পৃথক স্বায়ত্তশাসিত জিলা গঠনৰ দাবীত ইণ্ডিজেনাছ পীপলছ ফ’ৰামে দিয়া অনিৰ্দিষ্টকালীন হাফলং বন্ধত আজি ব্যাপক হিংসাৰ ঘটনা ঘটে।
বন্ধৰ সমৰ্থকে ৰাজপথত চলাচল কৰা যান-বাহনৰ ওপৰত আক্ৰমণ চলোৱাৰ উপৰি জ্বলাই দিয়ে চৰকাৰী বাহন।
পুৱাৰ পৰাই বন্ধক কেন্দ্ৰ কৰি হাফলঙৰ সামগ্ৰিক পৰিস্থিতি উত্তপ্ত হৈ পৰে।
পুৱাতে আৰক্ষী আৰু বন্ধ সমৰ্থকৰ মাজত সংঘাতৰ ফলত তিনিগৰাকী বন্ধ সমৰ্থক আহত হয়।
ইয়াৰ উপৰি মটৰ বাইক লৈ যোৱা এগৰাকী যুৱকক বন্ধ সমৰ্থকে আক্ৰমণ কৰাৰ ফলত আহত হয় যুৱকজন।
হিংসাত্মক ঘটনাৰ পিছত আই এছ এফৰ সভাপতি ডেভিদ কেইভমক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
দিনৰ ১২ মান বজাত হাফলঙৰ মহাদেব টিলাত জিলা ন্যায়ালয়ৰ চিভিল জজ পাঞ্চালী শ্যামৰ বাহনত বন্ধ সমৰ্থনকাৰীসকলে আক্ৰমণ চলায়।
আক্ৰমণত শ্যামৰ ব্যক্তিগত বাহনখন ক্ষতিগ্ৰস্ত হয়।
ইয়াৰোপৰি নিৰাপত্তাৰক্ষীৰ বাহনতো আক্ৰমণ চলাই বাহনৰ গ্লাছ ভাঙি দিয়ে বন্ধৰ সমৰ্থকসকলে।
দুপৰীয়া হাফলং চহৰৰ চিনোড ৰটাৰিৰ কাষতে বন বিভাগৰ ডি এফ’ অৰ চৰকাৰী বাহনখন ৰাজপথত জ্বলাই দিয়া হয়।
প্ৰাপ্ত তথ্য অনুসৰি ডি এফ অ’ ৰমেন দাস পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ পৰা এখন বৈঠক সামৰি চৰকাৰী আৱাসলৈ উভতি যোৱাৰ সময়তে বন্ধ সমৰ্থকৰ এটা গোটে তেওঁৰ বলেৰ’খনৰ পৰা নমাই চালকৰ পৰা ছাবিপাট লৈ বাহনত অগ্নি সংযোগ কৰে।
ঘটনাৰ আধা ঘণ্টাৰ পাছত জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱা আৰু আৰক্ষী অধীক্ষকক বীৰ বিক্ৰম গগৈ উপস্থিত হয়। ইয়াৰ পাছত অগ্নিনিৰ্ব্বাপক বাহিনী উপস্থিত হৈ বাহনৰ জুই নুমুৱায়।
মুঠতে আজি বন্ধৰ সময়ছোৱাত আৰক্ষী প্ৰশাসনৰ ব্যৰ্থতা স্পষ্ট হৈ পৰে। আনকি বন্ধৰ সমৰ্থকৰ আক্ৰমণত আৰক্ষীৰ বাহনো ক্ষতিগ্ৰস্ত হয়।
জিলা সদৰ হাফলঙত বন্ধৰ সামগ্ৰিক প্ৰভাৱ পৰাৰ উপৰি মাহুৰ চহৰতো বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হয়।
আনহাতে হাৰাংগাজাওত কিছুমান ব্যাৱসায়িক প্ৰতিষ্ঠান খোলা থকাৰ খবৰ পোৱা গৈছে।
শেহতীয়া খবৰ অনুসৰি তথ্য আৰু জনসংযোগ বিভাগৰ দুগৰাকী কৰ্মীৰ ওপৰত বন্ধ বিৰোধী গোটে চলোৱা আক্ৰমণত আহত হয়।