NORTHEAST NOW (Assamese)

অগপত সঞ্জীৱনী! মন্ত্ৰী অতুল-কেশৱৰ উপস্থিতিত অসম ছাত্ৰ পৰিষদত যোগদান যুৱক-যুৱতীৰ

September 27, 2021 11:57 am · নিৰ্মলেন্দু পাঠক ,টীয়ক
ফটো: নৰ্থইষ্ট নাও।

যোৰহাটত মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তৰ উপস্থিতিত দেওবাৰে অসম ছাত্ৰ পৰিষদত যোগদানৰ এক  কাৰ্যসূচী সম্পন্ন হয় l

যোৰহাট মুক্তি যুঁজাৰু ভৱনত যোগদান কাৰ্যসূচীৰ অনুষ্ঠানটো অনুষ্ঠিত হয় ৷

সভাত উপস্থিত থাকে অসম গণ পৰিষদ দলৰ সভাপতি তথা অসম চৰকাৰৰ কৃষি, পশুপালন আৰু অসম চুক্তি ৰূপায়ণ দপ্তৰৰ মন্ত্ৰী অতুল বৰাৰ লগতে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত।

উক্ত সভাত অসম গণ পৰিষদৰ অংশস্বৰূপ অসম ছাত্ৰ পৰিষদত যোগদান কৰে আছুৰ প্ৰায়  ৪০ জন, এন এছ ইউ ৱাইৰ ১২ জন আৰু ৰাইজৰ দলৰ প্ৰায় ১০ জনৰ লগতে বহু যুৱক-যুৱতী ৷

আনহাতে, যোগদান কাৰ্যসূচীৰ পিছতেই আগন্তুক উপ নিৰ্বাচনত মিত্ৰজোঁটেই জয়ী হব বুলি কয় মন্ত্ৰী অতুল বৰাই।

অনুষ্ঠানত উপস্থিত থাকি মন্ত্রী অতুল বৰাই লগতে কয় যে, স্বাধীনতাৰ  পিছত কংগ্ৰেছ দল দীঘলীয়া ক্ষমতাত আছিল। ৰাজ্যৰ স্বাৰ্থৰ হকে যদি কাম  কৰিলেহেঁতেন আজি এই পৰিস্থিতিৰ মুখামুখী হবলগীয়া ন’হলহেঁতেন।

উক্ত অনুষ্ঠানটিত উপস্থিত আছিল টীয়কৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা, অগপ কেন্দ্ৰীয় সমিতিৰ মহিলা সম্পাদিকা ধৰিত্ৰী বৰুৱা, যোৰহাট বিধান পৰিষদৰ সভাপতি ইন্দ্ৰজিৎ কাকতী, যোৰহাট জিলা পৰিষদৰ সৌৰভ প্ৰান বৰাৰ লগতে বিষয়ববীয়াসকল।

Related News