• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসহিষ্ণু পৰিৱেশ তথা বিভেদকামী শক্তিৰ পৰা মুক্ত হ’বলৈ অসমবাসীলৈ আবেদন কেইবাগৰাকীও বিশিষ্ট লোকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 9, 2023 3:15 pm
Eviction in Assam
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ সাম্প্ৰতিক সামাজিক তথা ৰাজনৈতিক পৰিস্থিতিক লৈ শংকিত হৈ পৰিছে সচেতন মহল। এক বিশেষ ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি বৰ্তমানৰ শাসকীয় ৰাজ্য চৰকাৰে অমানৱীয় আৰু অসহিষ্ণু আচৰণ কৰা বুলি অভিযোগ তুলি আহিছে বহু লোকে। এনে বিদ্বেষমূলক তথা অসহিষ্ণু পৰিৱেশৰ দোহাই দি ৰাজ্যবাসীক এই ৰাজনৈতিক অভিসন্ধিৰ পৰা সাৱধানে আঁতৰি থাকিবলৈ আহ্বান জনাই এক গোহাৰি প্ৰকাশ কৰিছে ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট লোকে।

তলত সম্পূৰ্ণ গোহাৰিটি তুলি দিয়া হৈছে-

আমি অসমবাসীক ভোগালীৰ ওলগ জনাইছো আৰু সকলোৰে চকুৰ আগত ঘটি থকা আৰু ভবিষ্যতৰ দিশ নিৰ্ণায়ক এক জাতীয় অমানৱীয় দুৰ্যোগৰ ফালে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো।

আপোনালোকে দেখিছে যে বৰ্তমানৰ চৰকাৰখনে এটা সম্প্ৰদায়ক লক্ষ্য কৰি অহৰহ ঘৃণাসূচক আৰু অপমানজনক মন্তব্য কৰি থকাৰ লগতে এই হাড় কপোৱা শীতত উচ্ছেদৰ দৰে অভিযান চলাই এক অমানৱীয় পৰিস্থিতিৰ ফালে ঠেলি দিছে। এই ক্ষেত্ৰত বটদ্ৰৱাৰ মতলবী উচ্ছেদ কাণ্ডৰ বিৰুদ্ধে মাননীয় উচ্চ ন্যায়ালয়ে দিয়া ৰায়ক আমি আদৰণি জনাইছো।

আমি এই কথা দৃঢ়তাৰে ঘোষণা কৰোঁ যে অসমৰ অনান্য সম্প্ৰদায়ৰ দৰে প্ৰবজিত মূলৰ মুছলমানসকলো অসমীয়া জাতি আৰু ভাষা-সংস্কৃতিৰ অপৰিহাৰ্য অংগ আৰু অসমীয়া জাতিৰ পূৰ্বসূৰী সকলে হাজাৰ চক্ৰান্তৰ মোকাবিলা কৰি এই বাট ধৰি আমাক আগুৱাই আনিছে।

এইবাৰো আমি অতি সংগঠিত আৰু পৰিকল্পিত চক্ৰান্তৰ মুখামুখী হৈছো। আমি অতিশয় উদ্বিগ্ন হৈ পৰিছো যে প্ৰবজিত মূলৰ মুছলমান সকলৰ বিৰুদ্ধে চলাই থকা এই অভিযানে অসমীয়া জাতিক বিপদোন্মুখ কৰি তুলিব আৰু অসমখন স্থায়ী সংঘৰ্ষৰ ক্ষেত্ৰ হৈ পৰিব।

সম্পদ বিক্ৰী আৰু অৰ্থনীতিৰ একচেটিয়াকৰণৰ প্ৰৱণতাই দেখুৱাই যে অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক স্বকীয়তাৰ মূল বিপদক ঢাকি ৰাখিবলৈকে মুছলমানৰ ফালে আঙুলি টোৱাই দেখাই থকা হৈছে।

কৰ্পৰেটৰ স্বাৰ্থই এতিয়া বহু মধ্যবিত্তৰ বাবে নিজৰ স্বাৰ্থ আৰু দেশৰ স্বাৰ্থ হৈ পৰিছে। তেওলোকৰ ওচৰত শ্বহীদৰ সপোনৰ দেশ, জ্যোতি-বিষ্ণুৰ ধাৰণাৰ জাতি আৰু মাতৃভাষাৰ প্ৰতি মমতা আৰু আবেগ অৰ্থহীন।

