ৰঙিয়া-তামুলপুৰ-ভূটান পথত সংঘটিত পৃথক পৃথক পথ দুৰ্ঘটনাত কিশোৰীসহ আহত হৈছে কেবাজনো লোক

index.jpgx

বিগত কিছুদিন ধৰি ৰঙিয়া-তামুলপুৰ-ভূটান পথত ক্ৰমাৎ বৃদ্ধি পাইছে পথ দুৰ্ঘটনা।

এই পথছোৱাত দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত ইতিমধ্যে কেইবাজনো লোকৰ প্ৰাণ হানি হোৱাই নহয় বহু কেইজন লোকে পঙ্গুত্ব জীৱন কটাবলগীয়া হৈছে।

যোৱা নিশা ৮ মান বজাত ৰঙিয়া-তামুলপুৰ-ভূটান পথৰ ভাংবাৰীত এক পথ দুৰ্ঘটনাত এজন মটৰ চাইকেল চালক গুৰুতৰ ভাবে আহত হয়।

আহত লোক জন হৈছে তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বতিয়ামাৰী গাঁওৰ মনেশ্বৰ দৈমাৰীৰ পুত্ৰ ফিংৰা দৈমাৰী (২৯) ।

জানিব পৰা মতে ফিংৰা দৈমাৰীয়ে কুমাৰীকাটাৰ পৰা নিজ গৃহ বতিয়ামাৰীলৈ গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰাই ভাংবাৰীত পথ দুৰ্ঘটনাত পতিত হয়।

পথ দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিলভজ্যোতি নাথৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে স্থানীয় লোকৰ সহায়ত ফিংৰা দৈমাৰীক উদ্ধাৰ কৰি কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰে।

ইয়াৰ পুনৰ  যোৱা নিশা ১১ মান বজাত ভূটানৰ পৰা তামুলপুৰ-ৰঙিয়া হৈ নেপাল অভিমুখী জিপচন কঢ়িয়াই নিয়া আৰ জে ৩৬ জি এ ৫৮১১  নম্বৰৰ ওঠৰ চকীয়া টেইলৰ ট্ৰাক এখনে ৰঙিয়া-তামুলপুৰ-ভূটান-পথৰ জামুগুৰীত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে।

ট্ৰাকখন বাগৰি পৰাৰ ফলত ১১ হাজাৰ ভোল্ট বিদ্যুৎ পৰিবাহী তাঁৰৰ খুঁটা ভাঙি যোৱাত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰিছে সমগ্ৰ অঞ্চলটো। দুৰ্ঘটনাটোত চালক আৰু খালাচীজন সৌভাগ্য ক্ৰমে ৰক্ষা পৰে।

পথ দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিলভজ্যোতি নাথৰ নেতৃত্বত এটি আৰক্ষীৰ দল পথ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু আহত গাড়ীচালক আৰু খালাচীজনক উদ্ধাৰ কৰি কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পাতললৈ প্ৰেৰণ কৰে।

ইপিনে কালি সন্ধিয়া ভাৰত-ভূটান সীমান্তৰ কালানদীৰ পাৰৰ আলুখুন্দাত বনভোজ খাই উভতি অহাৰ সময়ত এ এছ -০১- বি ৱাই- ৪১৩৮ নম্বৰৰ এখন স্কৰপিও বাহন দুৰ্ঘটনাগ্ৰস্ত হয়।

দুৰ্ঘটনাটোৰ ফলত নলবাৰী শান্তিপুৰৰ কেইবাগৰাকী লোক আহত হয়। আহতসকলৰ ভিতৰত বিপুল বল্লভ শৰ্মাৰ ১৩ বছৰীয়া কন্যা সন্তান মৈত্ৰী পৰাশৰ গুৰুতৰ ভাবে আহত হয়।

আহত মৈত্ৰীক কুমাৰীকাটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।