ছিকিমত ভয়াৱহ হিমস্খলন : শ শ লোক আৱদ্ধ, ৬ জনৰ মৃত্যু

ছিকিমৰ নাথু লা অঞ্চলত সংঘটিত হৈছে ভয়াৱহ হিমস্খলন। স্থানীয় সূত্ৰ অনুসৰি এই হিমস্খলনত ইতিমধ্যে কমেও ৬ জন লোকৰ মৃত্যু হৈছে।

জানিব পৰা মতে মঙলবাৰে পুৱা ১২:২০ বজাত সংঘটিত হৈছে এই ভয়ানক দুৰ্যোগটো।

হিমস্খলনত বহু পৰ্যটকো আবদ্ধ হৈ পৰাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় সূত্ৰই। ইতিমধ্যেই উদ্ধাৰৰ কাম আৰম্ভ কৰিছে প্ৰশাসন আৰু স্থানীয় লোকে।

মঙলবাৰে গেংটকৰ পৰা নাথু লালৈ গৈ থকাৰ অৱস্থাত পৰ্যটকৰ এখন গাড়ীত খুন্দা মাৰে হিমস্খলনৰ বৰফে। যাৰ ফলত ১৫ জন যাত্ৰী কঢ়িয়াই অনা এই গাড়ীখন পথৰ পৰা বাগৰি কেইবাফুটো দ খাৱৈত পৰি যায়।

ইতিমধ্যে গাড়ীখনৰ পৰা উদ্ধাৰ কৰা হৈছে কেইবাজনো পৰ্যটকৰ মৃতদেহ। লগতে সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে আন কেইবাজনো পৰ্যটকক। ইতিমধ্যে আহত পৰ্যটক সকলক ভাৰতীয় সেনাৰ বেছ কেম্পলৈ লৈ যোৱা হৈছে বুলি স্থানীয় সংবাদ মাধ্যমত খবৰ প্ৰকাশ পাইছে।

অৱশ্যে ছিকিম চৰকাৰ আৰু সেনাই এতিয়াও জানিব পৰা নাই হিমস্খলনত আহত আৰু নিহত হোৱা মুঠ লোকৰ সংখ্যা। ইতিমধ্যে সেনাই উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও হিমস্খলনৰ বাবে দুয়োফালে পথটো বন্ধ হৈ আছে। প্ৰশাসনৰ অনুমান অনুসৰি প্ৰায় ৩৫০ জন পৰ্যটক এটা মূৰত আবদ্ধ হৈ আছে আৰু ৪৫০ জন পৰ্যটক আনটো মূৰত আবদ্ধ হৈ আছে।

স্মৰ্তব্য যে, ছিকিমৰ চাংগু হ্ৰদ পৰ্যটন তথা সৌন্দৰ্যৰ বাবে অতিকৈ বিখ্যাত। এই হ্ৰ্দটোলৈ যোৱাৰ পথত বহু পৰ্যটক হিমস্খলনত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে।

নাথু লাৰ আশেপাশেও বহুতো পৰ্যটনস্থলী আছে। সেই ঠাইটো ইতিমধ্য বহু লোক আৱদ্ধ হৈ থকাৰ সন্দেহ প্ৰকাশ কৰিছে ছিকিমৰ প্ৰশাসনে।

নাথু লা পৰ্যটন কেন্দ্ৰ হোৱাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো গুৰুত্বপূৰ্ণ। চীন আৰু ভাৰতৰ মাজত বাণিজ্য নাথু লাৰ মাজেৰে চলি থাকে। এই অঞ্চলটো প্ৰাচীন ৰেচম পথৰ অন্তৰ্গত আছিল। ২০০৬ চনৰ পৰা ভাৰত আৰু চীনৰ মাজত নাথু লাৰ জৰিয়তে বাণিজ্য চলি আহিছে।

২০১১ চনত ছিকিমত হোৱা ভূমিকম্পৰ পিছত আৰু ২০১৭ চনত ডক্লাম ষ্টেণ্ডঅফৰ সময়ত নাথু লাৰ জৰিয়তে আমদানি আৰু ৰপ্তানি বন্ধ হৈ পৰিছিল। ডোক্লাম সংঘাতৰ বাবে চীনে কৈলাসমানস সৰোৱৰ যাত্ৰাও বন্ধ কৰি দিছিল। সীমান্তৰ পৰিস্থিতি উন্নত হোৱাৰ পাছত চীনে ভাৰতীয় তীৰ্থযাত্ৰীৰ বাবে নাথু লা মুকলি কৰাৰ সিদ্ধান্ত লয়। ১৯৬২ চনত চীন আক্ৰমণৰ সময়তো নাথু লাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।