এসময়ত উগ্ৰ জাতীয়তাবাদৰ প্ৰভাৱত জনজাতীয় সকলৰ সমস্যাত সঁহাৰি নিদিয়াৰ ফলত আমি তেওঁলোকৰ সমৰ্থন হেৰুৱালোঁ। আজি প্ৰব্ৰজিত মূলৰ মুছলমানসকলৰ প্ৰতি একে নিৰ্লিপ্ত মনোভাব দেখুৱালে আমাৰ তাতকৈ ডাঙৰ বিপদ হব। আমাৰ জাতীয় ভাষাৰ গুৰুত্ব হ্ৰাস পোৱাৰ পৰিণাম হব অসমত অসমীয়াৰ প্ৰাধান্য লুপ্ত হোৱা।

আমি তেওঁলোকৰ দুৰ্যোগৰ সময়ত কাষত থিয় দি সহমৰ্মিতা প্ৰকাশ কৰোঁ আহক।

আমি প্ৰবজিত মূলৰ মুছলমান সকলৰ প্ৰতিও আহ্বান জনাও- আপোনালোকে বিভাজনকামী চক্ৰান্তৰ ফান্দত ভৰি নিদিব আৰু এতিয়া দেখাত ক্ষীণ যেন লাগিলেও একতাৰ পতাকাখন উৰ্দ্ধত তুলি ধৰি ৰাখক। সাপ হৈ খোঁটা আৰু বেজ হৈ জৰা ৰাজনীতিকৰ আজিকালি অভাৱ নাই।

বাপতিসাহোন ভোগালীত আমাৰ দৃঢ় আশা- আমি সঠিক বাটত খোজ দিব পাৰিম ।

আধুনিক অসমীয়া সংস্কৃতিৰ কাণ্ডাৰী জ্যোতিপ্ৰসাদৰ চিন্তাক তেওঁৰ ১২০ বছৰীয়া জন্ম জয়ন্তীত বাস্তৱত ৰূপায়ণ কৰাৰ প্ৰত্যাহবান গ্ৰহণ কৰিবলৈ সক্ষম হ’ম।

আবেদনৰ স্বাক্ষৰকাৰীসকল:

ড°হীৰেন গোহাঁই
ড° অপূৰ্ব কুমাৰ বৰুৱা
অধ্যাপক পূৰ্নেশ্বৰ নাথ
ধীৰেন শইকীয়া, অৱসৰপ্ৰাপ্ত আই এ এচ
অজিত কুমাৰ ভূঞা
ড° মনোৰমা শৰ্মা
অধ্যাপক আব্দুল মান্নান
লোকনাথ গোস্বামী
প্ৰভাত বৰা, সাহিত্য সমালোচক
দেবেন তামূলী
এ কে আব্চাৰ হাজৰিকা, অৱসৰপ্ৰাপ্ত উপায়ুক্ত
ড° চন্দ্ৰমোহন শৰ্মা, অৱসৰপ্ৰাপ্ত অধ্যাপক, ডিব্ৰুগড় বিশ্ববিদ্যালয়
ড° ৰজনী কান্ত দাস, অৱসৰপ্ৰাপ্ত অধ্যক্ষ, দেওৰা কলেজ
ড° অখিল ৰঞ্জন দত্ত
পদ্মলোচন নাথ, প্ৰবন্ধ লেখক
দেৱব্ৰত দাস, ছুটি গল্প লেখক
জিতুমনি বৰা, জ্যেষ্ঠ সাংবাদিক
ড° হাফিজ আহমেদ
মনজিত মহন্ত
চৰণ ডেকা
বিবেক দাস
জগদীশ ভূঞা
ডা° ভবেন চৌধুৰী
কনক গগৈ
প্ৰণৱ গোস্বামী
অনন্ত কলিতা
ড° ইন্দ্ৰানী দত্ত
শান্তনু বৰঠাকুৰ
মাইনী মহন্ত
ড° পৰমানন্দ মজুমদাৰ
বৈকুণ্ঠ গোস্বামী
ৰঞ্জিত ভট্টাচার্য
ডিম্বেন্দ্ৰ মহন্ত
মুনিন মহন্ত
ইনিচি চি মহন্ত
সমীন্দ্ৰ হুজুৰী
পংকজ কুমাৰ দাস
কৃষ্ণ গগৈ
হেম ফুকন
অঞ্জন গোস্বামী
ড° চুলতান আলী আহমেদ
ড° কমল কুমাৰ তাঁতী
ড° অহিজুদ্দিন শ্বেখ
সোনেশ্বৰ নৰহ
ত্ৰিদিব নীলিম দত্ত
অনুৰূপা ডেকাৰজা
পঞ্চানন হাজৰিকা
সুব্ৰত তালুকদাৰ
সংগীতা বৰঠাকুৰ
তিলক হাজৰিকা

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

September 17, 2025 6:57 pm
কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

পুনৰ ‘ডিজিটেল এৰেষ্ট’ কাণ্ডঃ প্ৰাণ হেৰুৱালে আগ্ৰাৰ ৭৬ বছৰীয়া এগৰাকী মহিলাই

September 17, 2025 6:57 pm
কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd