NORTHEAST NOW (Assamese)

Congress protests ছোনিয়া গান্ধীক EDৰ জেৰা; গুৱাহাটীৰ ৰাজপথত বাগৰি বাগৰি অংকিতা দত্ত সহ কংগ্ৰেছৰ নেতা- কৰ্মীৰ প্ৰতিবাদ

July 21, 2022 7:55 pm · জাহ্নৱী বৰুৱা,গুৱাহাটী

ভাৰতীয় জাতীয় কংগ্ৰেছৰ অন্তৰ্ৱতীকালীন সভানেত্ৰী ছোনিয়া গান্ধীক বিজেপি চৰকাৰে ষড়যন্ত্রমূলকভাবে এনফৰ্চমেণ্ট ডাইৰেক্টটৰৰ দ্বাৰা জেৰাৰ চলোৱাৰ প্ৰতিবাদত বৃহস্পতিবাৰে গুৱাহাটী উত্তাল কৰি তোলে প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মীয়ে।

চৰকাৰী সংস্থাসমূহক ব্যৱহাৰ কৰি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে বিৰোধী শক্তি, বিশেষকৈ কংগ্ৰেছ দলৰ বলিষ্ঠ কণ্ঠ বন্ধ কৰিবলৈ অপচেষ্টা চলোৱাৰ প্ৰতিবাদত তথা বিজেপি চৰকাৰৰ দমনমূলক নীতিৰ বিৰুদ্ধে ৰাজীৱ ভৱনৰ চৌহদত এখন বিশাল প্রতিবাদী সভা অনুষ্ঠিত কৰা হয় ।

তাৰ পিছতে কেইবাগৰাকীও নেতা কর্মীয়ে হাতে হাতে প্লেকার্ড, কংগ্ৰেছৰ পতাকা লৈ উদাত্ত শ্ল’গান দি দি ৰাজগড় ৰ’ডৰ এনফ ‘চমেণ্ট ডাইৰেক্টটৰৰ কাৰ্যালয় অভিমুখে শান্তিপূর্ণভাবে এক প্ৰতিবাদী সমদল বাহিৰ কৰে।

শান্তিপূর্ণভাবে এক প্ৰতিবাদী সমদল বাহিৰ কৰে যদিও ৰাজীৱ ভৱনৰ মূল প্রৱেশদ্বাৰতে লৌহ-প্ৰাচীৰ দি বিশাল সশস্ত্র বাহিনীয়ে বাধা প্ৰদান কৰে।

লৌহ প্ৰাচীৰ বগাই সমদল আগুৱাই যাব খোজোঁতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়া, কংগ্ৰেছ উপদলপতি ৰকিবুল হুছেইন, প্রাক্তন সাংসদ দ্বিজেন শর্মা, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী আৰু জাকিৰ হুছেইন শিকদাৰ সহ দলৰ কেইবাগৰাকীও সন্মানীয় বিধায়ক সহ অসম প্রদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামী, যুৱ কংগ্ৰেছৰ সভানেত্রী অংকিতা দত্ত আৰক্ষী বাহিনীয়ে আটক কৰি লৈ যায়।

তেওঁলোকক বিয়লি পর্যন্ত কাহিলীপাৰাস্থ ১০ নং অসম আৰক্ষী বেটেলিয়ন চৌহদত তেওঁলোকক বন্দী কৰি ৰাখে ।
ইয়াৰ পূৰ্বে অনুষ্ঠিত প্ৰতিবাদী সভাত ভূপেন কুমাৰ বৰা, দ্বিজেন শর্মা, দেৱব্ৰত শ‍ইকীয়া, ৰকিবুল হুছেইন, ৰাণা গোস্বামী, জাকিৰ হুছেইন শিকদাৰ, মীৰা বৰঠাকুৰ গোস্বামী প্ৰমুখ্যে কংগ্ৰেছ নেতাসকলে মোদী চৰকাৰৰ আক্রোশমূলক কার্যকলাপৰ তীব্ৰ নিন্দা কৰাৰ লগতে ইয়াৰ নিশ্চিত পৰিগতিৰ বাবে বিজেপিক সাজু হ’বলৈ আহ্বান জনায়।

Related News