• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Cabinet Decisions অসমৰ শিক্ষা ব্যৱস্থাত হ’ব আমূল পৰিৱৰ্তন, কেনে পৰিৱৰ্তনৰ সিদ্ধান্ত ল’লে কেবিনেট বৈঠকে?

চলিত শিক্ষা বৰ্ষৰ পৰাই অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু অসম মাধ্যমিক শিক্ষা পৰিষদ একত্ৰিকৰণ হ’ব

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
November 24, 2021 4:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ শিক্ষা ব্যৱস্থাত যথেষ্ঠ পৰিৱৰ্তন সাধন হ’ব। দেশৰ নতুন শিক্ষা নীতিৰ আধাৰত অসমত শিক্ষা ব্যৱস্থাৰ এই পৰিৱৰ্তন সাধন কৰা হ’ব। বুধবাৰে বঙাইগাঁৱত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

বঙাইগাঁও কেবিনেট বৈঠক ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত দিছপুৰৰ বাহিৰত অনুষ্ঠিত হোৱা দ্বিতীয়খন কেবিনেট বৈঠক। এই বৈঠকত ৰাজ্য চৰকাৰে মুঠ ১৪ টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজেই সংবাদমেল যোগে এই সিদ্ধান্তসমূহ সদৰি কৰিছে। ইয়াৰে ভিতৰত অন্যতম শিক্ষা ব্যৱস্থাৰ সালসলনিৰ সিদ্ধান্ত।

Also read : Cabinet decision বঙাইগাওঁ মহাবিদ্যালয়কো উন্নীত কৰা হ’ব বিশ্ববিদ্যালয়লৈ, কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীৰ ঘোষণা

বৈঠকৰ সিদ্ধান্ত অনুসৰি অসমৰ স্কুলীয়া শিক্ষা ৫+৩+৩+৪ পদ্ধতি মতে হ’ব। এই ব্যৱস্থাত বৰ্তমানৰ প্ৰাক-প্ৰাথমিকৰ শ্ৰেণী (আপাৰ কেজি, লৱাৰ কেজি, নাৰ্চাৰী), প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীক একেলগ কৰা হ’ব। এই স্তৰৰ নাম সলনি কৰি ‘ফাউণ্ডেশ্যন’ বা ‘বুনিয়াদী বিদ্যালয়’ কৰা হ’ব। অৰ্থাৎ দ্বিতীয় শ্ৰেণীটো নতুন পদ্ধতিমতে হ’ব পঞ্চম বৰ্ষ।

তৃতীয়, চতুৰ্থ, পঞ্চম শ্ৰেণীৰ ৩ বছৰৰ সময়খিনিক কোৱা হ’ব ‘প্ৰিপাৰটৰি’ বা ‘প্ৰস্তুতি পৰ্ব’। এই শ্ৰেণীকেইটা নতুন ব্যৱস্থা মতে হ’ব ষষ্ঠ, সপ্তম আৰু অষ্টম বৰ্ষ। পঞ্চম শ্ৰেণীৰ বৰ্তমানৰ পাঠ্যক্ৰম সলনিৰো কেবিনেটে সিদ্ধান্ত লৈছে।

বৰ্তমানৰ ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ ৩ বছৰক ‘মধ্যম বৰ্গ’ হিচাপে শ্ৰেণী বিভাগ কৰা হ’ব। নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ৪ বছৰক উচ্চতৰ মাধ্যমিক বা চিনিয়ৰ চেকেণ্ডাৰী হিচাপে শ্ৰেণী বিভাগ কৰা হ’ব।

চলিত শিক্ষা বৰ্ষৰ পৰাই অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আৰু অসম মাধ্যমিক শিক্ষা পৰিষদ একত্ৰিকৰণ হ’ব বুলিও কেবিনেট বৈঠকৰ অন্তত মুখ্য মন্ত্ৰীয়ে ঘোষণা কৰে।

