ক’ৰ’নাত বিধ্বস্ত অৰ্থনীতি : অৱসৰপ্ৰাপ্ত বিষয়াই লগুৱা ৰাখিলে মাহিলি পাব ১০ হাজাৰ ভাট্টা

index.jpgকক

সমগ্ৰ দেশত ক’ৰ’নাতংকই দেশৰ অৰ্থনীতিক অস্থিৰ কৰি তোলাৰ সময়তে এখন ৰাজ্যৰ অৱৰপ্ৰাপ্ত বিষয়াসকলৰ বাবে এক সুখবৰ কঢ়িয়াই আনিছে সপ্তম দৰমহা আয়োগে।

সপ্তম দৰমহা আয়োগৰ মতে অৱসৰপ্ৰাপ্ত বিষয়াই ঘৰত ৰখা লগুৱাৰ বাবদ মাহে লাভ কৰিব ১০ হাজাৰ টকা মাহেকীয়া ভাট্টা।

খবৰ অনুসৰি তামিলনাডু চৰকাৰে লৈছে এই সিদ্ধান্ত।

ৰাজ্যখনৰ আইএএছ অফিচাৰ্ছ এচ’ছিয়েছন আৰু অন্য জ্যেষ্ঠ বিষয়াৰ দাবী অনুসৰি সপ্তম দৰমহা আয়োগে ৰাজ্যখনত এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।

এক চৰকাৰী সূত্ৰৰ মতে তামিলনাডু আইএএছ অফিচাৰ্ছ এচ’ছিয়েছন আৰু অন্য জ্যেষ্ঠ বিষয়াসকলে ২০১৫ চনৰ পৰা এই দাবী উত্থাপন কৰি আহিছিল।

সূত্ৰটোৰ মতে অৱসৰপ্ৰাপ্ত মুখ্য সচিব, অতিৰিক্ত মুখ্য সচিবসকলে এই ভাট্টা লাভ কৰিব।

ইফালে ইক’নমিকছ টাইমছৰ খবৰ অনুসৰি ৰাজ্যখনৰ মুখ্য সচিবে সকলো অৱসৰপ্ৰাপ্ত মুখ্য সচিব, অতিৰিক্ত মুখ্য সচিবসকলক যোৱা ২২ জুলাইত এক পত্ৰ লিখি এই সন্দৰ্ভত অৱগত কৰিছে।

পত্ৰখনত কোৱা হৈছে যে, সেই নিৰ্দিষ্ট অৱসৰপ্ৰাপ্ত বিষয়াসকলৰ লগতে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত বিচাৰপতিয়েও ঘৰত লগুৱা ৰখাৰ বাবদ মাহিলি ১০ হাজাৰ টকা লাভ কৰিব।

ইয়াৰ লগতে ৰাজ্যখনৰ চৰকাৰে ৰাজ্যৰ কৰ্মচাৰীসকলৰ অৱসৰ সীমা ৫৮ বছৰৰ পৰা ৫৯ বছৰলৈ বৃদ্ধিও কৰিছে।

উল্লেখ্য যে, কৰ্ণাটকত অৱসৰপ্ৰাপ্ত সচিব আৰু মুখ্য সচিবসকলক লগুৱা ৰখাৰ বাবদ মাহিলি ৬ হাজাৰ টকা আৰু ১ হাজাৰ টকা মাহিলি টেলিফোনৰ বিলৰূপে প্ৰদান কৰা হয়।