অইলৰ ছুইমিংপুলত তুষাৰজিৎ শইকীয়াৰ মৃত্যুৰ ঘটনা : ১১ অক্টোবৰত ডিব্ৰুগড় জিলা বন্ধৰ আহ্বান

zaloni-club-duliajan

দুলীয়াজানৰ জালনী ক্লাৱ। ফটোৰ উৎস : ইন্টাৰনেট

যোৱা ২৫ জুনত দুলীয়াজানৰ অইলৰ জালনী ক্লাবৰ ছুইমিং পুলত তুষাৰজিৎ শইকীয়া নামৰ ছাত্ৰজনৰ ৰহস্যজনকভাৱে মৃত্যু হোৱা ঘটনাৰ ৩ মাহ উকলি যোৱাৰ পাছতো কোনো তথ্য প্ৰকাশ নকৰাৰ অভিযোগ তুলি কেইবাটাও সংগঠনে অহা ১১ অক্টোবৰত ডিব্ৰুগড় জিলা বন্ধৰ কাৰ্যসূচী ঘোষণা কৰিছে।

ডিব্ৰুগড় জিলা চুতীয়া জিলা চুতীয়া ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলা গোৰ্খা ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলা সোণোৱাল কাছাৰী ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলা মটক ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা, ডিব্ৰুগড় জিলা বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, দুলীয়াজান সংগ্ৰামী যুৱ মঞ্চই বৃহস্পতিবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিজ্ঞপ্তিত এই কথা উল্লেখ কৰিছে।

বিজ্ঞপ্তিটোত কোৱা হৈছে যে উক্ত দিনা ছুইমিং পুলত যথেষ্টসংখ্যক লোক থকাৰ মাজতো কিদৰে ছাত্ৰজনৰ মৃত্যু হ’ল তাৰ প্ৰকৃত তথ্য বৰ্তমানো উদ্‌ঘাটন কৰিব নোৱৰা আৰু এজন দোষীকো আটক কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক বিষয়।

তেওঁলোকে অভিযোগ কৰে যে জিলা প্ৰশাসনে আন ঘটনাৰ ক্ষেত্ৰত যি ধৰণে তৎপৰতা প্ৰদৰ্শন কৰে, তুষাৰজিৎ শইকীয়াৰ ৰহস্যজনক মৃত্যুৰ ঘটনাটোত তেনে ধৰণৰ তৎপৰতা প্ৰদৰ্শন কৰা দেখা নগ’ল।

২৬ জুলাইত দুলীয়াজানৰ কেইবাটাও জাতি-জনগোষ্ঠীয়,মহিলা সংগঠন আৰু ৰাইজ একত্ৰিত হৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক বিচাৰি উলিয়াই উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছিল।

তেওঁলোকে লগতে এজন সুদক্ষ তথা অভিজ্ঞ আৰক্ষী বিষয়াক তদন্তৰ দায়িত্ব দিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছিল যদিও প্ৰশাসনে বিষয়টোত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে। তদুপৰি, যোৱা ৩১ আগষ্টত উক্ত ঘটনাৰ চি বি আইৰ তদন্তৰ দাবীৰে মুখ্যমন্ত্ৰীক প্ৰদান কৰা স্মাৰক-পত্ৰ সন্দৰ্ভতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি বিজ্ঞপ্তিতটোত উল্লেখ কৰা হৈছে।

সেয়েহে সংশ্লিষ্ট কৰ্তৃপক্ষৰ এনে কাৰ্যৰ প্ৰতিবাদত আৰু উক্ত ঘটনাৰ চি বি আই তদন্তৰ দাবী তুলি সংগঠনকেইটাই ১১ অক্টোবৰৰ পুৱা ৫ বজাৰ পৰা ১২ ঘণ্টীয়া ডিব্ৰুগড় জিলা বন্ধৰ লগতে সৰ্বাত্মক অইল বন্ধ কাৰ্যসূচী ঘোষণা কৰিছে।

বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে যে এই বন্ধলৈ বৃহত্তৰ অসমীয়া মহিলা মঞ্চৰ ডিব্ৰুগড় জিলা সমিতি, দুলীয়াজান আঞ্চলিক আদিবাসী ছাত্ৰ সন্থা, গোৰ্খা নাৰী পৰিষদকে ধৰি আন কেইবাটাও দল-সংগঠনেও পূৰ্ণ সমৰ্থন আগবঢ়াইছে।