ইয়াৰোপৰি কেবিনেট বৈঠকতে সত্ৰৰ মাটি বেদখলৰ সঠিক ৰূপটো জনাৰ উদ্দেশ্যে আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত এখন কমিতি গঠন কৰি দিয়ে। এই কমিতিখনৰ কাম কাজ এবছৰৰ বাবে হ’ব। এই এবছৰৰ বাবে বিধায়ক প্ৰদীপ হাজৰিকাক কেবিনেট মৰ্যাদা প্ৰদান কৰা হৈছে। কমিতিখনৰ আন দুগৰাকী সদস্য ক্ৰমে খুমটাইৰ বিধায়ক মৃণাল শইকীয়া আৰু নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা। তেওঁলোক দুয়োগৰাকীক কেবিনেটে ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা প্ৰদানৰ সিদ্ধান্ত লয়।

Also read : Cabinet decision বঙাইগাওঁ মহাবিদ্যালয়কো উন্নীত কৰা হ’ব বিশ্ববিদ্যালয়লৈ, কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীৰ ঘোষণা

কেবিনেটে অহা জানুৱাৰী মাহৰ ৬ আৰু ৭ তাৰিখটোত চৰকাৰী কৰ্মচাৰীৰ বাবে অতিৰিক্ত চুটি ঘোষণা কৰে। ৬ আৰু ৭ জানুৱাৰী ক্ৰমে বৃহস্পতিবাৰ আৰু শুকুৰবাৰ, তাৰ পৰৱৰ্তী শনিবাৰ আৰু দেওবাৰ মিলি মুঠ চাৰিদিনৰ বাবে কৰ্মচাৰীসকলক পিতৃ-মাতৃ বা শাহু-শহুৰৰ লগত থাকিবলৈ এই চুটি প্ৰদান কৰা হৈছে। চতুৰ্থ বৰ্গৰ পৰা মন্ত্ৰী পৰ্যন্ত সকলোৱে এই চুটি লাভ কৰিব। কিন্তু যিসকলৰ পিতৃ-মাতৃ বা শাহু-শহুৰ নাই তেওঁলোকে এই চুটি নাপাব।

কেবিনেটৰ বঙাইগাঁও বৈঠকৰ সিদ্ধান্ত কৰি আজিৰে পৰা বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰূয়া জন্মজয়ন্তী বছৰযোৰা কাৰ্যসূচীৰে উৎযাপনৰ সিদ্ধান্ত লোৱা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ দ্বাৰা ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত এই কাৰ্যসূচী অনুষ্ঠিত হ’ব।

আজিৰ কেবিনেটে ৰাজ্যত এটা যুৱ আয়োগ গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই আয়োগে নিয়োগ তথা চিকিৎসা বিজ্ঞান আৰু অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ বাচনি পৰীক্ষাৰ বাবে কচিং প্ৰদানৰ ব্যৱস্থা কৰিব।

অসমৰ বিদেশী বহিষ্কৰণৰ আন্দোলনৰ শ্বহীদ তথা নিৰ্যাতিতসকলৰ কল্যাণৰ বাবে আজিৰ কেবিনেটে এটা ন্যাস গঠনৰ সিদ্ধান্ত লয়। ন্যাসৰ নাম Trust for Welfare for Victim of Assam Agitation and Their Family হ’ব বুলি মুখ্য মন্ত্ৰীয়ে জানিবলৈ দিয়ে।

‘অৰিজিনেল ইনহেবিটেন্ট’ বা প্ৰকৃত বাসিন্দাই চহৰত মাটি ক্ৰয় বাবে ১০ বছৰ বাস কৰাৰ পাছত আবেদনৰ কৰিবলৈ যোগ্য বিবেচিত হ’ব বুলি আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে। পূৰ্বতে এই সময়সীমা ২০ বছৰ আছিল।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা ২৫ লাখ টকাৰ ওপৰৰ ক্ৰয়-বিক্ৰয়ৰ সকলো নিবিদা অনলাইনযোগে হ’ব। অৱশ্যে জনজাতীয় পৰিষদসমূহক এই ব্যৱস্থাৰ পৰা বাদ দিয়া হৈছে।

