‘কা’ বাতিলৰ দাবীত শিৱসাগৰত কেইবাটাও জাতীয় সংগঠনৰ প্ৰতিবাদ

নাগৰিকত্ব (সংশোধন) আইন বাতিলৰ দাবীত আজি শিৱসাগৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, অনুসূচীত জাতি ছাত্ৰ সন্থা আৰু বৰ অসম প্ৰজা পৰিষদে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

অনুসূচীত জাতি ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেইবা শতাধিক সদস্যই শিৱ দ’লৰ সন্মুখৰ পৰা কা’ বাতিলৰ দাবীত নগৰৰ মাজৰে সমদল কৰি শেষত শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণাত বহে।

তদুপৰি বৰ অসম প্ৰজা পৰিষদৰ কেন্দ্ৰীয় সমিতি আৰু শিৱসাগৰ জিলা সমিতিয়ে ‘কা’ বাতিল, অখিল গগৈসহ কাৰাবন্দী নেতাসকলক মুক্তি দিয়া আৰু আন্দোলনকাৰীৰ ওপৰত নিৰ্যাতন আৰু দমন কৰা বন্ধ কৰাৰ দাবীত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

অনুসূচীত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পৰশজ্যোতি দাসে কয়, ‘নাগৰিকত্ব (সংশোধন) আইনৰ জৰিয়তে বিজেপি চৰকাৰে যি হিন্দু বাংলাদেশী আনিবলৈ লৈছে তাৰে বেছি সংখ্যক অনুসূচিত জাতিৰ। যাৰ বাবে অসমত যুগ যুগ ধৰি বাস কৰা অনুসূচিত জাতিৰ লোকৰ ওপৰত প্ৰভাৱ পৰিব আৰু তেওঁলোকৰ সাংবিধানিক অধিকাৰ কাঢ়ি নিয়াৰ লগতে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত চাৰিটা বিধানসভা সমষ্টি তেওঁলোকে হেৰোৱাব লাগিব।’

যোৱা ৪০ বছৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমত ইনাৰ লাইন পাৰ্মিট প্ৰযোজ্য কৰিবলৈ দাবী জনাই আহিছিল যদিও কোনো এখন চৰকাৰে এইক্ষেত্ৰত গুৰুত্ব নিদিলে বুলি উল্লেখ কৰি সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি দিব্যজ্যোতি দাসে ‘কা’ বাতিল কৰি অতি শীঘ্ৰে অসমত ইনাৰ লাইন পাৰ্মিট প্ৰযোজ্য কৰিবলৈ দাবী জনায়।