ তদন্ত অব্যাহত ৰখা বুলি জানিবলৈ দিয়ে।