বঙাইগাঁৱত অনুষ্ঠিত হোৱা এই বৈঠকতে কেবিনেটে পেট্ৰ’ল, ডিজেলৰ দাম ইতিমধ্যে হ্ৰাস কৰাৰ বিষয়টোত অনুমোদন জনায়।

Also read : Cabinet decision বঙাইগাওঁ মহাবিদ্যালয়কো উন্নীত কৰা হ’ব বিশ্ববিদ্যালয়লৈ, কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীৰ ঘোষণা

এই বৈঠকত ‘হেল্থ এ’ চিকিৎসকসকলৰ স্নাতকোত্তৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত আসনৰ সংখ্যা ৪০ খনলৈ বৃদ্ধিৰ সিদ্ধান্ত লয়। পূৰ্বতে এই আসনৰ সংখ্যা আছিল ২৩ খন।

কেবিনেটৰ আজিৰ বৈঠকৰ আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ’ল, এতিয়াৰে পৰা অসম লোকসেৱা আয়োগৰ প্ৰতিযোগীতামূলক পৰীক্ষাত ভাষাৰ কাকত নাথাকে। কিন্তু অসম আসমৰিক সেৱা আৰু অসম আৰক্ষী সেৱাৰ প্ৰাৰ্থীসকল অসমৰ বাসিন্দা হোৱাটো বাধ্যতামূলক হ’ব অথবা প্ৰাৰ্থীগৰাকীয়ে অসমীয়া বা সহযোগী ভাষা বা অসমৰ যিকোনো এটা জনজাতীয় ভাষা সকলসলীয়াকৈ ক’ব পৰা হ’ব লাগিব।

অসম মালা আঁচনিৰ অধীনত আৱন্টন হোৱা মাটিৰ ক্ষেত্ৰত এতিয়াৰে পৰা মাটিখিনি কাৰোবাৰ দখলত থাকিলে পট্টা নাথাকিলেও তাৰ বিনিময়ত দখলভোগী লোকক ক্ষতিপূৰণ দিয়া হ’ব বুলি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে।
অসমৰ কামাণ্ডো বেটেলিয়নৰ নিয়োগ নীতি সলনি কৰাৰ বাবেও কেবিনেটে আজি সিদ্ধান্ত লয়। কামাণ্ডো বেটেলিয়নৰ বাবে বয়সৰ সীমা এতিয়াৰে পৰা ১৮ ৰ পৰা ২১ বছৰ হ’ব।

অসমৰ ভিতৰত চলাচল কৰা বিমানৰ যাত্ৰীসকলক সকাহ দিয়াৰ উদ্দেশ্যে আজিৰ কেবিনেটে সিদ্ধান্ত লৈছে। তাৰ বাবে ‘এভিয়েশ্যন টাৰবাইন ফুৱেল’ৰ ভেট ১ শতাংশলৈ হ্ৰাস কৰাৰ বাবে কেবিনেটে সিদ্ধান্ত লৈছে।

Also read : Cabinet decision বঙাইগাওঁ মহাবিদ্যালয়কো উন্নীত কৰা হ’ব বিশ্ববিদ্যালয়লৈ, কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীৰ ঘোষণা

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

September 17, 2025 3:30 pm
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে গেংষ্টাৰ ছোটা ৰাজনৰ জামিন আবেদন

September 17, 2025 2:19 pm
ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

ষ্টেট বেংকত সেনাৰ পোছাক পৰিহিত ডকাইত! ৫৮ কেজি সোণ আৰু ৮ কোটি টকা লুটপাত

September 17, 2025 1:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ দাবীত জ্বলি উঠিল যোৰহাট : হাতে হাতে অগ্নিশিখা লৈ ৰাজপথত নামিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী

September 17, 2025 3:33 pm
দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

দিল্লীত মদ কিনাৰ ন্যূনতম বয়স ৪ বছৰ হ্ৰাস কৰিলে বিজেপি চৰকাৰে! বিতৰ্কৰ উদ্ভৱ…

September 17, 2025 3:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd