নোৱা নৈৰ বাঢ়নী পানীয়ে কলাইগাঁৱৰ কেইবাঠাইতো চিঙিলে মথাউৰি, ৰাইজৰ হাহাকাৰ

ফটো: নৰ্থইষ্ট নাও।

কেইদিনমানৰ পৰা হৈ থকা মুষলধাৰ বৰষুণৰ ফলত নোৱা নৈৰ বাঢ়নী পানীয়ে দৰঙৰ কলাইগাঁৱৰ গৰুবান্ধা, বিষ্ণুপুৰ আৰু উদমাৰী পূৱ খণ্ডৰ মথাউৰি চিঙি অঞ্চলকেইটাৰ বিস্তৰ ক্ষতিসাধন কৰে।

বছৰটোৰ প্ৰথমটো বানত অঞ্চলকেইটাৰ বহু মানুহৰ ঘৰত পানী সোমাইছে। সেইদৰে আন বহুতৰে পুখুৰীৰ মাছ ওলাই যায়।

স্থানীয় ৰাইজে প্ৰসাশন, বিভাগীয় কৰ্তৃপক্ষ আৰু ঠিকাদাৰৰ হেমাহিৰ বাবে আচলতে ৰাইজে এনে ধৰণে জীয়াতু ভুগিব লগা হৈছে বুলি মত পোষণ কৰিছে।

ফটো: নৰ্থইষ্ট নাও।

তদুপৰি, প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়োৱে কথাৰ ফুলজাৰি মাৰিয়ে তেওঁৰ কাৰ্যকাল অতিক্ৰম কৰি ৰাইজক আভুঁৱা ভাৰাৰো অভিযোগ কৰে ৰাইজে।

আনহাতে, বৰ্তমানৰ বিধায়ক দূৰ্গা দাস বড়োৱে অঞ্চলটোৰ ৰাইজৰ বাবে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যনীয় হব। সেয়ে ৰাইজে স্থানীয় বিধায়ক তথা প্ৰশাসনৰ ফালৰ পৰা অঞ্চলটোৰ মথাউৰিৰ এটা স্থায়ী সমাধান বিচাৰিছে।