NORTHEAST NOW (Assamese)

অসমত আৰু সাত ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ২৩৪লৈ বৃদ্ধি

August 22, 2020 9:38 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

আৰু সাতগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, শনিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২৩৪লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— যোৰহাটৰ ৰাজেশ দত্ত (৪৬), ডিব্ৰুগড়ৰ চেনি দেৱী জৈন (৭৭) আৰু ক্ষেত্ৰধৰ গগৈ (৬০), কাছাৰৰ ভোলেনাথ দুচাদ (৬৩), কামৰূপৰ যতীন চন্দ্ৰ দাস (৫৫), শোণিতপুৰৰ নুৰ ইছলাম মিৰ্ধা (৬০) আৰু কামৰূপ মহানগৰৰ সুধীৰ কুমাৰ দাস (৭৭)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত শুকুৰবাৰলৈকে ২২৭গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে শুকুৰবাৰলৈকে অসমত ক’ভিডৰ পৰা আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা হৈছে ৬৫,৫৯৬ (।)

অসমত শুকুৰবাৰে সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা আছিল ২২,০৮২ (।)

অসমত শুকুৰবাৰলৈকে চিনাক্ত মুঠ ক’ভিড পজিটিভ ব্যক্তিৰ সংখ্যা আছিল ৮৭,৯০৮ (।)

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News