• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যৌন সম্ভোগে আনিব পাৰে সুখ নিদ্ৰা – সমীক্ষাত ওলাল এই তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 24, 2023 3:52 pm
699
VIEWS
Share on FacebookShare on Twitter

আপোনাৰ বাৰু টোপনি পাতল নেকি? নাইবা বিচনাত পৰাৰ পিছত বহু পৰলৈকে নাহে নেকি টোপনি? তেন্তে আৰু চিন্তা নাই। কাৰণ সমীক্ষাই লৈ আনিছে টোপনি অহাৰ কৌশল।

জাৰ্নেল অৱ স্লিপ ৰিচাৰ্চ নামৰ এক গৱেষণা পত্ৰত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি নেদাৰলেণ্ডৰ গ্ৰ’নিংগেন বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে টোপনিৰ সম্পৰ্কে গৱেষণা কৰে। দম্পতী সকলৰ টোপনি ভাল হোৱাৰৰ আঁৰৰ কাৰণবোৰ জানিবলৈ গৱেষক দলটোৱে কৰিছিল এক বিশেষ সমীক্ষা।

গৱেষক দলটোৱে কৰা এই সমীক্ষাত মুঠ ২২৪ গৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে ইয়াৰে ৬৭ গৰাকী পুৰুষ আৰু ১৫৩ গৰাকী মহিলা।

প্ৰতিবেদনটোত প্ৰকাশ পৱা অনুসৰি, অংশগ্ৰহণকাৰী সকলৰ বাবে গৱেষক দলটোৱে প্ৰস্তুত কৰি উলিয়াইছিল কিছুমান বিশেষ প্ৰশ্ন।  এই পৰীক্ষাত অংশগ্ৰহণ কৰা সকলৰ ওপৰত ১৪ দিন ধৰি পৰীক্ষা চলাইছিল। এফালে তেওঁলোকক ধাৰাবাহিকভাৱে সজাই থোৱা প্ৰশ্নৰ  ডায়েৰী এখন দিয়া হৈছিল আৰু আনগাতে কিছুমান প্ৰশ্ন ইমেইল কৰা হৈছিল । ইমেইলত দিয়া প্ৰশ্ন সমূহৰ উত্তৰ তেওঁ লোকে যৌন সম্ভোগ কৰি উঠাৰ পিছত দিবলগা হৈছিল। এই অধ্যয়নত অংশগ্ৰহণ কৰা অধিকাংশই আছিল যুৱ মনোবিজ্ঞানৰ ছাত্ৰ।

মূল জৰীপ আৰম্ভ কৰাৰ আগতে অংশগ্ৰহণকাৰীসকলক কেইবাটাও প্ৰশ্নৰ উত্তৰ ডায়েৰীত লিখিবলৈ কোৱা হৈছিল। উদাহৰণস্বৰূপে, তেওঁলোকে টোপনি বুলিলে কি বুজাব বিচাৰিছে? আৰু যৌনতা বুলিলে কি বুজাব বিচাৰিছে? তেওঁলোকে টোপনি আৰু যৌন সম্পৰ্কৰ সম্পৰ্ক বুজি পায়নে? যিকোনো ধৰণৰ যৌন সম্পৰ্ক, যেনে যৌন সম্পৰ্ক বা হস্তমৈথুন বা মৌখিক যৌন সম্পৰ্ক কোনে পছন্দ কৰে? এইবোৰৰ উত্তৰ দিয়াৰ পিছত আৰম্ভ হয় প্ৰকৃত জৰীপ।

আনকি কাৰোবাৰ অনিদ্ৰাৰ ইতিহাস আছে নেকি? এই টোপনিৰ মাত্ৰা কেনেকুৱা – গভীৰ নে পাতল? এনেবোৰ তথ্য এই সমীক্ষাত সংগ্ৰহ কৰা হয়।

এই সমীক্ষাটো মূলতঃ ১৮ৰ পৰা ৫৮ বছৰীয়া লোকৰ মাজত সীমাবদ্ধ আছিল। কোনোবাই শোৱাৰ আগতে কিবা ঔষধ খায় নেকি? নে নিয়মিতভাৱে মদ খায়? তেনে তথ্যও সংগ্ৰহ কৰা হৈছিল। 

অধ্যয়ন আৰম্ভ হোৱাৰ আগতে বহুতে দাবী কৰিছিল যে শোৱাৰ আগতে হস্তমৈথুন কৰিলে টোপনি দ্ৰুত আৰু ভাল হয়। 

১৪ দিনৰ অন্তত অংশ্ৰহণকাৰী সকলৰ পৰা সকলো তথ্য সংগ্ৰহ কৰাৰ পিছত গৱেষকসকলে বিশ্লেষণ আৰম্ভ কৰে। প্ৰতিজন অংশগ্ৰহণকাৰীৰ তথ্য বিশ্লেষণ কৰি তেওঁলোকে দেখিলে যে শোৱাৰ আগতে তীব্ৰ অৰ্গাজম হোৱা দম্পতীয়ে কেৱল খৰকৈ টোপনি যোৱাই নহয়, তেওঁলোকৰ টোপনিও গভীৰ হয়।

ইয়াৰ পৰা গৱেষক সকলে নিৰ্ধাৰণ কৰে চৰম সুখ দিব পৰা যৌন সম্পৰ্ক বা হস্তমৈথুনে গভীৰ টোপনি মাতি অনাত সহায় কৰে।

Recent News

‘দ্ৰৌপদী প্ৰথা’! ‘পৰম্পৰা’ ৰক্ষা কৰি হিমাচলত দুই ভাতৃৰ সৈতে বিয়াত বহিল এগৰাকী যুৱতী

‘দ্ৰৌপদী প্ৰথা’! ‘পৰম্পৰা’ ৰক্ষা কৰি হিমাচলত দুই ভাতৃৰ সৈতে বিয়াত বহিল এগৰাকী যুৱতী

আতংকিত হোৱাৰ কোনো তাৎক্ষণিক কাৰণ নাই! ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ বৃহৎ নদী বান্ধ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

আতংকিত হোৱাৰ কোনো তাৎক্ষণিক কাৰণ নাই! ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ বৃহৎ নদী বান্ধ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

কংগ্ৰেছৰ দাবী: উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখাৰৰ পদত্যাগৰ পিছত আছে গভীৰ কাৰণ

কংগ্ৰেছৰ দাবী: উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখাৰৰ পদত্যাগৰ পিছত আছে গভীৰ কাৰণ

‘আদালতত হাজিৰ হোৱাৰ সাহসকনো নাই?’ জালিয়াতিৰ গোচৰত CBIৰ অনুপস্থিতিত ক্ষুব্ধ উচ্চতম ন্যায়ালয়

‘আদালতত হাজিৰ হোৱাৰ সাহসকনো নাই?’ জালিয়াতিৰ গোচৰত CBIৰ অনুপস্থিতিত ক্ষুব্ধ উচ্চতম ন্যায়ালয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd